ETV Bharat / entertainment

চিকাৰ-লণ্ডন-ভিছা, ছবিৰ শ্বুটিঙত পৰিচালকেই নাছিল ! - Sikaar Assamese Movie - SIKAAR ASSAMESE MOVIE

Sikaar movie Zubeen Garg: ছবিগৃহত এতিয়া স-গৌৰৱে চলি আছে অসমীয়া ছবি চিকাৰ । যোৱা 20 ছেপ্টেম্বৰত মুক্তিলাভ কৰা ছবিখন বৰ্তমান ৰাজ্যৰ 60 টা ছবিগৃহত চলি আছে । ছবিখনৰ মুক্তিৰ পাছত টীম চিকাৰৰ সৈতে ই টিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ-

etv bharat exclusive interview with team sikaar movie crosses 1 CR mark in just 3 days
চিকাৰৰ যাত্ৰা (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Sep 23, 2024, 5:44 PM IST

গুৱাহাটী, 23 ছেপ্টেম্বৰ : ছবিগৃহত এতিয়া স-গৌৰৱে চলি আছে অসমীয়া ছবি চিকাৰ । বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ' এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখন ৰাজ্যৰ প্ৰায় 60 টা ছবিগৃহত 229 টা দর্শনীত বৰ্তমান চলি আছে । অসমৰ চাহ উদ্যোগৰ অন্ধকাৰ দিশটো উন্মোচন কৰাৰ লগতে, অসমৰ চাহৰ জনপ্ৰিয়তা থকা স্বত্বেও উদ্যোগটোত কম মজুৰি, মহিলাৰ প্ৰতি অত্যাচাৰ আৰু শ্ৰমিকসকল অসহায়তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ দৰে কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ 70 শতাংশ শ্বুটিং লণ্ডনত কৰা হৈছে ।

অসমীয়া ছবিত অধিকাংশ বাহিৰৰ পটভূমি থকা এইখনেই হৈছে প্ৰথমখন অসমীয়া ছবি । ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা দেবাংকৰ বৰগোঁহাইৰ । আনহাতে প্ৰযোজনা চেম ভট্টাচাৰ্যৰ । ছবিখনৰ মুক্তিৰ পাছত টীম চিকাৰৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ই টিভি ভাৰতক কলা-কুশলীসকলে জনালে ছবিখন সন্দৰ্ভত বহু কথা ।

টীম 'চিকাৰ'ৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

'চিকাৰ' শ্বুটিঙত লণ্ডনলৈ যাব পৰা নাছিল পৰিচালক দেবাংকৰ বৰগোঁহাই

প্ৰথমে ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালকগৰাকীয়ে কয়, “ছবিখনৰ পৰিকল্পনা আছিল দীৰ্ঘদিনীয়া । প্ৰায় দুবছৰ পৰা আমি ছবিখনৰ চিত্ৰনাট্যৰ কাম কৰিছিলো । ছবিখনৰ শ্বুটিং আমাৰ ইয়াতো হৈছে, লণ্ডনতো হৈছে । ছবিখনত আমি কিছু কিছু নতুনত্ব দিব বিচাৰিছো । VFX ৰ পৰা আৰম্ভ কৰি ভিন্ন ধৰণৰ নতুন নতুন টেকনিকেল কাম ছবিখনত কৰা হৈছে ।”

ইফালে ভিছা বাতিল সম্পর্কে পৰিচালকগৰাকীয়ে কয়, “প্ৰথমত অৱস্থাত আমি অকণমান অসুবিধাৰ সন্মুখীন হৈছিলো । প্ৰথম অৱস্থাত আমাৰ টীমৰ বহু কেইজনৰে ভিছা বাতিল হৈছিল । পৰৱৰ্তী সময়ত কেইগৰাকীমানে ভিছা লাভ কৰে যদিও মোৰখন নহ’ল । তাতো আমি কিছুমান টেকন'লজি ব্যৱহাৰৰ কৰিবলগীয়া হৈছিল । জুম কল আদিৰ জৰিয়তে ইয়াৰ পৰা যিমান পাৰি সিমান পৰিচালনাৰ কাম কৰা হৈছিল । কিন্তু কি কাৰণত ভিছা বাতিল হ'ল সেয়া আজিও আমাৰ কাৰণে সাঁথৰ হৈয়ে ৰ’ল ।”

