ETV Bharat / entertainment

এইবৰ্ষৰ ৰাসত কোন হ’ব কৃষ্ণৰ মাতৃ আৰু কোন হ’ব প্ৰেমিকা ? - RAAS MAHOTSAV 2024

উজনিৰ পৰা নামনিলৈ এতিয়া ৰাসৰ প্ৰস্তুতি ৷ সাজু হৈছে অভিনেতা-অভিনেত্ৰীসকলো । জানো আহকচোন এইবাৰ ৰাসত কোন কোন অভিনেত্ৰীয়ে ৰূপায়ণ কৰিব দৈৱকী আৰু ৰাধাৰ চৰিত্ৰত ?

Raas mahotsav
ৰাসৰ প্ৰস্তুতি (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 9, 2024, 11:02 AM IST

গুৱাহাটী : সমাগত ৰাস মহোৎসৱ । উজনিৰ পৰা নামনিলৈ চলিছে এতিয়া ৰাসৰ প্ৰস্তুতি । নামনিত যদি মূৰ্তি ৰাস, উজনিত আকৌ চলিছে জীৱন্ত ৰাসৰ প্ৰস্তুতি । ৰাস সমিতিসমূহৰ লগতে সাজু হৈছে অভিনেতা-অভিনেত্ৰীসকলো ।

কণ্ঠশিল্পী দীপলিনা ডেকা, অভিনেত্ৰী ভ্ৰান্তি মেধি, সীমা বৰুৱা, গায়ত্ৰী বৰা, মেঘৰঞ্জনী আদিকে ধৰি কেইবাগৰাকী অভিনেত্ৰী এতিয়া সাজু হৈছে আগন্তুক ৰাস মহোৎসৱৰ বাবে । ৰাসৰ প্ৰস্তুতি সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বার্তালাপত অভিনেত্ৰীসকলে জনালে তেওঁলোকৰ প্ৰস্তুতিৰ কথা -

ৰাসৰ বাবে কেনেদৰে সাজু হৈছে অভিনেত্ৰী ভ্ৰান্তি মেধি

অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে কয়, “ৰাসৰ আৰম্ভণি মোৰ ১৫ তাৰিখৰ পৰা হ’ব । প্ৰথম ৰাস লখিমপুৰত আছে । লগতে আন কেইবাখনো সমিতিৰ লগত কথা-বতৰা চলি আছে ৷ তাৰ ভিতৰত ৬ খনৰ লগত ফাইনেল হৈছে । যিহেতু তাৰিখবোৰ একেলগে হয়, সেইবাবে কিছুমান বাতিল কৰিবলগীয়া হৈছে । লখিমপুৰৰ নাওবৈছাৰ পৰা আৰম্ভণি হ’ব তাৰ পাছত বিহপুৰীয়া, গোলাঘাটৰ লগতে এইবাৰ গুৱাহাটীৰ মালিগাঁৱত আছে । মালিগাঁৱত মই প্ৰথমবৰাৰ বাবে কৃষ্ণৰ ভাও ল’ম, আনহাতে বাকীবোৰত দৈৱকী, ৰাধাৰ ভাও ল’ম ।”

গুৱাহাটীৰ ৰাসখনত অসমীয়া চলচ্চিত্ৰ জগতৰ বহুখিনি অভিনেতা-অভিনেত্ৰী থাকিব । লগতে বাকী ঠাইত স্থানীয় শিল্পীসকলৰ লগতে ভাওনা বা ৰাসৰ লগত জড়িত আমন্ত্ৰিত শিল্পী থাকিব ।

লগতে পঢ়ক : ৰাসৰ আখৰাত ব্যস্ত মাজুলীয়াল

ভ্ৰান্তিয়ে লগতে কয়, “২০০৬ চনত মই অভিনয় জগতত খোজ পেলাইছিলো আৰু ২০০৭ চনত বিহুৰ কৰ্মশালাৰ বাবে মই উজনি অসমৰ ফালে গৈছিলো । তেতিয়া মোক ঘিলামৰাত প্ৰথম ৰাসৰ বাবে কৈছিল । মই যিহেতু নামনিৰ আৰু আমাৰ ফালে জীৱন্ত ৰাস-ভাওনা আদি নাছিল সেইবাবে ৰাস কি বস্তু মই বুজিয়ে পোৱা নাছিলো । যিহেতু আমাৰ ফালে মূৰ্তি ৰাস হয় । তেতিয়া মই তাত থাকি ৫-৬ দিন মান আখৰা কৰিছিলো । তেনেকৈয়ে মই ৰাস শিকিলো ।”

ৰাসৰ বাবে কেনেদৰে সাজু হৈছে অভিনেত্ৰী সীমা বৰুৱা ?

