ETV Bharat / entertainment

প্ৰতি সপ্তাহতে চিনেমা মুক্তি পোৱাটো শুভ লক্ষণ নে ? কি কয় বুলু ফিল্মৰ স্ৰষ্টাই - Himanshu Prasad Das Joy Hanu man

author img

By ETV Bharat Entertainment Team

Published : 11 hours ago

Himanshu Prasad Das interview: এখন নতুন অসমীয়া চিনেমা, নাম জয় হনুমেন ৷ অলপ ব্যতিক্ৰমধৰ্মী বিষয়েৰে দৰ্শকক ভিন্ন ধৰণৰ স্বাদ দিবলৈ চেষ্টা কৰা যুৱ পৰিচালক, চিত্ৰনাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ জয় হনুমেন শীৰ্ষক চিনেমাখন বৰ্তমান বাতৰিৰ শিৰোনামত আছে ৷ চলিত বৰ্ষৰ 18 অক্টোবৰত মুক্তি পাবলগীয়া চিনেমাখনৰ প্ৰচাৰ জোৰদাৰ গতিত চলাইছে পৰিচালকসহ ছবিখনৰ টীমটোৱে ৷

etv bharat exclusive interview with film director Himanshu Prasad Das
হিমাংশু প্ৰসাদ দাস (ETV Bharat Assam)

চিটাৰা ডেস্ক, 19 ছেপ্টেম্বৰ : হিমাংশু প্ৰসাদ দাস, যাৰ নাম শুনিলেই মানুহৰ মনলৈ আহে ‘এইবাৰ বা ৰূপালী পৰ্দাত কি দেখুৱাব’ ধৰণৰ কথা ! লকডাউনৰ সময়ছোৱাত সাধাৰণ মানুহৰ জীৱনলৈ নামি অহা অন্ধকাৰ দিনবোৰৰ কথা সামৰি তেওঁ যেতিয়া ‘বুলু ফিল্ম’ শীৰ্ষক ছবিখন দৰ্শকলৈ আগবঢ়াই দিছিল, তেতিয়াৰ পৰাই তেওঁৰ নাম বহুলভাৱে চৰ্চিত ৷ ছবিখনৰ মুক্তিৰ পিছত সমালোচনা-প্ৰশংসা দুয়োটাই পাইছিল তেওঁ ৷ ‘বুলু ফিল্ম’ নামটোৰ বাবে যথেষ্ট বিতৰ্কও হৈছিল ৷ পিছে ছবিখন চলিল, সমাজখনে লাভ কৰিলে এটা সুন্দৰ বাৰ্তা ৷

‘বুলু ফিল্ম’ ৰ পিছত হিমাংশু প্ৰসাদ দাসে কেবাখনো চুটি ছবিৰ কাম কৰে ৷ এতিয়া শেহতীয়াকৈ তেওঁ দৰ্শকৰ মনোৰঞ্জনৰ বাবে লৈ আহিছে জয় হনুমেন শীৰ্ষক এখন নতুন অসমীয়া চিনেমা ৷ চিনেমাখন সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক উপাসনা নাথৰে সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত পৰিচালকগৰাকীয়ে জনালে বহু কথা ৷ এই বিশেষ প্ৰতিবেদনটো আগলৈ পঢ়ক-

বৰ্ধিত অনুৰাগীৰ সংখ্যাত বিশ্বাস নকৰে হিমাংশু প্ৰসাদ দাসে

কাৰোবাৰ এক মিলিয়ন অনুৰাগী থাকে, কাৰোবাৰ মাত্ৰ এশজন অনুৰাগীহে থাকে ৷ পিছে এই অনুৰাগীৰ সংখ্যাত পৰিচালকগৰাকীয়ে বিশ্বাস নকৰে ৷ তেওঁৰ আগন্তুক ছবিৰ প্ৰচাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁৰ ভাষ্য কিছু এনেধৰণৰ যে ফুটপাথত লগ পোৱা এজন সাধাৰণ ব্যক্তি নতুবা আটাইতকৈ ডাঙৰ নিউজ চেনেল এটাৰ জৰিয়তে ছবিৰ প্ৰচাৰ কৰাৰ মাজত বিশেষ পাৰ্থক্য নাই ৷ দুয়োটা ক্ষেত্ৰতে কেৱল প্ৰচাৰ কৰাজনৰ আগ্ৰহ আৰু গুৰুত্ব থাকিলেই হ’ল ৷

হনুমেন নামটো পৰিচালকৰ মনলৈ কিদৰে আহিল ?

