ETV Bharat / entertainment

আজি বিয়া: কইনাৰ লগত নহয়, প্ৰাক্তন পত্নীৰ সৈতেহে দৰাৰ ফটো ভাইৰেল

দক্ষিণৰ ছবি উদ্যোগৰ এখন বহুচৰ্চিত বিয়া ৷ আগষ্টতেই হৈছিল এই বিয়াৰ এংগেজমেণ্ট ।

Fans want Samantha to delete her old pics with Naga Chaitanya amid his wedding with sobhita dhulipala
নাগা চৈতন্য-শোভিতা ধুলিপালাৰ বিয়াৰ মাজতে অন্য এখন ফটো ভাইৰেল (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : 10 hours ago

হায়দৰাবাদ : আজি ৪ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছে নাগা চৈতন্য আৰু শোভিতা ধূলিপালা । পিছে বিয়াৰ দিনা অন্য এখন ফটোৰ বাবেহে চৰ্চাত আছে নাগা ৷ ছ’চিয়েল মিডিয়াত সামান্থাৰ সৈতে এখন ফটোৰে দৃষ্টি আকৰ্ষণ কৰিছে নাগা চৈতন্যই ৷ তেওঁৰ প্ৰাক্তন পত্নী সামান্থাৰ সৈতে বিয়াৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । নেটিজেনসকলে ভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বহুতে আনকি ছ’চিয়েল মিডিয়াত সামান্থাক এই ফটোবোৰ ডিলিট কৰিবলৈ পৰামৰ্শ দিছে ।

সামান্থা আৰু নাগাৰ বিয়াৰ ফটো ভাইৰেল

সামান্থা আৰু নাগা চৈতন্য ২০১৭ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু ২০২১ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় । য’ত নেকি সামান্থাই বিভিন্ন বেমাৰৰ সৈতে মোকাবিলা কৰাৰ লগতে নিজকে বিভিন্ন প্ৰজেক্টত ব্যস্ত ৰাখিছে, সেই সময়তে নাগা আগবাঢ়ি গৈছে জীৱন যাত্ৰাত ৷ শোভিতা ধুলিপালাক বিয়া কৰাই যুগ্ম জীৱনৰ পাতনি মেলিবলৈ লৈছে অভিনেতাজনে । তাৰ মাজতে এতিয়া খ্ৰীষ্টান ৰীতি-নীতিৰে বিয়া হোৱা নাগা আৰু সামান্থাৰ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত সামান্থাই নাগাক চুম্বন কৰি আছে । সামান্থাই নাগাৰ জন্মদিনত এই ফটোখন পোষ্ট কৰিছিল । কেপশ্যনত লিখা আছে, “হেপি বাৰ্থডে মাই এভৰিথিং, মই শুভেচ্ছা বিচৰা নাই বৰঞ্চ প্ৰতিদিনে প্ৰাৰ্থনা কৰোঁ যাতে ভগৱানে তোমাক বিচৰা সকলোখিনি দিয়ে । মই তোমাক চিৰদিনৰ বাবে ভাল পাওঁ ।”

নেটিজেনৰ প্ৰতিক্ৰিয়া

ছ’চিয়েল মিডিয়াত ফটোখন ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলে মন্তব্য কৰিবলৈ আৰম্ভ কৰে । এজনে লিখিছে, “শক্তিশালী হৈ থাকক সাম, বহুত মৰম, আপুনি ইয়াতকৈ বেছি পোৱাৰ যোগ্য ।” আন এজনে লিখিছে, “চিন্তা নকৰিবা, ঈশ্বৰৰ পৰিকল্পনা সদায় ভাল ।” সামান্থালৈ সমৰ্থন জনোৱাসকলে মন্তব্য কৰে, “প্লিজ সামান্থা ডিলিট কৰক, তেওঁ বিচৰাখিনি পাইছে ।” ফটো ডিলিট কৰিবলৈ কৈ আৰু এজনে লিখিছে, “ডিলিট কৰক, এতিয়া কি কাম ?”

বিয়াত উপস্থিত থাকিবলগীয়া তাৰকাসকল

নাগা চৈতন্য আৰু শোভিতাৰ আজি বিয়া । আগষ্ট মাহত এই দম্পতীয়ে এংগেজমেণ্টৰ কথা ঘোষণা কৰিছিল । বুধবাৰে নিশা হায়দৰাবাদত অনুষ্ঠিত হ’ব এই বিবাহ । নাগা চৈতন্যৰ এয়া দ্বিতীয় বিবাহ । তেওঁৰ প্ৰথম বিবাহ আছিল সামান্থাৰ সৈতে । উল্লেখ্য যে নাগা আৰু শোভিতাৰ বিবাহ অন্নপূৰ্ণা ষ্টুডিঅ'ত হ'বলৈ গৈ আছে য'ত তেওঁলোকৰ ঘনিষ্ঠ লোকসকল উপস্থিত থাকিব । তেওঁলোকৰ বিয়াত বহু তাৰকাও উপস্থিত থাকিব । খবৰ অনুসৰি নাগাৰ্জুনে চিৰঞ্জীৱী, আল্লু অৰ্জুন, নয়নতাৰা, আক্কিনেনী আৰু দগ্গুবাটী পৰিয়াল, এন টি আৰ, ৰাম চৰণ আৰু উপাসনা, মহেশ বাবু আৰু নম্ৰতা শিৰোদকাৰকে ধৰি তেলুগু ছবি উদ্যোগৰ বহু তাৰকাক আমন্ত্ৰণ জনাইছে ৷

লগতে পঢ়ক : শ্বেৰৱানী পিন্ধি গাড়ীত উঠি কোনফালে ওলাল নাগা চৈতন্য ? - Naga Chaitanya marriage

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.