মুম্বাই: শুকুৰবাৰে বলীউড অভিনেত্ৰী শিল্পা শ্বেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ লগতে আন একাংশৰ চৌহদত বলবৎকাৰী সঞ্চালকালয়ে অভিযান চলায় । অশ্লীল বিষয়বস্তুৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত এই অভিযান চলে ৷ খবৰ অনুসৰি মুম্বাই আৰু উত্তৰ প্ৰদেশৰ প্ৰায় ১৫ টা স্থানত তালাচী চলোৱা হৈছে । তদন্তটো ম’বাইল এপ্লিকেশ্যন আৰু অন্যান্য মাধ্যমৰ জৰিয়তে অশ্লীল সামগ্ৰী বিতৰণৰ অভিযোগত সন্দেহযুক্ত লোকৰ ভূমিকাৰ সৈতে জড়িত । ইডিৰ এই অভিযানৰ ভিতৰত কুন্দ্ৰাৰ জুহুৰ বাসগৃহকে ধৰি প্ৰায় ১৫টা চৌহদ অন্তৰ্ভুক্ত হৈ আছে ।
গোটেই ঘটনাটো কি
শিল্পা শ্বেট্টীৰ স্বামী কুন্দ্ৰা কেইবামাহো ধৰি ইডিৰ নিৰীক্ষণত আছে ৷ কুন্দ্ৰাক ২০২১ চনত অশ্লীল ছবি নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল । দুমাহ জেলত থকাৰ পাছত ২০২১ চনৰ ছেপ্টেম্বৰৰ পৰা জামিনত আছে কুন্দ্ৰা । মুম্বাই আৰক্ষীয়ে ২০২১ চনত এগৰাকী ছোৱালীৰ অভিযোগত কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । ছোৱালীজনীয়ে কুন্দ্ৰাৰ বিৰুদ্ধে চিনেমা আৰু অ’টিটিত কাম পোৱাৰ নামত অশ্লীল বিষয়বস্তু সৃষ্টি কৰিবলৈ বাধ্য কৰা বুলি অভিযোগ উত্থাপন কৰিছিল । এই কামৰ বিনিময়ত কুন্দ্ৰাই বৃহৎ টকা উপাৰ্জন কৰি আছে । ইয়াৰ পিছত আৰক্ষীয়ে পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰা স্থানত অভিযান চলাই কুন্দ্ৰাসহ ১১জন লোকক গ্ৰেপ্তাৰ কৰে ।
এইবোৰ ক্ষেত্ৰতো নাম আছে ৰাজ কুন্দ্ৰাৰ
ইডিৰ গোচৰ অনুসৰি মিষ্টাৰ কুন্দ্ৰাই তেওঁৰ কোম্পানী আৰ্মস্পাইম মিডিয়া প্ৰাইভেট লিমিটেডক অশ্লীল বিষয়বস্তু থকা এপৰ বাবে ব্যৱহাৰ কৰিছিল । ইয়াৰ উপৰিও দাবী কৰা হৈছে যে আৰ্মস্পাইমে ব্ৰিটেইনৰ কেনৰিন প্ৰাইভেট লিমিটেডক এই এপটো বিক্ৰী কৰাত সহায় কৰিছিল, যিয়ে কুন্দ্ৰাক অশ্লীল কণ্টেণ্ট ষ্ট্ৰীমিং কৰাত সহায় কৰিছিল । ইডিয়ে ২৭ নৱেম্বৰত জাননী দিছিল, তাৰ পিছত ইডিৰ দলটো আজি পুৱা ৬ বজাত শিল্পাৰ ঘৰত উপস্থিত হয় । এইবোৰৰ বাহিৰেও ৰাজ বহু গোচৰত জড়িত হৈ আছে য’ত বিটকইন পঞ্জী কেলেংকাৰী, আই পি এলত মেচ ফিক্সিং কেছ আদিও আছে ।
লগতে পঢ়ক : ই ডিৰ জেৰাৰ পিছত মা কামাখ্যাৰ আশিস ল’লে অভিনেত্ৰী তামান্না ভাটিয়াই