প্ৰথমে পৰিচালকগৰাকীলৈ আহিছিল এখন একশ্যনধৰ্মী চিনেমা কৰাৰ প্ৰস্তাৱ ৷ কোনোদিনে একশ্যনৰ বিষয়বস্তুক লৈ ছবিৰ কথা নভবা দাসৰ বাবে আছিল এয়া এক নতুন বিষয় ৷ তেওঁ আজিলৈকে কৰা কোনো এখন ছবিতো একশ্যন নাই বুলিয়েই ক’ব পাৰি ৷ প্ৰথমাৱস্থাত তেওঁ একশ্যনধৰ্মী ছবিক লৈ আগ্ৰহো প্ৰকাশ কৰা নাছিল ৷ কিন্তু সেই প্ৰস্তাৱ পোৱাৰ পিছতে তেওঁৰ মনলৈ আহিছিল হনুমেন কনচেপ্টটো ৷ এই হনুমেন শব্দটো তেওঁ বহুদিন আগতেই সমূদ্ৰ কাজল শইকীয়াৰ এটা লিখাত পাইছিল বুলি উল্লেখ কৰে ৷ স্পাইডাৰমেন, ছুপাৰমেনৰ দৰেই হনুমেন বুলিও তেওঁ মন্তব্য কৰে ৷ শব্দটো মনলৈ অহাৰ পিছত তেওঁ হনুমেনৰ চৰিত্ৰটো লৈ কাহিনী ভাবিবলৈ আৰম্ভ কৰে ৷ তেনেকুৱাতে তেওঁৰ মনলৈ আহে সমগ্ৰ অসম কঁপাই যোৱা এটা সঁচা ঘটনা ৷ তেনেদৰেই তেওঁৰ চকুৰ আগত ভাঁহি আহিবলৈ ধৰিলে বিভিন্ন চৰিত্ৰ ৷ এই সঁচা ঘটনা আৰু তেওঁৰ মনলৈ অহা চৰিত্ৰৰেই হনুমেনৰ কাহিনী আগবাঢ়ে ৷

তেওঁৰ ভাষ্য, ‘চিনেমাখনৰ আৰম্ভণি হৈছিলে এখন একশ্যনধৰ্মী চিনেমা কৰাৰ প্ৰস্তাৱেৰে ৷ কিন্তু পিছলৈ সঁচা ঘটনাৰ আধাৰত ইয়াৰ কাহিনী আগবাঢ়ে ৷ এই চিনেমাখনত গোটেই অসমে জনা, অসম কঁপি যোৱা এটা ঘটনা আছে ৷’

সঁচা ঘটনা দৰ্শকৰ আগত দাঙি ধৰোতে কেতিয়াবা কাৰোবাৰ টাৰ্গেটলৈ অহাৰ ভয় আছেনে হিমাংশু প্ৰসাদ দাসৰ ?

এজন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে হিমাংশু প্ৰসাদ দাসে অনুভৱ কৰে যে দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে প্ৰকৃত বাৰ্তা এটা দিয়াটোও তেওঁৰ কৰ্তব্য ৷ তেওঁৰ ভাষ্য, ‘সঁচা কথা কোৱাটোৱে শিল্পীৰ কাম ৷ মই যিহেতু কোনো ধৰণৰ দুই নম্বৰী কাম কৰা নাই, মই ভয় কৰিবলগা কি আছে ?’ দেশৰ সংবিধান আৰু আইন-কানুনক বিশ্বাস কৰাৰ কথা উল্লেখ কৰি তেওঁ অৱশ্যে ন্যায় ব্যৱস্থাত সংশোধনৰ প্ৰয়োজন আছে বুলিও কয় ৷

ব্যক্তিগত ক্ষোভৰ নামত কোনোবাই আইন হাতত তুলি লোৱাৰ পক্ষপাতী নহয় হিমাংশু প্ৰসাদ দাস ৷ আইন-শৃংখলা বজাই ৰখাটো দেশৰ প্ৰতিজন লোকৰে দায়িত্ব বুলি উল্লেখ কৰে তেওঁ ৷ ‘এজন মানুহে যেতিয়া আইন হাতত তুলি লয় তেতিয়া সেই ঘটনাক অপৰাধ বুলি কোৱা হয়, কিন্তু এখন দেশৰ জনতাই যেতিয়া আইন হাতত তুলি লয়, তেতিয়া তাক বিপ্লৱ বুলি কোৱা হয় ’, এই মন্তব্য কৰি তেওঁ দেশত সাময়িক বিপ্লৱৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷

চিনেমা, গান, নাটক কেৱল মনোৰঞ্জনৰ একমাত্ৰ মাধ্য়ম নহয় বুলি বিশ্বাস কৰা দাসে প্ৰতিগৰাকী শিল্পীৰে এটা সামাজিক দায়বদ্ধতা থাকে বুলি মত প্ৰকাশ কৰে ৷ পিছে প্ৰতিজন দৰ্শকে চিনেমাগৃহলৈ কেৱল এটা বাৰ্তা পাম বুলিওটো চিনেমা চাবলৈ নাযায় ৷ বহুতে নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আহৰি বিচাৰিও কিছু সময় উপভোগ কৰিবলৈ যায় ৷ সেই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, ‘সকলো মানুহ সকলো ধৰণৰ চিনমো চাবলৈ নাযায় ৷ সকলোৰে নিচা বেলেগ বেলেগ ৷ চিনেমা হলটো ক্লাছৰূম নহয় ৷ এইটো এটা চিনেমা হল হয় ৷ জয় হনুমেন চিনেমাখনে সেই সকলোবোৰ কথাই মনত ৰাখিছে ৷ চিনেমা হলত দৰ্শকে ফূৰ্তি কৰিবলৈ আহে, আমি কিন্তু ফূৰ্তি কৰিব পৰাকৈয়ে ব্যৱস্থা কৰিছো ৷ কিন্তু ফূৰ্তিৰ মাজতে যদি হলৰ পৰা ওলাই যাওতে দৰ্শকে এটা চিন্তা পায়, ঘৰলৈ গৈ আলোচনা কৰিবলৈ যদি এটা বিষয় পায়, তেন্তে তাত ক্ষতি কি ?’

ঘনাই ছবিৰ মুক্তিয়েহে থিয় কৰাব পাৰিব অসমীয়া বোলছবি জগত

মৰহি যাব ধৰা জলীউড হিমাংশু প্ৰসাদ দাসৰ দৰে ব্যক্তিৰ প্ৰচেষ্টাতে জী উঠিছে বুলি ক’লেও মিছা কোৱা নহ’ব ৷ বিভিন্ন কনচেপ্টেৰে চুটি ছবি, বোলছবি নিৰ্মাণ কৰি মৃতপ্ৰায় অৱস্থাৰ পৰা আজিৰ এই পৰ্যায়ত উপনীত কৰাইছে জলীউডক তেওঁলোকৰ দৰে নিৰ্মাতাই ৷ পিছে সকলোৰে মনলৈ আহিছে এটা কথা যে যেতিয়া নাছিল ইণ্ডাষ্ট্ৰীটো একোৱেই নাছিল আৰু এতিয়া প্ৰায় প্ৰতি সপ্তাহতে আহে এখনকৈ চিনেমা ! অসমীয়া মানুহে চাই জানো ঘৰৰ পৰা ওলাই গৈ ইমানকৈ চিনেমা ? প্ৰতি সপ্তাহতে চিনেমা মুক্তি পোৱাটো শুভ লক্ষণ বুলি ভাবেনে বুলি সোধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত দাসে কয়, ‘মই শুভ লক্ষণ বুলি ভাবো ৷ বছৰত চাৰিখন পাঁচখনকৈ চিনেমা মুক্তি হৈ এটা ইণ্ডাষ্ট্ৰী গঢ়ি উঠিব নোৱাৰে ৷ ইণ্ডাষ্ট্ৰী তেতিয়াহে হ’ব যেতিয়া বেছি চিনেমা আহিব ৷ আৰু বেছি চিনেমা যেতিয়া আহিব তেতিয়া সকলোৰে মাজত প্ৰতিযোগিতাৰ মনোভাৱ আহিব, সকলোৱে নিজৰ কাম ভালকৈ কৰিবলৈ বাধ্য হ’ব ৷’

‘সকলোৱে সকলো ধৰণৰ চিনেমা চাবলৈ এনেও নাহে ৷ সকলোৰে স্বাদ বেলেগ ৷ গতিকে সপ্তাহে সপ্তাহে চিনেমা মুক্তি পালেও কথা নাই যদিহে অসমৰ গাঁৱে-ভূঞে অজস্ৰ চিনেমা হল গঢ়ি উঠে ৷ চিনেমা হল কম হোৱাৰ বাবে পৰিচালকে চিনেমা কমকৈ নিৰ্মাণ কৰিব বুলিতো কথা নাই ৷ বৰ্তমান ওলাই অহা নৱ-প্ৰজন্মৰ পৰিচালক আৰু অভিনেতা-অভিনেত্ৰীসকল বছৰটোত তিনি চাৰিখন চিনেমা কৰি আগবাঢ়িব নোৱাৰে’, এই মন্তব্যৰে তেওঁ সাক্ষাৎকাৰৰ সামৰণি পেলায় ৷

লগতে পঢ়ক : জয় হনুমান নহয় এইবাৰ কওক "জয় হনুমেন" - Jai Hanu man

কান্ধত গদা লৈ শীঘ্ৰে আহি আছে হনুমেন - Jay Hanu man

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.