ETV Bharat / entertainment

দুলকৰ চলমানে কন্যাক আকৰ্ষণীয় ছবিৰ সৈতে জন্মদিনৰ শুভেচ্ছা জনাইছে - Dulquer Salmaan instagram

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 2:01 PM IST

Dulquer Salmaan instagram: মালায়ালম অভিনেতা দুলকৰ চলমানে তেওঁৰ কন্যাক সপ্তমটো জন্মদিনৰ শুভেচ্ছা জনাইছে । তেওঁ তাইৰ বিষয়ে আকৰ্ষণীয় তথ্য আৰু কেইখনমান আকৰ্ষণীয় ছবিও শ্বেয়াৰ কৰিছে ।

Dulquer Salmaan Wishes His Daughter the 'Most Magical Birthday' with Adorable Pictures
দুলকৰ চলমান আৰু তেওঁৰ কন্যা (ETV BHARAT ENGLISH)

চিটাৰা ডেস্ক, 6 মে’ : কণমানি কন্যা মৰিয়মক জন্মদিনৰ শুভেচ্ছা জনাই অভিনেতা দুলকৰ চলমানে এটা মধুৰ পোষ্ট শ্বেয়াৰ কৰিছে । অভিনেতাগৰাকীয়ে আজি ৬ মে’ত নিজ কন্যাক সপ্তমটো জন্মদিনৰ শুভেচ্ছা জনাই অ’ফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত কণমানি কন্যাৰ ধাৰাবাহিক ফটো পোষ্ট কৰে । ফটোবোৰৰ লগতে তাইৰ বাবে এটা মৰমলগা বাৰ্তাও প্ৰেৰণ কৰে পিতৃয়ে ।

বিগত দুদিন ধৰি অভিনেতা দুলকৰ চলমানৰ ঘৰখন কেকেৰে উভৈনদী হৈ পৰিছে ৷ পৰিয়ালৰ সদস্যসকলৰ ইজনৰ পিচত সিজনৰ জন্মদিন একেলেথাৰিয়ে উদযাপন কৰি থকা হৈছে ৷ মে’ৰ 4 তাৰিখে অভিনেতাজনে মাতৃক জন্মদিনৰ শুভেচ্ছা জনাই এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷ আৰু আজি আকৌ কন্যাৰ জন্মদিনত ইনষ্টাগ্ৰামত কেবাখনো ফটো শ্বেয়াৰ কৰি এটা মৰমলগা টোকা লিখি জন্মদিনৰ শুভেচ্ছা জনাইছে ৷

এজন গৌৰৱান্বিত পিতৃ দুলকৰ চলমানে তেওঁৰ জীয়েকৰ বাবে এটা সুন্দৰ শুভেচ্ছা লিখিছে । অভিনেতাজনে এইদৰে লিখে, "মোৰ পিয়ানো বজোৱা জিমনাষ্ট আৰু মই জনা আটাইতকৈ ডাঙৰ পটাৰ হেড, জন্মদিনৰ শুভেচ্ছা জনাইছো !! শুভ ৭ম জন্মদিন মোৰ কেঁচুৱা পুতলা ! আশা কৰোঁ তোমাৰ আটাইতকৈ যাদুকৰী জন্মদিনটো তোমাৰ সকলো প্ৰিয় বস্তু আৰু বহুতো দুঃসাহসিক অভিযানেৰে ভৰি আছে ।"

দুলকৰ চলমানে মৰিয়মৰ চাৰিখন ফটো শ্বেয়াৰ কৰিছে ৷ প্ৰথমখন ফটোত কেকৰ সন্মুখত বহি মুখত এমোকোৰা হাঁহি লৈ মৰিয়মে জন্মদিন উদযাপন কৰিছে আৰু এখন ফটোত তাইক গুলপীয়া পিয়ানো বজোৱা দেখা গৈছে । অভিনেতাজনে দেওবাৰে ছ'চিয়েল মিডিয়াত তেওঁৰ মাতৃৰ এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিছিল ।

মাকক শুভেচ্ছা জনাই চলমানে এইদৰে লিখিছিল, "মই আপোনাৰ জন্মদিনৰ বাবে পোষ্ট কৰিবলৈ ফটো চাই আছিলো আৰু মই এই ছবিখন পালো । আপুনি এই শাৰীখনত মোক মোৰ শৈশৱ আৰু আমাৰ ফটোবোৰলৈ মনত পেলাই দিছিল, যেতিয়া মই মৰিয়ামতকৈ সৰু আছিলোঁ । আৰু ঠিক তেনেদৰে, মই আকৌ এটি শিশুৰ দৰে অনুভৱ কৰিছিলো ।"

পেছাদাৰী ক্ষেত্ৰত, দুলকৰ Lucky Baskhar ত অভিনয় কৰিবলৈ সাজু হৈছে । ছবিখনৰ টিজাৰ ঈদ উপলক্ষে মুক্তি দিয়া হৈছে । দুলকৰে ছবিখনত এজন সাধাৰণ বেংক কেৰাণীৰ চৰিত্ৰত অভিনয় কৰিছে আৰু আগতে নেদেখা অৱতাৰত দেখিবলৈ পোৱা যাব তেওঁক । চলচ্চিত্ৰখন ভেংকি আটলুৰীৰ দ্বাৰা পৰিচালিত আৰু বিশ্বজুৰি তেলুগু, তামিল, মালায়ালম, কানাড়া আৰু হিন্দী ভাষাত মুক্তি দিয়া হ’ব ।

লগতে পঢ়ক : ক’ভিড 19 ভেকছিনৰ বাবে হৃদক্ৰিয়া বন্ধ হৈছিল শ্ৰেয়াছ তলপাড়েৰ ! - Shreyas Talpade Heart Attack

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.