ETV Bharat / entertainment

অৰ্মেক্স হাৰ্টবিট তালিকাৰ শীৰ্ষ 5 টা বলীউড গানৰ ভিতৰত আছেনে আপোনাৰ প্ৰিয় গানটো ? - Top 5 Bollywood Songs

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 2:21 PM IST

Top 5 Bollywood Songs: চলিত বৰ্ষত এই পাঁচটা গীতে দৰ্শকক আটাইতকৈ বেছি মনোৰঞ্জন দিছে । এই তালিকাত সৰ্বকালৰ ব্লকবাষ্টাৰ ছবি স্ত্ৰী 2 ৰ 4 টা গীত অন্তৰ্ভুক্ত কৰা হৈছে । গীতসমূহ ইয়াত চাওক-

From Aaj Ki Raat to Tauba Tauba these are Top 5 Bollywood Songs in Ormax Heartbeat List
পাঁচটা শীৰ্ষ গীত (Songs Poster)

চিটাৰা ডেস্ক, 29 আগষ্ট : বৰ্তমান শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাও অভিনীত ভৌতিক কমেডি ছবি 'স্ত্ৰী 2' বাতৰিৰ শিৰোনামত আছে । 'স্ত্ৰী 2' ইয়াৰ ভৌতিক-কৌতুক সমলৰ লগতে ইয়াৰ গানৰ সৈতে হিট হৈ পৰিছে । ছবিখনৰ প্ৰায় সকলোবোৰ গানেই দৰ্শকে পছন্দ কৰিছে । এতিয়া অৰ্মেক্স মিডিয়াই 2024 বৰ্ষৰ শীৰ্ষ 5 টা গানৰ এখন তালিকা প্ৰকাশ কৰিছে, য’ত স্ত্ৰী 2 ৰেই চাৰিটা গান অন্তৰ্ভুক্ত হৈছে ।

আজ কি ৰাত

অৰ্মেক্স মিডিয়াৰ প্ৰতিবেদন অনুসৰি, 'স্ত্ৰী 2' ৰ আইটেম নাম্বাৰ আজ কি ৰাত তালিকাৰ এক নম্বৰত আছে । গানটোত দৰ্শকৰ মন-মগজু তামান্না ভাটিয়াৰ আবেদনময়ী নৃত্য ভংগীমাত আৱদ্ধ হৈ আছে । এই গীতটো অমিতাভ ভট্টাচাৰ্যই লিখিছে । গানটোত শচীন-জিগাৰে সংগীত দিছে আৰু গানটোত মাধুবান্তি বাগচী, দিব্যা কুমাৰ, শচীন-জিগাৰে কণ্ঠদান কৰিছে । গানটোৱে ইউটিউবত 160 মিলিয়নতকৈয়ো অধিক ভিউজ লাভ কৰিছে ।

আয়ী নেহী

অৰ্মেক্স মিডিয়াৰ শীৰ্ষ 5 টা গানৰ তালিকাত স্ত্ৰী 2 ৰ গান ‘আয়ী নেহী’ দ্বিতীয় স্থানত আছে । এই গানটোত শ্ৰদ্ধা কাপুৰৰ সৌন্দৰ্য আৰু ৰাজকুমাৰ ৰাওৰ ধেমেলীয়া শৈলীয়ে দৰ্শকক আকৰ্ষণ কৰিছে । এই গানটো দক্ষিণৰ বিখ্যাত কৰিঅ’গ্ৰাফাৰ জনি মাষ্টাৰে পৰিচালনা কৰিছে । অমিতাভ ভট্টাচাৰ্যইয়ে আয়ী নেহীৰ গীত লিখিছে । গানটো পৱন সিং, সিমৰণ চৌধুৰী, দিব্যা কুমাৰ আৰু শচীন জিগাৰে গাইছে । ই ইউটিউবত 90 মিলিয়ন ভিউজ লাভ কৰিছে ।

তৌবা-তৌবা

চলিত বৰ্ষত বিকী কৌশল আৰু তৃপ্তি ডিমৰী অভিনীত কমেডি ড্ৰামা বেড নিউজৰ গান তৌবা-তৌবা আটাইতকৈ বেছি হিট হৈছে । গান তৌবা-তৌবাত বিকী কৌশলৰ নৃত্যই সমগ্ৰ বিশ্বকে উন্মাদ কৰি তুলিছে । তৌবা-তৌবা গানটো পাঞ্জাৱী গায়ক কৰণ ঔজলাই লিখিছে আৰু গাইছে । তৌবা-তৌবাই ইউটিউবত 215 নিযুত দৰ্শন লাভ কৰিছে ।

খুবছুৰত

স্ত্ৰী 2 চলচ্চিত্ৰখনৰ ৰোমাণ্টিক গান খুবছুৰত অৰ্মেক্স মিডিয়াৰ তালিকাত চাৰি নম্বৰত আছে । এই গানটোত বৰুণ ধৱন আৰু ৰাজকুমাৰৰ সৈতে শ্ৰদ্ধা কাপুৰৰ ৰোমাঞ্চ দেখুওৱা হৈছে । অমিতাভ ভট্টাচাৰ্যই লিখা এই গানটো বিশাল মিশ্ৰা আৰু শচীন-জিগাৰে গাইছে । । গান খুবছুৰতে ইউটিউবত 30 মিলিয়নতকৈও অধিক ভিউজ লাভ কৰিছে ।

তুমহাৰে হি ৰহেংগে হম

বিশ্বব্যাপী বক্স অফিচত 600 কোটি টকা সংগ্ৰহৰ ওচৰ চপা স্ত্ৰী 2 চলচ্চিত্ৰখনৰ আন এটা ৰোমাণ্টিক গান তালিকাৰ পাঁচ নম্বৰত আছে । অমিতাভ ভট্টাচাৰ্যই এই গানটো লিখিছে । বৰুণ জৈন, শিল্পা ৰাও, শচীন-জিগাৰে একেলগে কণ্ঠদান কৰিছে গানটোত । সংগীত দিছে শচীন-জিগাৰে । গানটোৱে 25 মিলিয়নতকৈয়ো অধিক দৰ্শন লাভ কৰিছে ।

লগতে পঢ়ক : IFFM ত অনুৰাগীৰ সৈতে চেলফি তুলি অনুৰাগীক আমোদ দিলে ছিলভাৰ স্ক্ৰীণ তাৰকাই - Indian Film Festival of Melbourne

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.