ETV Bharat / entertainment

বিহুৰ বাবে কেনেদৰে সাজু হৈছে কণ্ঠশিল্পী ৰূপম ভূঞা? - musician rupam bhuyan interview - MUSICIAN RUPAM BHUYAN INTERVIEW

Musician Rupam Bhuyan interview : বিহুৰ বাবে সাজু হৈছে কণ্ঠশিল্পীসকল । ন-পুৰণি বহুগীতৰ সম্ভাৰেৰে বিহুমঞ্চত গীত পৰিৱেশনৰ বাবে সাজু হৈছে কণ্ঠশিল্পী ৰূপম ভূঞা ।

etv bharat special interview with Musician rupam bhuyan regarding his bihu preparation and other projects
ৰূপম ভূঞা
author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 5:07 PM IST

Updated : Apr 4, 2024, 4:37 PM IST

ৰূপম ভূঞাৰ সাক্ষাৎকাৰ

গুৱাহাটী, 3 এপ্ৰিল : ফাগুনে লঠঙা কৰা গছবোৰত কুঁহিপাত ওলাইছে । কুলিৰ বিননিয়ে দিছে বসন্তৰ আগমনৰ বতৰা । বসন্তৰ পৰশত পুনৰ যৌৱনা হ'বলৈ সাজু হৈছে প্ৰকৃতি । চাওঁতে চাওঁতে আহি পালে হেপাঁহৰ ৰাঙলী বিহুটি ।

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিক আদৰিবলৈ এতিয়া সাজু হৈছে প্ৰতিগৰকী অসমীয়া । উজনিৰ পৰা নামনিলৈ চলিছে বিহুৰ প্ৰস্তুতি । সমান্তৰালকৈ সাজু হৈছে কণ্ঠশিল্পী সকলো । ন-পুৰণি বহুগীতৰ সম্ভাৰেৰে বিহুমঞ্চত গীত পৰিৱেশৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰতিগৰাকী কণ্ঠশিল্পী ৷

বিহুৰ বাবে সাজু হৈছে কণ্ঠশিল্পী ৰূপম ভূঞা । বহুকেইটা জনপ্ৰিয় গীতেৰে বিহুমঞ্চৰ পৰা দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৈছে শিল্পীগৰাকী । ৰাজ্যৰ লগতে বহিঃৰাজ্যতো প্ৰবাসী অসমীয়াসকলে আয়োজন কৰা বিহুত গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে ।

এইবাৰ বিহুৰ প্ৰস্তুতি সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰত শিল্পীগৰাকীয়ে কয়, "বিহু বুলি ক’লে আচলতে প্ৰতিগৰাকী অসমীয়াৰে বহু প্ৰস্তুতি থাকে । কণ্ঠশিল্পী হিচাপে আমাৰো কিছু প্ৰস্তুতি থাকে । বিহু অনুষ্ঠানসমূহৰ পৰা আমাক যিহেতু অনুষ্ঠান পৰিৱেশ কৰিবলৈ নিমন্ত্ৰণ জনোৱা হয় সেয়ে অন্য অনুষ্ঠানসমূহতকৈ বিহুৰ অনুষ্ঠানত এটা-দুটা বেলেগ গীত পৰিৱেশন কৰিবলগীয়া হয় । তেনেদৰেই প্ৰস্তুতি চলোৱা হৈছে । ন-পুৰণি কেইবাটাও গীতেৰে বিহুলৈ সাজু হৈছোঁ ৷"

উল্লেখ্য যে, লোকসভা নিৰ্বাচনে পৰোক্ষ বা প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছে বিহুৰ অনুষ্ঠানত । নিৰ্বাচনৰ বাবে বহুকেইখন বিহু সমিতিয়ে নিৰ্ধাৰণ কৰিব পৰা নাই বিহুৰ তাৰিখ । নিৰ্বাচনৰ প্ৰভাৱ বিহুৰ অনুষ্ঠানৰ ওপৰত পৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত শিল্পী গৰাকীয়ে কয়, "কিছুমান সমিতিয়ে অনুষ্ঠানৰ বাবে কথা পাতিছে যদিও তেওঁলোকে অনুষ্ঠানৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰিব পৰা নাই । কাৰণ এই অনুষ্ঠানসমূহত বৃহৎ অংকৰ ধন জড়িত হৈ থাকে ৷" নিৰ্বাচনে কেৱল বিহুৰ ওপৰতে নহয় আগন্তুক পাঁচ বছৰত আমাৰ জীৱন ধাৰণৰ ওপৰতো প্ৰভাৱ পেলাব বুলিও মন্তব্য কৰে শিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক : শীঘ্ৰে আহি আছে নতুন অসমীয়া ছবি "দ্য মিৰাজ" - New Assamese Film The Mirage

Last Updated : Apr 4, 2024, 4:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.