ছবিখন সন্দৰ্ভত প্ৰযোজক চেম ভট্টাচাৰ্যৰ মন্তব্য

‘চিকাৰ ছবিখনত পূৰ্বে অসমীয়া ছবিত নথকা বহু নতুনত্ব প্ৰদান কৰা হৈছে । ৰাইজ আহক ছবিখন উপভোগ কৰক । আমি অসমীয়া ছবি উদ্যোগটো আগুৱাই নিবৰ বাবে আগবাঢ়ি আহিছো । ছবিখন নিৰ্মাণ কৰোতে পৰিচালকৰ ভিছা বাতিলৰ পৰা আৰম্ভ কৰি বহুতো অবাঞ্চিত পৰিস্থিতিৰো সন্মুখীন হ'বলগীয়া হৈছে’, এই মন্তব্য চেম ভট্টাচাৰ্যৰ ৷

দৰ্শকক কি অনুৰোধ জনালে অভিনেতা অন্তৰীক্ষ চহৰীয়াই

মুক্তিৰ পাছতে সামাজিক মাধ্যমত বহুতে ছবিখনক লৈ সমালোচনা কৰাও পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত আৰু ছবিখনৰ সম্পৰ্কে মন্তব্য কৰি ছবিখনৰ অভিনেতা অন্তৰীক্ষ চহৰীয়াই কয়, “খুব ধুনীয়া, খুব সুন্দৰ এখন ছবি । এইখন এখন অসমীয়া ছবি, যেতিয়া হিন্দী ছবি এখন মুক্তি লাভ কৰে তেতিয়া বেয়া হ’লেও দৰ্শকে চাবলৈ যায় । সেয়ে মই সকলোকে এটাই আহ্বান জনাইছো যে ছবিখন প্ৰথমে আপোনালোকে চাই লওক, ছবিখন চাই ভাল বেয়াখিনি জনাওক । কিন্তু আনে কৈছে বা কিবা কমেণ্ট চাই ছবিখন নাচাও বুলি নক'ব ।”

দ্বিতীয়খন চিনেমা চিকাৰৰ মুখ্য অভিনেত্ৰী ধ্যানী মহনৰ মনৰ ভাৱ

“চিকাৰ এখন খুব সুন্দৰ ছবি । লগতে ছবিখনৰ দ্বাৰা খুব সুন্দৰ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে । প্ৰেমৰ পৰা আৰম্ভ কৰি বন্ধুত্ব, একশ্যন আদি সকলো ছবিখনত আছে । মই ভাবো আমি আমাৰ অসমীয়া ছবিক সমৰ্থন কৰিব লাগে । গতিকে সকলো ওলাই আহক আৰু ছবিখন উপভোগ কৰক ৷”

উল্লেখ্য যে, ছবিখনত এজন আদিবাসী ল’ৰা 'শংকৰ'ৰ চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে । ইফালে জুবিনৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছে ধ্যানী মহনে । লগতে আন আন চৰিত্ৰসমূহত অভিনয় কৰিছে আদিল হুছেইন, সিদ্ধাৰ্থ শৰ্মা, অন্তৰীক্ষ চহৰীয়া, যতীন খনিকৰ, সঞ্জীৱ বুঢ়াগোঁহাই, নীলা শইকীয়া, কৌশিক ভৰদ্বাজ, দেৱজিৎ দাস, সুবিল বাৰ্গ, কুশল কুমাৰ গগৈ, কৃষ্টি বৰা, লিপিকা বৰা, আদিতি গগৈ, শংখ প্ৰতীম, গুণীনৰ লগতে লণ্ডনৰ অভিনেতা পল অ' নীল, ফান্সৰ অভিনেতা মিৰকো কুইনী আৰু মুম্বাইৰ অভিনেতা প্ৰতীক দীক্ষিতে ।

লগতে পঢ়ক : চিকাৰ কৰিবলৈ ছবিগৃহত দৰ্শকৰ লানি নিছিগা ভিৰ - Zubeen Grag Film Sikaar

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.