ETV Bharat / entertainment

যাৰ গঁতা খাই প্ৰথমটো অভিনয় কৰিছিল তেওঁকেই আজিলৈকে বিচাৰি নাপালে এইজন অভিনেতাই - Actor Dhananjay Debnath interview

author img

By ETV Bharat Entertainment Team

Published : Sep 2, 2024, 8:34 PM IST

Updated : Sep 3, 2024, 1:39 PM IST

Actor Dhananjay Debnath interview: ‘মিনি’ ছবিখনৰ বাবে ছাদ্ৰী ভাষা শিকিবলৈ গৈ কাৰ পৰা গালি খাবলগীয়া হৈছিল অভিনেতা ধনঞ্জয় দেৱনাথে ? কেনেদৰে আৰম্ভ হৈছিল তেওঁৰ অভিনয় যাত্ৰা ? অভিনেতাগৰাকীৰ প্ৰথম ছবিখন কি আছিল আৰু ছবিজগতৰ লগত কেনেদৰে জড়িত হ’ল ধনঞ্জয় দেৱনাথ ? ই টিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে ক'লে তেওঁৰ বিষয়ে আনে নজনা বহু কথা ।

actor dhananjay debnath
অভিনেতা ধনঞ্জয় দেৱনাথৰ যাত্ৰা (ETV Bharat Assam)

গুৱাহাটী, 2 ছেপ্টেম্বৰ : সচৰাচৰ টেলিভিছন বা ৰূপালী পৰ্দাত দেখি থকা অভিনেতা বা অভিনেত্ৰীসকল সকলোৰে পৰিচিত । কিন্তু সেই পৰিচিত তাৰকাসকলৰ সলনি আজি আমি জনাব বিচাৰিছো এনে এগৰাকী অভিনেতাৰ বিষয়ে, যিগৰাকী অভিনেতাই খুব কম সংখ্যক ছবিত অভিনয় কৰিছে, কিন্তু যি কেইখন ছবি বা যি চৰিত্ৰত অভিনয় কৰিছে সেই সমূহেৰে তেওঁ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে । সেইগৰাকী অভিনেতা হৈছে ধনঞ্জয় দেৱনাথ ।

ব্যতিক্ৰমী অভিনেতা ধনঞ্জয় দেৱনাথৰে বিশেষ সাক্ষাৎকাৰ (ETV Bharat)

অভিনেতাগৰাকীৰ অভিনয় যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল ?

Actor Dhananjay Debnath interview
নব্বৈ দশকৰ জনপ্ৰিয় দুৰদৰ্শন ধাৰাবাহিক 'সুৰুযমুখীৰ স্বপ্ন'ত ধনঞ্জয়-আদিল হুছেইন (ETV Bharat)

এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে জনাই, "অভিনয় কৰিম বুলি মই সপোনতো ভবা নাছিলো । কলেজত মই আচলতে এক ঘটনাক্ৰমে অভিনয়ৰ লগত জড়িত হৈ পৰিলো । কলেজত সেই সময়ত একক অভিনয়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । এইবোৰৰ পৰা মই বহুত দূৰত আছিলো ৷ কিন্তু মোৰ নামটো সেই প্ৰতিযোগিতাত কোনোবাই মনে মনে দি দিছিল । প্ৰতিযোগিতা চলি থাকোতে যেতিয়া মোৰ নাম ঘোষণা কৰা হৈছিল, তেতিয়া মই আচৰিত হৈ গৈছিলো ৷ সেইমুহূৰ্ততে মোক কোনোবা এজনে পিছফালৰ পৰা মঞ্চলৈ ঠেলা মাৰি দিছিল । তেনেকৈ মই মঞ্চলৈ সোমাই গ’লো আৰু হঠাৎ যি মনলৈ আহিছিল সেয়াই কৰি দিলো আৰু তেনেকৈয়ে আৰম্ভ হৈছিল মোৰ অভিনয় যাত্ৰা ।"

Actor Dhananjay Debnath interview
লাডেনত অন্য ৰূপত ধনঞ্জয় (ETV Bharat)

লগতে তেওঁ কৰা প্ৰথম কাম সন্দৰ্ভত কয়, "1987 ত যেতিয়া মই গুৱাহাটলৈ আহিলো তেতিয়া প্ৰথমে মই 'ভায়ামামা'ৰ লগত জড়িত হলো । তাৰ পাছত দূৰদৰ্শনৰ কেইবাখনো ধৰবাহিকত কাম কৰিলো ।"

প্ৰথম ছবিখন কি আছিল আৰু ছবিজগতৰ লগত কেনেদৰে জড়িত হ'ল ?

