ETV Bharat / entertainment

ধাইমাক নাৰাখে; নিজেই কন্যা সন্তানক লালন-পালন কৰিব দীপিকাই - Feed Burp Sleep Repeat

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 2:32 PM IST

Deepika Padukone: শেহতীয়াকৈ মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱা দীপিকা পাডুকনৰ বিষয়ে জানিবলৈ সকলো উৎসুক হৈ আছে । বিশেষকৈ বহুলোকে তেওঁলোকৰ দৈনন্দিন সূচীৰ বিষয়ে জানিব বিচাৰিছিল । শেহতীয়াকৈ, দীপিকা পাডুকনে নিজেই এই উৎকণ্ঠাৰ সমাপ্তি ঘটাই জনপ্ৰিয় সামাজিক মাধ্যম ইনষ্টাগ্ৰামত প্ৰকাশ কৰিলে দৈনিক সূচী ।

Deepika Padukone shares her daily routine
মাতৃত্বৰ পিচত কি সূচী অনুসৰণ কৰিছে দীপিকাই (ETV Bharat Assam)

চিটাৰা ডেস্ক,১৫ ছেপ্টেম্বৰ: শেহতীয়াকৈ মাতৃত্বৰ সুখ লাভ কৰিলে তাৰকা অভিনেত্ৰী দীপিকা পাডুকনে । যাক লৈ উৎফুল্লিত অভিনেত্ৰীগৰাকীৰ অনুৰাগী । মাতৃত্ব লাভৰ পাচত সন্তানক লালন-পালন কৰাৰ বাবে কেনেধৰণেৰে দৈনিক সূচী অনুসৰণ কৰিছে পাডুকনে, তাক জানিবলৈও আগ্ৰহী হৈ পৰিছিল অনুৰাগী ।

এনে উৎসুকতা অব্যাহত থকাৰ মাজতে দীপিকা পাডুকনে সলনি কৰে ইনষ্টাগ্ৰামৰ বায়' । যাৰ পৰা এতিয়া তেওঁৰ দৈনন্দিন সূচী সম্পূৰ্ণৰূপে সলনি হৈছে বুলি এক ধাৰণা কৰিছে অনুৰাগীসকলে । দীপিকা পাডুকনে বৰ্তমান তেওঁৰ কন্যাক সম্পূৰ্ণ সময় দি আছে । একে সময়তে, ছ'চিয়েল মিডিয়াত সন্তানটিৰ বাবে শুভেচ্ছা প্ৰেৰণ কৰা হৈছে কিন্তু অনুৰাগীসকলে এতিয়াও দীপিকা আৰু তেওঁৰ সন্তানৰ আপডেট পাবলৈ ব্যাকুল হৈ আছে । সেইকাৰণে অভিনেত্ৰীগৰাকীয়ে নিজেই ইনষ্টাগ্ৰামত নিজৰ বায়' সলনি কৰি তেওঁৰ দৈনন্দিন সূচীৰ আভাস দিয়ে ।

মাতৃ হোৱাৰ পিচত দীপিকাৰ দৈনিক সূচী কি ?

কিছুদিন পূৰ্বলৈকে, দীপিকাৰ ইনষ্টাগ্ৰাম বায়' আছিল 'ফলো ইয়ৰ ব্লিছ', যাক সলনি কৰি Feed, Burp, Sleep, Repeat লিখে বায়'ত । যাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোকে এতিয়া কণমানিজনীৰ প্ৰতি সম্পূৰ্ণমনোযোগ দিছে । একে সময়তে, শেহতীয়াকৈ বাতৰি আহিছে যে দীপিকাই তেওঁৰ কন্যাৰ লালন-পালনৰ বাবে কোনো ধাইমাক নাৰাখে । তেওঁ নিজেই কণমানিজনীৰ লালন-পালনৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব । একে সময়তে, দীপিকাই কিছু দিনৰ বাবে অভিনয়ৰ কেৰিয়াৰৰ পৰা বিৰতি লোৱাৰো সম্ভাৱনা প্ৰকট হৈছে ।

উল্লেখ্য যে, দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ৮ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে তেওঁলোকৰ প্ৰথম সন্তানক আদৰণি জনাইছিল । ফেব্ৰুৱাৰীত গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল অভিনেত্ৰীগৰাকীয়ে । এটা প'ষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছিল, "ছেপ্টেম্বৰ ২০২৪" । প'ষ্টটোত শিশুৰ কাপোৰ, শিশুৰ জোতা আৰু বেলুনৰ ছবি সংলগ্ন কৰিছিল । শেহতীয়াকৈ, দীপিকা আৰু ৰণবীৰে ইনষ্টাগ্ৰামত তেওঁলোকৰ গৰ্ভধাৰণৰ এক ফটোশ্বুট শ্বেয়াৰ কৰি তেওঁলোকৰ গৰ্ভধাৰণসম্পৰ্কে খবৰ দিছিল ।

লগতে পঢ়ক: নৱ মাতৃ-কন্যাক আশীৰ্বাদ দিবলৈ হাস্পতাল পালেগৈ মুকেশ আম্বানী - Mukesh Ambani Deepika Padukone

দীপিকা-ৰণবীৰৰ প্ৰেগনেন্সী ফটোশ্বুটে লৈ আনিলে প্ৰেমৰ বতৰা - Deepika Pregnancy Photoshoot

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.