ETV Bharat / entertainment

অস্কাৰ একাডেমীৰ সদস্যৰূপে মনোনিত ৰীমা দাস - Rima Das in Oscar Academy list

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 5:44 PM IST

Rima Das in Oscar Academy list : অসমীয়া চিনেমাক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তুলিবলৈ সক্ষম হোৱা ৰীমা দাসৰ নাম অন্তৰ্ভুক্ত হৈছে 2024 বৰ্ষৰ অস্কাৰ একাডেমীৰ সদস্যৰ তালিকাত ৷ ৰীমা দাসৰ এই কৃতিত্বত গৌৰৱান্বিত সমগ্ৰ অসমবাসী ৷

Film Director Rima Das selected as Oscar Academy member for 2024
ৰীমা দাস (ETV Bharat)

চিটাৰা ডেস্ক, 26 জুন : 2017 চনৰ আগলৈকে ছয়গাঁৱৰ এই যুৱতীগৰাকীৰ নাম হয়তো বহুতে শুনাই নাছিল ৷ কোনেও চিনি পোৱা নাছিল চলচ্চিত্ৰৰ নামত নিজকে সপি দিব পৰা ৰীমা দাস নামৰ এই যুৱতীগৰাকীক ৷ ব্যৱধান মাত্ৰ সাত বছৰৰ ৷ আজি সমগ্ৰ বিশ্বই চিনি পাই ছয়গাঁৱৰ বোকা-মাটি গচকি, নিজেই কেমেৰা ধৰি, নিজেই কাহিনী ৰচনা কৰি, নিজেই পৰিচালনা কৰি উলিওৱা ‘ভিলেইজ ৰকষ্টাৰ্ছ’ ৰ নিৰ্মাতা ৰীমা দাসক ৷ কেৱল অসমৰে নহয়, বলীউডৰে নহয়, বিশ্বৰ চলচ্চিত্ৰ জগতৰ বাবে এতিয়া ৰীমা দাস এটা চিনাকি আৰু সন্মানীয় নাম ৷

2024 বৰ্ষৰ অস্কাৰ একাডেমীৰ সদস্যৰূপে মনোনিত হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক, অসমকন্যা ৰীমা দাসৰ ৷ ইয়াৰ পূৰ্বে এই সন্মানীয় সদস্যৰ পদত মনোনিত হৈছিল ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৈতে জড়িত আন দুগৰাকী কৃতিমান অসম সন্তান ৷

তেওঁলোক আছিল প্ৰখ্যাত চাউণ্ড ডিজাইনাৰ দেৱজিৎ চাংমাই (2018)আৰু অমৃত প্ৰীতম (2017) ৷ এই দুই সুদক্ষ অসমীয়াৰ পিচত এইবাৰ এই আসন শুৱনি কৰিবলৈ ৰীমা দাসৰ দৰে অত্যন্ত প্ৰতিভাৱান এগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা নিৰ্বাচিত হোৱাটো সমগ্ৰ অসম আৰু অসমবাসীৰ বাবেই গৌৰৱৰ বিষয় ৷

উল্লেখ্য যে, এইবাৰ অস্কাৰ একাডেমীৰ সদস্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বিশ্বৰ চলচ্চিত্ৰ জগতৰ সৈতে জড়িত সৰ্বমুঠ 487 গৰাকী বিশিষ্ট শিল্পী ৷ এইসকলৰ ভিতৰত ভাৰতীয় চলচ্চিত্ৰ জগতৰ আঠগৰাকী স্বনামধন্য ব্যক্তিও অন্তৰ্ভুক্ত হৈ আছে, য’ত অন্যতম হৈছে অসমকন্যা ৰীমা দাস ৷

২০১৭ চনৰ ভিলেইজ ৰকষ্টাৰ্ছ ছবিখনে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ৷ ৯০ সংখ্যক একাডেমী বঁটাৰ বাবে ভাৰতৰ পৰা শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত আনুষ্ঠানিকৰূপত প্ৰৱেশ কৰে ছবিখনে ৷ ভাৰতৰ আন ২৮খন এন্ট্ৰিৰ ভিতৰত অস্কাৰৰ বাবে নিৰ্বাচিত এইখন প্ৰথমখন অসমীয়া ছবি । এই ছবিখনে ভাৰতৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ সম্পাদকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ।

২০০৯ চনত দাসে প্ৰথমখন চুটি ছবি ‘প্ৰথা’ নিৰ্মাণ কৰে ৷ ২০১৩ চনত কলাৰ্ডিয়াত কেনন ডি এছ এল আৰ কেমেৰাৰে শ্বুটিং কৰা প্ৰথমখন বৈশিষ্ট্যপূৰ্ণ ছবি অন্তৰ্দৃষ্টি (মেন উইথ দ্য বাইনোকুলাৰছ)ৰ কাম আৰম্ভ কৰে তেওঁ । ২০১৬ চনত মুম্বাই চলচ্চিত্ৰ মহোৎসৱ আৰু টালিন ব্লেক নাইটছ চলচ্চিত্ৰ মহোৎসৱত অন্তৰ্দৃষ্টি প্ৰদৰ্শন কৰা হয় ।

ৰীমা দাসে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰশিক্ষণ লোৱা নাই ৷ ছবি এখন নিৰ্মাণৰ আঁৰত থকা সকলো কাৰিকৰী কাম তেওঁ নিজেই কৰে ৷

ভিলেইজ ৰকষ্টাৰ্ছৰ পিচতে চৰ্চালৈ অহা ৰীমা দাসৰ আন দুখন ছবি হ’ল বুলবুল কেন চিং আৰু তৰাজ হাচবেণ্ড ৷ দুয়োখন ছবিয়ে টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল ৷

লগতে পঢ়ক : ২০২৪ চনৰ একাডেমীৰ সদস্যৰ তালিকা আঠ ভাৰতীয় - Academy 487 members for 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.