Actor Dhananjay Debnath interview
নেলীৰ কথা : ব্যতিক্ৰমী চৰিত্ৰত ধনঞ্জয় দেৱনাথ (ETV Bharat)

ছবিজগতত অভিনয় যাত্ৰাৰ সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, "মই অভিনয় কৰা প্ৰথম ছবিখন আছিল ‘মন যায়’ । তাৰ পাছত 'আছেনে কোনোবা হিয়াত', 'সেউজী ধৰণী ধুনীয়া', 'সমীৰণ বৰুৱা আহি আছে' আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছো । বৰ্তমানো কেইখনমান ছবিৰ কাম চলি আছে ।"

Actor Dhananjay Debnath interview
চাকনৈয়া... হৃদয়স্পৰ্শী এখন ছবি (ETV Bharat)

কিয় খুব কম সংখ্যক তথা বচা বচা চৰিত্ৰত অভিনয় কৰে অভিনেতাগৰাকীয়ে ?

"ইয়াৰ এটা কাৰণ আছে, অভিনয় এনে এটা বস্তু যদি ইয়াক ভালপোৱা নাযায় তেন্তে ইয়াক কৰি লাভ নাই । ইয়াৰ বাহ্যিকতাত গম পোৱা যায় । সেয়ে প্ৰথমতে অভিনয়ক ভাল পাব লাগিব । মই সেয়ে আগতীয়াকৈও স্ক্ৰীপ্টখন পঢ়ো আৰু বিষয়বস্তুটোৰ ভিতৰত সোমাই যাবলৈ চেষ্টা কৰো । সেয়ে চৰিত্ৰ মই ভাল পালেহে কৰো ৷ এনেই কিছু অযথা কাম মই নকৰো । মোৰ লগত বহুতে যোগাযোগ কৰে, তাৰে কিছুমান নাম মোৰ ভাল নালাগে, মহুৰতত গৈয়ো ছবি নকৰো বুলি লোৱা মোৰ সিদ্ধান্তৰ উদাহৰণ আছে ।"

Actor Dhananjay Debnath interview
মিনি : চাহ জনগোষ্ঠীয় জীৱনশৈলীৰ আধাৰত নিৰ্মিত ছবি (ETV Bharat)

অভিনেতা আদিল হুছেইনৰ লগত কি সম্পৰ্ক আছে অভিনেতাগৰাকীৰ ?

"বন্ধুতো বহুত আছে মোৰ ৷ কিন্তু, সন্মানীয় বন্ধু যাৰ লগত সম্পর্ক ভাতৃৰ দৰে, তেওঁ হৈছে আদিল হুছেইন । আদিল হুছেইন বুলি ক’লে বিশাল ব্যক্তিত্বৰ মানুহ এজনৰ কথাই মনলৈ আহে । বন্ধুত্ব বজাই ৰাখিব পৰা এগৰাকী ব্যক্তি তেওঁ । তেওঁৰ লগত কৰা বহু সংগ্ৰামৰ কাহিনীও আছে । এটা সময়ত আমাৰ খাবলৈ নাছিল, এসাজ ভাত আমি দুয়োজনে আধা আধাকৈ ভগাই খোৱা দিনো আমি একেলগে পাৰ কৰিছো ।"

Actor Dhananjay Debnath interview
অন্তৰংগ বন্ধু আদিল হুছেইনৰ সৈতে (ETV Bharat)

লগতে পঢ়ক : দুহাতৰ কলাৰ যাদুৰে জীৱনৰ জয়গান গোৱা শিল্পীগৰাকী... - Nuruddin Ahmed durga puja statue

Last Updated : Sep 3, 2024, 1:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.