ETV Bharat / entertainment

এখন উপন্যাসৰ আধাৰাত ডাঃ জয় বৰাৰ নতুন ছবি ‘সূৰ্যবিহীন ৰাতিপুৱা’ - ASSAMESE FILM SURYABIHIN RATIPUA

এখন নতুন অসমীয়া ছবি ‘সূৰ্যবিহীন ৰাতিপুৱা’ ৷ জে বি ফিল্মছৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা কৰিব ডাঃ জয় বৰাই ।

New Assamese film
ডাঃ জয় বৰাৰ নতুন ছবি (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 13, 2024, 3:02 PM IST

গুৱাহাটী : অসমীয়া চলচ্চিত্ৰ জগতত সংযোজন হ’ব আৰু এখন অসমীয়া ছবি । জে বি ফিল্মছৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া এই নতুন অসমীয়া ছবিখনৰ নাম ‘সূৰ্যবিহীন ৰাতিপুৱা’ ৷ আহিবলগীয়া এই নতুন ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা কৰিব ডাঃ জয় বৰাই ।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে ছবিখনৰ নিৰ্মাতাই । উক্ত সংবাদমেলত উপস্থিত থাকে চলচ্চিত্ৰ পৰিচালক ৰজনী বৰ্মন, অতুল বৈশ্য, ৰাজীৱ দত্তৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি । ডাঃ জয় বৰাৰ এখন উপন্যাসৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰিবলগীয়া ছবি ‘সূৰ্যবিহীন ৰাতিপুৱা’ ৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে অতুল বৈশ্যই ।

ডাঃ জয় বৰাৰ নতুন ছবি (ETV Bharat Assam)

আগন্তুক বৰ্ষৰ জানুৱাৰীৰ মাজভাগৰ পৰা চিত্ৰগ্ৰহণ আৰম্ভ হ’ব এই ছবিখনৰ ৷ ছবিখনৰ বাবে ইতিমধ্যে অভিনয় শিল্পী নিৰ্বাচনৰ যো-জা আৰম্ভ হৈছে বুলি সংবাদমেলত জানিবলৈ দিয়ে প্ৰযোজনাগোষ্ঠীয়ে । ছবিখনৰ প্ৰযোজক ডাঃ জয় বৰাই জনাই, "সূৰ্যবিহীন ৰাতিপুৱা মোৰ এখন উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হ’ব । এইখন বাণিজ্যিক ছবি । দৈনন্দিন জীৱনত ঘটা ঘটনাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হ’ব । লখিমপুৰ, যোৰহাট, তেজপুৰ আৰু গুৱাহাটীত অডিশ্যন লোৱা হ’ব । ছবিখনৰ কলা-কুশলী নিৰ্বাচনৰ কাম সোনকালেই আৰম্ভ হ’ব । নায়ক-নায়িকা এতিয়ালৈকে নিৰ্বাচন কৰা হোৱা নাই । কমল নাথে কৰিঅ’গ্ৰাফী আৰম্ভ কৰিব । জানুৱাৰী মাহত ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হ’ব ।”

উল্লেখ্য যে, সূদুৰ ৰাছিয়াত চিকিৎসক হিচাপে সেৱা আগবঢ়াই অহা বৰাই অসমৰ সাহিত্য, কলা-সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ ৰাছিয়াৰ চিকিৎসকৰ বৃত্তি এৰি অসমৰ সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত হৈ পৰে । একেধাৰে কবি, ঔপন্যাসিক, নিবন্ধকাৰ তথা অভিনেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰা বৰাই ইতিপূৰ্বে কেবাখনো চুটি ছবি তথা অন্যান্য ভাষাৰ ছবি নিৰ্মাণ কৰি বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । মন কৰিবলগীয়া যে জে বি ফিল্মছৰ বেনাৰত ২০২২ চনত ডাঃ জয় বৰাই নিৰ্মাণ কৰা ‘বঞ্জা’ নামৰ কাৰ্বি ভাষাৰ চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত সমাদৃত হোৱাৰ লগতে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : এইবৰ্ষৰ ৰাসত কোন হ’ব কৃষ্ণৰ মাতৃ আৰু কোন হ’ব প্ৰেমিকা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.