ETV Bharat / entertainment

কাতি বিহুৰ দিনাই মুক্তি পালে অনাতাঁৰ শিল্পী ড৹ গজেন পাংগিঙৰ কথাছবি আনু য়ামেং

মিচিং লোক-সংস্কৃতিৰ সাধক তথা অনাতাঁৰ শিল্পী ড৹ গজেন পাংগিঙে নিৰ্মাণ কৰি উলিয়াইছে আনু য়ামেং নামৰ এখন মিচিং কথাছবি ৷

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

dr-gajen-panging-short-film-anu-yameng-releases-on-the-occasion-of-kati-bihu
মিচিং কথাছবি (ETV Bharat Assam)

জোনাই, 17 অক্টোবৰ : ডিব্ৰুগড়স্থিত নতুন নিৰ্মালী গাঁৱৰ বাসিন্দা তথা মিচিং লোক-সংস্কৃতিৰ সাধক তথা অনাতাঁৰ শিল্পী ড৹ গজেন পাংগিঙে নিৰ্মাণ কৰি উলিয়াইছে এখন মিচিং কথাছবি ৷ ছবিখনত অসমীয়া আৰু মিচিং দুয়োটা ভাষাই ব্যৱহাৰ কৰা হৈছে ৷ ড৹ গজেন পাংগিঙে চিনেমা নিৰ্মাণ কৰি ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু কেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷

এতিয়া পুনৰ ড৹ গজেন পাংগিঙে মিচিং আৰু অসমীয়া ভাষাত আনু য়ামেং নামৰ ছবিখন নিৰ্মাণ কৰি উলিয়াইছে ৷ মিচিং ভাষাৰ শব্দ আনু য়ামেং মানে হ’ল ন-বোৱাৰী ৷ পুঃমি ফিল্ম প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ আনু য়ামেং নামৰ এই নতুন কথাছবিখনে কাতি বিহুৰ দিনাই মুক্তি লাভ কৰে ড৹ গজেন পাংগিঙৰ “Gojen Panging” নামৰ ইউটিউব চেনেলত ৷

শিল্পী ড৹ গজেন পাংগিঙৰ ভাষ্য (ETV Bharat Assam)

ড৹ গজেন পাংগিঙে মিচিং আৰু অসমীয়া ভাষা ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই চিনেমাখনৰ জৰিয়তে কিছু স্পৰ্শকাতৰ বিষয় সমাজৰ আগত উপস্থাপন কৰিব বিচাৰিছে ৷ মিচিং সমাজৰ মাজত থকা মিতিৰ-কুটুমৰ সম্বন্ধবোৰৰ বিষয়ে সমাজৰ মাজলৈ লৈ যোৱা এক প্ৰচেষ্টা বুলি নিৰ্মাতাই জানিবলৈ দিয়ে ৷ আনু য়ামেং নামৰ এই চিনেমাখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ, প্ৰযোজক আৰু পৰিচালক ড৹ গজেন পাংগিং খোদ নিজেই ৷ ছবিখনত অভিনয় কৰিছে ৰত্নে মিলি, প্ৰিয়া দকচিৰি, বৰ্ষা দলে, অলকা পাংগিং, মোহন সোণোৱাল, প্ৰবীণ পাংগিং, বিচিত্ৰা গগৈকে আদি কৰি বহুজনে ৷

লগতে পঢ়ক : পঞ্চম বেহেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চুটি ছবি ‘আওকাণ’লৈ বিশেষ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.