ETV Bharat / entertainment

ৰমজান মাহত পুত্ৰ-স্বামীৰ সৈতে মদিনালৈ গ’ল গৌহৰ খান, শ্বেয়াৰ কৰিলে সুন্দৰ ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:06 PM IST

Gauahar Khan Umrah : পবিত্ৰ ৰমজান মাহত পুত্ৰ জেহান আৰু স্বামী জাইদ দৰবাৰৰ সৈতে চৌদি আৰৱলৈ গৈছে গৌহাৰ । চৌদি আৰৱৰ পৰা গৌহৰ খানে নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ।

Gauahar Khan goes to Madina with her son-husband during Ramadan, shares video
মদিনালৈ গ’ল গৌহৰ খান

চিটাৰা ডেস্ক, ১৯ মাৰ্চ: বৰ্তমান অভিনেত্ৰী তথা মডেল গৌহৰ খানে নিজৰ কৰ্মৰ লগতে নিজৰ মাতৃত্বৰ সুখো উপভোগ কৰি আছে । ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় গৌহৰে নিজৰ জীৱনৰ সকলো আপডেট অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে । গৌহৰে নিজৰ পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনটোও অতি ভালদৰে চলাই নিচে । ইফালে পবিত্ৰ ৰমজান মাহত পুত্ৰ জেহান আৰু স্বামী জাইদ দৰবাৰৰ সৈতে চৌদি আৰৱলৈ গৈছে গৌহৰ ।

পুত্ৰ-স্বামীৰ সৈতে চৌদি আৰৱলৈ গ’ল গৌহৰ খান

গৌহৰ খানে চৌদি আৰৱৰ পৰা নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । এই ভিডিঅ’টোত তেওঁৰ বিমানবন্দৰৰ পৰা ছৌদি আৰৱলৈ যাত্ৰা আৰু তাত কটোৱা মুহূৰ্তবোৰৰ আভাস দেখা গৈছে । ভিডিঅ’টোত গৌহৰক আবায়া আৰু হিজাব পৰিধান কৰা দেখা গৈছে । ভিডিঅ’টো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে,‘‘চুবহান আল্লাহ ! দম্পতী হিচাপে আমি পিতৃ-মাতৃ হোৱাৰ যাত্ৰাৰ সপোন দেখিছিলোঁ আৰু আলহামদুলিল্লাহ আমি এই সুযোগ পাইছিলোঁ । মদিনা আমাৰ জেহানৰ সৈতে । আল্লাহে এই যাত্ৰা সকলোৰে বাবে সহজ আৰু সফল কৰক, আমিন।’’

বিয়াৰ পিচত প্ৰথমবাৰৰ বাবে স্বামীৰ সৈতে উমৰালৈ গৈছিল গৌহৰ

উল্লেখ্য যে, গৌহৰে ইয়াৰ পূৰ্বেও উমৰা হজ কৰিছিল । ২০২২ চনত বিবাহৰ মাত্ৰ কেইদিনমান পিচতে স্বামী জাইদ দৰবাৰ আৰু পৰিয়ালৰ সৈতে উমৰা হজলৈ গৈছিল অভিনেত্ৰীগৰাকী । তাৰ পৰা অভিনেত্ৰীগৰাকীয়ে বহু ছবি পোষ্ট কৰিছিল । এই ছবিসমূহ শ্বেয়াৰ কৰাৰ সময়ত গৌহৰে লিখিছিল, ‘‘মোৰ স্বামীৰ সৈতে উমৰাহ কৰাৰ সপোন বাস্তৱায়িত হ’ল ।’’

অৱশ্যে, এইবাৰ গৌহৰে নিজৰ পুত্ৰ জেহানৰ সৈতে উমৰালৈ গৈছে । যোৱা বছৰৰ ১০ মে’ত পুত্ৰ সন্তান জন্ম দিছিল গৌহৰে । বৰ্তমান অভিনেত্ৰীগৰাকীৰ পুত্ৰৰ বয়স ৯ মাহ । ইফালে পবিত্ৰ ৰমজান মাহ চলি আছে । এনে পৰিস্থিতিত গৌহৰে পুত্ৰ আৰু স্বামী জাইদ দৰবাদৰ সৈতে মদিনালৈ গৈছে । এতিয়ালৈকে অভিনেত্ৰীগৰাকীয়ে উমৰাহ কৰা নাই । মক্কালৈ গৈ পুত্ৰৰ সৈতে ওমৰাহ কৰিব গৌহৰ আৰু জাইদে ।

লগতে পঢ়ক: ৰমজান মাহত এনেদৰে জন্মদিন উদযাপন কৰিলে জৰীণ খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.