ETV Bharat / entertainment

সংগীতশিল্পী-সন্ন্যাসীৰ সংযোগে কি বতৰা আনিব দৰ্শকলৈ ?

এদল নৱপ্ৰজন্মৰ প্ৰচেষ্টাত ডিচেম্বৰ মাহত আহি আছে ‘ডেকা সন্ন্যাসী’, এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি । জানি লওক ক’ত কেতিয়া মুক্তি লাভ কৰিব ছবিখনে-

etv bharat exclusive interview with director Harsh Siddhanta regarding his independent film Deka Xoinnaxi
ডেকা সন্ন্যাসীৰ পোষ্টাৰ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

গুৱাহাটী: সামাজিক মাধ্যমযোগে মুক্তি লাভ কৰিব এখন নতুন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবিয়ে । হৰ্ষ সিদ্ধান্ত আৰু শক্তি মুছাহাৰীৰ প্ৰযোজনাৰে নিৰ্মিত এই আহিবলগীয়া ছবিখনৰ কাহিনী আৰু পৰিচালনা হৈছে হৰ্ষ সিদ্ধান্তৰ ।

ছবিখনৰ নামটো হৈছে ‘ডেকা সন্ন্যাসী (The Millennial Monks)’ । ২২ ডিচেম্বৰত ‘মুভীছেইণ্ট (MovieSaints)’ নামৰ অনলাইন প্লেটফৰ্মটোত মুক্তিলাভ কৰিব ছবিখনে । ছবিখন সন্দৰ্ভত পৰিচালক হৰ্ষ সিদ্ধান্তৰ সৈতে ই টিভি ভাৰতৰ এক টেলিফনিক বাৰ্তালাপ-

এখন স্বতন্ত্ৰ চলচ্চিত্ৰ

“এইখন এখন সম্পূৰ্ণ ইণ্ডিপেণ্ডেণ্ট ছবি হিচাপে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিলো । বিগত বৰ্ষৰ মে’, জুন মাহৰ পৰাই ছবিখন নিৰ্মাণ কৰাৰ পৰিকল্পনা আৰম্ভ হৈছিল । ছবিখন আমি ছবিগৃহতে মুক্তি দিয়াৰ পৰিকল্পনাৰে নির্মাণ কৰিছিলো যদিও বিভিন্ন কাৰণত ছবিখন ছবিগৃহত মুক্তি দিয়া পৰিৱৰ্তে আমি অনলাইনত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলো ।”

etv bharat exclusive interview with director Harsh Siddhanta regarding his independent film Deka Xoinnaxi
অভিনেতা বিভূতি ভূষণ হাজৰিকা (ETV Bharat Assam)

ছবিখনৰ কাহিনীৰ আধাৰ কি ?

“ছবিখনত মূল দুটা চৰিত্ৰ আছে । এগৰাকী সংগীতশিল্পীৰ কাহিনীৰে আগবাঢ়ে ছবিখন ৷ মানে এগৰাকী সংগীতশিল্পীৰ কেনেধৰণৰ কষ্ট থাকিব পাৰে, আজিৰ দিনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ কেনেধৰণৰ সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হয়, সেইবোৰ দেখুওৱা হৈছে ৷

ডেকা সন্ন্যাসীৰ দলটো (ETV Bharat Assam)

সংগ্ৰামৰ সময়তে এগৰাকী সন্ন্যাসীৰ সৈতে তেওঁৰ যোগাযোগ ঘটে । সেই সন্ন্যাসীগৰাকীও সম্পূৰ্ণ এক আধ্যাত্মিক পথত আগবাঢ়ি গৈ আছিল । এক ঘটনাক্ৰমে সন্ন্যাসীজন আৰু সংগীতশিল্পীগৰাকী মহানগৰীত লগা-লাগি হয় । তাৰ পাছত তেওঁলোকে এনেকুৱা এখন জালত ভৰি দিয়ে যিবোৰ বৰ্তমান সমাজত সচৰাচৰ ঘটি আছে । তেনেকুৱা এক ঘটনাৰ আধাৰতে ছবিখন নিৰ্মাণ কৰা হৈছে ।”

শ্বুটিঙৰ সময়ৰ ফটো (ETV Bharat Assam)

নিৰ্মাতাই লগতে আৰু কয়, “আমি কেতিয়াবা বিপদত পৰি আমাৰ সৰ্বোচ্চ মানসিক শক্তি হেৰুৱাই পেলাওঁ, ঠিক তেনে এক বিষয়বস্তুৰ ওপৰতেই নিৰ্মাণ হৈছে ছবিখন । বস্তুগত পৃথিৱীখনত কেতিয়াবা কিছুমান ব্যক্তিয়ে নিজৰ মাজত থকা প্ৰতিভা, সৎ ইচ্ছা আৰু সাহসবোৰৰ সৈতে যুঁজি নিজক হেৰুৱাই পেলায় । ছবিখনত তেনে কাহিনীয়েই দেখিবলৈ পাব দৰ্শকে ।”

‘ডেকা সন্ন্যাসী’, এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি (ETV Bharat Assam)

ছবিখনত অভিনয় কৰিছে আলিস্মিতা গোস্বামী, যতীন হাজৰিকা, বিভূতি ভূষণ হাজৰিকা, ৰঞ্জীৱলাল বৰুৱা, পুলক নিশাচৰ, দীপক কুমাৰ ৰয়, জাৱেদ আখটাৰ আৰু শক্তি মুছাহাৰীয়ে । দৃশ্যগ্ৰহণ কৰিছে নগেন বৈশ্যই, সম্পাদনা গৌতম মজুমদাৰৰ । ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে জ্যোতি চেতিয়াৰ লগতে বিজিএম লিয়ন শৰ্মাই ।

লগতে পঢ়ক : এগৰাকী সংগীতপ্ৰেমীক সুঁৱৰি প্ৰথমবাৰৰ বাবে যোৰহাট সংগীত মহোৎসৱ-২০২৪ ৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.