নেশ্যনেল ডেস্ক, 10 জুলাই: পুনৰবাৰ শিৰোনাম দখল কৰিছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে । পিতৃ হ'বলৈ ওলাইছে ধ্ৰুৱ ৰাঠী । মঙলবাৰে অনুৰাগীক এই সুখবৰ দিলে ধ্ৰুৱ ৰাঠীয়ে । শেহতীয়াকৈ তেওঁ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত পত্নীৰ সৈতে কিছু ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ পত্নীয়ে তেওঁৰ বেবী বাম্প প্ৰদৰ্শন কৰা দেখা গৈছে । এই ছবিবোৰত ধ্ৰুৱৰ পত্নীয়ে ধূসৰ ৰঙৰ বডিকন ড্ৰেছত নিজৰ বেবী বাম্পটো প্ৰদৰ্শন কৰি আছে ।
ধ্ৰুৱ ৰাঠীয়ে পত্নীৰ সৈতে ছবি শ্বেয়াৰ কৰে
ধ্ৰুৱ ৰাঠীয়ে ৯ জুলাইত নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পত্নী জুলিৰ সৈতে কেইবাখনো ছবি শ্বেয়াৰ কৰিছিল । এই বিশেষ মুহূৰ্তবোৰ শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ ধ্ৰুৱ ৰাঠীয়ে কেপচনত লিখিছে যে ‘Baby Rathee coming in September’ ৷
জনাই দিও যে, এই ছবিবোৰত মানুহে বিভিন্ন মন্তব্য কৰি দম্পতীটোলৈ অভিনন্দন জ্ঞাপন কৰিছে । ১২ ঘন্টাৰ ভিতৰত ২৮ লাখৰো অধিক অনুৰাগীয়ে ধ্ৰুৱ ৰাঠীৰ এই পোষ্টটো লাইক কৰি অভিনন্দন জনাইছে ।
ধ্ৰুৱ-জুলিৰ বিষয়ে
জনাই দিও যে, ২০২১ চনৰ ২৪ নৱেম্বৰত অষ্ট্ৰিয়াৰ ভিয়েনাৰ বেলভেডেৰ পেলেচত প্ৰেয়সী জুলি এল বি আৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় ধ্ৰুৱ ৰাঠী । দৰাচলতে ধ্ৰুৱ ৰাঠীৰ জন্ম হৈছিল হাৰিয়ানাত । ইয়াৰ পিছত ধ্ৰুৱ ৰাঠীয়ে দিল্লীত পঢ়া-শুনা সাং কৰি জাৰ্মানীলৈ ঢাপলি মেলে । জাৰ্মানলৈ গৈ তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং আৰু এম.টেক কৰে । এই সময়তে তেওঁ জুলিৰ সৈতে সাক্ষাৎকাৰ হয় । বিবাহ বান্ধোনৰ পূৰ্বে ধ্ৰুৱ ৰাঠী আৰু তেওঁৰ প্ৰেমিকা বহু বছৰ ধৰি ইজনে আনজনক ডেট কৰি আছিল । এটা সাক্ষাৎকাৰত ধ্ৰুৱই কৈছিল যে, তেওঁ আৰু জুলি দুয়ো যেতিয়া ইজনে আনজনক লগ পাইছিল তেতিয়া তেওঁলোকৰ বয়স আছিল প্ৰায় ১৯ বছৰ ।
লগতে পঢ়ক: পুনৰবাৰ বিপদত এলভিছ; নয়ডা আৰক্ষীয়ে চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ বিখ্যাত ইউটিউবাৰগৰাকী