ETV Bharat / entertainment

জেকলিন ফাৰ্নাণ্ডেজৰ বাসগৃহত অগ্নিকাণ্ড

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 10:28 AM IST

Fire in Jacqueline Fernandez's Building: বুধবাৰে নিশা মুম্বাইৰ বান্দ্ৰাৰ পালি হিল অঞ্চলত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ বাহগৃহত অগ্নিকাণ্ড সংঘটিত হয় । অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই ।

Fire breaks out in actress Jacqueline Fernandez's building in Mumbai's Bandra
জেকলিন ফাৰ্নাণ্ডেজৰ অট্টালিকাত অগ্নিকাণ্ড সংঘটিত

চিটাৰা ডেস্ক, ৭ মাৰ্চ: বুধবাৰে মুম্বাইৰ বান্দ্ৰা পশ্চিমৰ পালি হিলৰ নভৰোজ হিল ছ’চাইটিত অগ্নিকাণ্ড সংঘটিত হয় । অৱশ্যে এই অগ্নিকাণ্ড সংঘটিত হয় বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ বাসগৃহত ৷ কিন্তু এই ঘটনাত এতিয়ালৈকে কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই ।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, অট্টালিকাৰ ত্ৰয়োদশ মহলাৰ এটা পাকঘৰত অগ্নিকাণ্ড সংঘটিত হয় । এই বিল্ডিঙত অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ ৫ বিএইচকেৰ এটা বিলাসী এপাৰ্টমেণ্ট আছে । পিটিআইৰ উদ্ধৃতিৰে এগৰাকী বিষয়াই জনোৱা মতে, নিশা প্ৰায় ৮ বজাত নাৰ্গিছ দত্ত পথৰ এটা আৱাসিক অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হয় । ফোনযোগে ঘটনাৰ বিষয়ে অৱগত কৰা ব্যক্তিজনে জনোৱা মতে, নৱৰোজ ​​হিল ছ’চাইটিৰ ১৪ নং মহলাৰ এটা কোঠাত অগ্নিকাণ্ড সংঘটিত হৈছে ।

২০২৩ চনত জেকলিনে পালি হিলত ক্ৰয় কৰিছিল এটা এপাৰ্টমেণ্ট

উল্লেখ্য যে, ২০২৩ চনত মুম্বাইৰ বান্দ্ৰা পশ্চিমৰ প্ৰতিষ্ঠিত পালি হিলত জেকলিন ফাৰ্নাণ্ডেজে এটা বিলাসী এপাৰ্টমেণ্ট ক্ৰয় কৰিছিল । তেওঁৰ নতুন ঘৰৰ বাহিৰৰ অংশ দেখুওৱা এটা ভিডিঅ’ যোৱা বছৰৰ জুলাই মাহত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল । এই বিল্ডিঙত ছুইটছ, পেণ্টহাউচ, স্কাই ভিলা আৰু মেনচন সকলো সুবিধা আছে ।

পালি হিলত বহু জনপ্ৰিয় চেলিব্ৰিটিৰ ঘৰ আছে

পালি হিলত বহু জনপ্ৰিয় চেলিব্ৰিটিৰ বিলাসী ঘৰ আছে । ইয়াৰ ভিতৰত আছে ছাইফ আলী খান, কৰীণা কাপুৰ, ৰণবীৰ কাপুৰ, আলিয়া ভাট আদি বহু তাৰকা । ইয়াৰ উপৰিও ছুপাৰষ্টাৰ ছলমান খান আৰু শ্বাহৰুখ খানো মাত্ৰ কেইমিনিটমানৰ দূৰত্বত থাকে । খবৰ অনুসৰি ৰণবীৰ সিং আৰু দীপিকা পাডুকনেও এই ঠাইলৈ স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক: সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে দাখিল কৰা আবেদন প্ৰত্যাহাৰ কৰিলে জেকলিনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.