চিটাৰা ডেস্ক, ৫ মাৰ্চ: বলীউডৰ অভিনেতা ইমৰাণ হাছমী এইকেইদিন চৰ্চাত তেওঁৰ আগন্তুক ৱেব ছিৰিজ ‘শ্ব’টাইম’ৰ বাবে । এতিয়া এই ছিৰিজখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে অভিনেতাগৰাকী । ইয়াৰ মাজতে এতিয়া ইমৰাণে নেপোটিজমৰ বিষয়টোক লৈ মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰিছে ৷
কংগনা ৰনৌতৰ নেপোটিজমৰ অভিযোগৰ প্ৰতিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে । ইমৰাণে কয় যে কংগনাই নেপোটিজমৰ ওপৰত দিয়া বক্তব্যই তেওঁক আচৰিত কৰি তুলিছে ।
শেহতীয়াকৈ সংবাদ মাধ্যমেৰে হোৱা এক সাক্ষাৎকাৰত ইমৰাণে কয়,‘‘কংগনাক মোৰ বহুত ভাল লাগে । এগৰাকী ভাল অভিনেত্ৰী হোৱাৰ উপৰিও তেওঁ এগৰাকী ভাল ব্যক্তিও । উদ্যোগটোত তেওঁৰ অভিজ্ঞতা হয়তো ভাল নাছিল । তেওঁৰ লগত এটা হিট ছবি ‘গেংষ্টাৰ’ দিছো । সেই ছবিখনত খলনায়কৰ চৰিত্ৰটো পাইছিলোঁ যদিও কংগনা মুখ্য চৰিত্ৰত আছিল । সেই ছবিখন আছিল সম্পূৰ্ণ নাৰীকেন্দ্ৰিক । আনহাতে কংগনা সেই সময়ত উদ্যোগটোত নতুন আছিল । এনে পৰিস্থিতিত মই বুজি নাপাওঁ কিয় এই নেপোটিজমৰ বিষয়টো আহিল । সমগ্ৰ উদ্যোগটোক ড্ৰাগছ আসক্ত বুলি ক’ব নোৱাৰি । এইটো একেবাৰে ভুল ।’’
ইমৰাণে লগতে কয়, ‘‘ক’ভিড আৰু সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিচত উদ্যোগটোত নেপোটিজমৰ বিষয়টো অতি উত্তপ্ত হৈ পৰিছে । মই নিজেই চলচ্চিত্ৰৰ পটভূমিৰ পৰা আহিছো আৰু মোৰ বিশ্বাস যে আমাৰ বাবে ছবি জগতত প্ৰৱেশ কৰাটো অলপ সহজ । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলো আমাৰ বাবে পৰিবেশন কৰি দিয়া হয় । মই মানি লওঁ যে বাহিৰৰ মানুহৰ বাবে ছবিত প্ৰৱেশ কৰাটো অতি কঠিন । এইটো মই নিজেই দেখিছোঁ । ছবিত কাষ্ট পোৱাৰ কথা পাহৰি যাওক, কেৱল পৰিচালকৰ লগত কথা পতাটোও ডাঙৰ কথা ।’’
ইমৰাণৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে শেহতীয়াকৈ তেওঁক ছলমান খানৰ ‘টাইগাৰ ৩’ত দেখা গৈছিল । এই ছবিখনত তেওঁ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল, যিটো দৰ্শকে অতিশয় ভাল পাইছিল । এতিয়া তেওঁক অতি সোনকালে তেওঁৰ ৱেব ছিৰিজ শ্ব’টাইমত দেখা যাব । শেহতীয়াকৈ ইয়াৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে, যিয়ে দৰ্শকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছিল ।
উল্লেখ্য যে, এই ৱেব ছিৰিজখনত ইমৰাণৰ উপৰিও নাছিৰুদ্দিন শ্বাহ, মহিমা মাকৱানা, মৌনি ৰয়, ৰাজীৱ খাণ্ডেৱাল, শ্ৰিয়া সৰণ, বিজয় ৰাজকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । মিহিৰ দেশাইৰ পৰিচালনাত নিৰ্মিত এই ছিৰিজখন অহা ৮ মাৰ্চত ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাব ।
লগতে পঢ়ক: অনন্যা পাণ্ডে-আদিত্য ৰয় কাপুৰৰ প্ৰেমৰ সম্পৰ্কক গ্ৰীণ চিগনেল দিলে ৰণবীৰ কাপুৰে !