“ৰাস আহি আছ মনটো বৰ ভাল লাগিছে । সৌভাগ্যবশত এইবর্ষৰ মোৰ প্ৰথম ৰাসৰ আৰম্ভণি ১৫ নৱেম্বৰত মাজুলীত হ’ব । তাত মই দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিম । আৰু দ্বিতীয়খন ১৬ তাৰিখে বিহপুৰীয়াত আছে । তাত মই এইবাৰ বেলেগ ধৰণৰ চৰিত্ৰত অভিনয় কৰিম । বাকী পাছৰ ফালেও আছে, তাত মই দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিম । বিগত ২ বছৰ ধৰি নিয়মীয়াভাৱে মই ৰাস কৰিয়ে আছো । মোৰ ৰাসৰ আৰম্ভণি ক’ৰণাৰ আগত হৈছিল । তেতিয়া মই গোপী নাচিবলৈ গৈছিলো । আনহাতে যোৱা দুবছৰত মই বেছিভাগ দৈৱকীয়ে কৰিছো তাৰ মাজে মাজে যশোদাও কৰিছো ।”

কেনেদৰে সাজু হৈছে অভিনেত্ৰী গায়ত্ৰী বৰা ?

“ৰাসৰ প্ৰস্তুতি বুলি ক’লে ১৬ নৱেম্বৰত মোৰ বিশ্বনাথ জিলাত আছে । তাত মই দৈৱকীৰ চৰিত্ৰত ভাও দিম । যিহেতু ১৫-১৬ নৱেম্বৰত ৰাসসমূহ হয় গতিকে এটা বা দুটা ঠাইতকৈ বেছি ঠাইত ল’বলৈ অসুবিধা হয় । পাছত যিবোৰ ৰাস হ’ব তাৰ বাবে কথা বতৰা চলি আছে, তাৰ ভিতৰত লখিমপুৰ, নগাঁও আদি ঠাইত কথা বতৰা চলি আছে । বিশ্বনাথত মোৰ লগতে প্ৰীয়ম পল্লৱী, দীপলীনা থাকিব । দীপলীনাই ৰাধাৰ ভাও ল’ব ।”

লগতে পঢ়ক : নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত ৯১ সংখ্যক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি, ৰাসলৈ আহিব ৰাম-সীতা

উজনিৰ পৰা নামনিলৈ কেনেদৰে সাজু হৈছে ৰাস সমিতিসমূহ ?

সত্ৰনগৰী মাজুলীত এতিয়া চলিছে ৰাসৰ প্ৰস্তুতি । খোল-তাল, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈছে সত্ৰনগৰী মাজুলী । ৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে মাজুলীৰ সত্ৰ আৰু মঞ্চসমূহ । শিশুকৃষ্ণৰ জন্মলীলাৰ লগতে সম্পূৰ্ণ মহাৰাসৰ আখৰাত ব্যস্ত এতিয়া শিল্পীসকল । মাজুলীত ১২ খন সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত অনুষ্ঠিত হ’ব ৰাস ।

ইফালে, নলবাৰীৰ পবিত্ৰ শ্ৰীশ্ৰী হৰি মন্দিৰত ৯১ সংখ্যক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । অহা ১৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈকে তেৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৯১ সংখ্যক শ্ৰীশ্ৰী ৰাস মহোৎসৱ । এইবর্ষৰ ৰাস মহোৎসৱ উদ্বোধন কৰিব হিন্দী ধাৰাবাহিক ‘ৰামায়ণ’ত ৰাম-সীতাৰ চৰিত্ৰত অভিনয় কৰা দুই শিল্পী অৰুণ গোভিল আৰু দীপিকা চিখলীয়াই । লগতে ৰামায়ণ ধাৰাবাহিকতে অভিনয় কৰা ১৭ গৰাকী শিল্পীয়ে পৰিৱেশন কৰিব ‘‘ৰাস মধুৰম’’ শীৰ্ষক এক মনোমোহা অনুষ্ঠান ।

উল্লেখ্য যে, মৃণ্ময়মূৰ্তি প্ৰধান নলবাৰীৰ ৰাসত বিগত দুবছৰৰ দৰে এইবাৰো সমাহাৰ ঘটিব পুতলা ৰাস আৰু জীৱন্ত ৰাসৰ । আনহাতে ১৫ ৰ পৰা ২৯ নৱেম্বৰলৈকে ১৫ দিনীকৈ অনুষ্ঠিত হ’ব ৫৭ সংখ্যাক হাউলিৰ ৰাস ।

লগতে পঢ়ক : ৰাসলৈ বেছি দিন নাই; মুখা তৈয়াৰত ব্যস্ত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীসকল

লগতে পঢ়ক : মাজুলী ৰাস আৰু ১৮৫ বছৰীয়া পৰম্পৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.