ETV Bharat / entertainment

অসমীয়া চিনেমাৰ প্ৰচাৰ-প্ৰসাৰৰ লক্ষ্য়ৰে ' আখৰা ঘৰ চিনে ছ'চাইটি ' গঠন - Discussion on Assamese cinema - DISCUSSION ON ASSAMESE CINEMA

Jyoti Chitraban: তিনিদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে জ্যোতি চিত্রবনত অনুষ্ঠিত হৈছে আখৰা ঘৰৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস । আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী 'চিনেমাৰ বাবে এদিন' শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেইবাগৰাকী চলচ্চিত্ৰ পৰিচালকে ।

Jyoti Chitrabon
আখৰা ঘৰ ৩৫ বছৰীয়া প্ৰতিষ্ঠা দিৱস (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 8:24 PM IST

গুৱাহাটী, ১৫ জুন: গুৱাহাটী মহানগৰীস্থিত জ্যোতি চিত্রবনত শনিবাৰে অনুষ্ঠিত হয় 'চিনেমাৰ বাবে এদিন' শীৰ্ষক এক ব্য়তিক্ৰমী অনুষ্ঠান । ৩৫ বছৰ সম্পূৰ্ণ হোৱা আখৰা ঘৰৰ উদ্যোগত যোৱা ১৪ জুনৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানটোৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে আয়োজন কৰা হয় 'চিনেমাৰ বাবে এদিন'।

আখৰা ঘৰ ৩৫ বছৰীয়া প্ৰতিষ্ঠা দিৱস (ETV BHARAT ASSAM)

'চিনেমাৰ বাবে এদিন' অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় খ্য়াতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক ৰীমা দাসৰ লগতে পৰিচালক মঞ্জু বৰা, কন্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকা, অভিনেতা কমললোচন, দেৱজিৎ মজুমদাৰ, কৃপাল কলিতা, মঞ্জুল বৰুৱা, হিমজ্যোতি তালুকদাৰ, হিমাংশু প্ৰসাদ দাস, কেনি বসুমতাৰী, সৌৰভ দত্ত, পংকজ মহন্ত, নৱনীতা বৰা শৰ্মা, ৰাজেশ কুমাৰ ম'ৰ, দেবাংকৰ বৰগোহাঁই, সুব্ৰত‌ কাকতি, বিভূতিভূষণ হাজৰিকাকে আদি কৰি চলচ্চিত্ৰৰ লগত জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ।

আখৰা ঘৰৰ উদ্যোক্তা পংকজ দত্তই এই প্ৰসংগত কয় যে অসমীয়া চিনেমা নৱপ্ৰজন্মৰ মাজত লৈ যোৱাৰ লগতে নতুন নতুন অসমীয়া চিনেমাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাই হৈছে এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য । তেওঁ অসমীয়া চিনেমাৰ বাণিজ্য়িক দিশটো সামৰি লোৱা হ'ব বুলিও কয় ।

ইপিনে, এই অনুষ্ঠানটোত প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে শুকুৰবাৰে কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আযোজন কৰা হয় । ' চিনেমাৰ বাবে এদিন' শীৰ্ষক এক ব্য়তিক্ৰমী অনুষ্ঠানটোৰ কাইলৈ অৰ্থাৎ অন্তিম দিনা নাট প্ৰদৰ্শন কৰা হ'ব বুলি সদৰী কৰিছে আখৰা ঘৰৰ উদ্যোক্তা পংকজ দত্তই । ইপিনে, শুকুৰবাৰে ব্য়তিক্ৰমী অনুষ্ঠানতেই ৩৫ বছৰ সম্পূৰ্ণ হোৱা আখৰা ঘৰৰ উদ্যোগত 'আখৰা ঘৰ চিনে ছ'চাইটি ' নামৰ এক অনুষ্ঠানৰ জন্ম দিয়া হয় ।

লগতে পঢ়ক:CM at Jyoti Chitraban: জ্যোতি চিত্ৰবনত বীৰাংগনা সাধনী চলচ্চিত্ৰৰ মহুৰত অনুষ্ঠানত মুখ্যমন্ত্ৰী

দেশৰ প্ৰথমটো গ্ৰীণ ষ্টুডিঅ’ হিচাপে পৰিগণিত জ্যোতি চিত্ৰবন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.