ETV Bharat / entertainment

প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণৰ বাবে অযোধ্যালৈ ৰাওনা এইসকল তাৰকা

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 10:25 AM IST

Ram Mandir Pran Pratistha: আজি অযোধ্যাত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান। এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ অযোধ্যাত উপস্থিত হৈছে বলীউড তথা দক্ষিণৰ বহু তাৰকা ।

Vicky-Katrina, Madhuri Dixit, Ram Charan jet off to Ayodhya for Ram Mandir consecration ceremony
অযোধ্যালৈ ৰাওনা এইসকল তাৰকা

চিটাৰা ডেস্ক, ২২ জানুৱাৰী: আজি অযোধ্যাত হ’ব শ্ৰী ৰামৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান ৷ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ এতিয়া দেশজুৰি বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশে । দেশজুৰি এতিয়া প্ৰতিধ্বনিত হৈছে শ্ৰীৰামৰ বন্দনা । আনহাতে উখল-মাখল ৰামনগৰী অযোধ্যা । একে সময়তে এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ প্ৰতিটো ক্ষেত্ৰৰ বিশিষ্ট লোকসকল ৰামনগৰী অযোধ্যাত উপস্থিত হৈছে । এই ক্ষেত্ৰত পিচ পৰি থকা নাই বলীউডৰ চেলিব্ৰিটি সকলো ৷ বলীউডৰ বহু চেলিব্ৰিটিয়ে প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে অযোধ্যালৈ ৰাওনা হৈছে ।

বলীউডৰ প্ৰিয় দম্পতী কেটৰিণা কাইফ আৰু বিকি কৌশল প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হোৱা দেখা গৈছে ৷ সোমবাৰে অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশ ল’বলৈ মুম্বাইৰ কলিনা বিমানবন্দৰৰ পৰা ৰাওনা হয় কেটৰিণা কাইফ আৰু বিকি কৌশল। এই সময়চোৱাত কেটৰিণা আৰু বিকি কৌশলক পৰম্পৰাগত সাজ-পোছাকত দেখা যায় ।

এই বিশেষ ক্ষণৰ সাক্ষী হ’বলৈ কেটৰিণা কাইফে পৰিধান কৰিছিল হালধীয়া ৰঙৰ চিকচিকিয়া শাৰী, য’ত ধুনীয়া দেখা গৈছিল অভিনেত্ৰীগৰাকীক । বিকি কৌশলক চিল্কৰ কুৰ্তা-পায়জামাত সুন্দৰ দেখা গৈছিল ৷ ইফালে অযোধ্যালৈ যোৱাৰ পূৰ্বে পাপাৰাজীৰ বাবেও পোজ দিছিল এই দম্পতীয়ে ।

প্ৰাণ প্ৰতিষ্ঠাৰ বাবে অযোধ্যালৈ ৰাওনা হ’ল অমিতাভ বচ্চন

মুম্বাই বিমানবন্দৰত বলীউডৰ শ্বেহেনশ্বাহ অৰ্থাৎ অমিতাভ বচ্চনকো দেখা গৈছিল । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অযোধ্যালৈ ৰাওনা হৈছে বিগ বি । এই সময়চোৱাত অমিতাভ বচ্চনক বগা কুৰ্তা পায়জামা পৰিধান কৰা দেখা গৈছিল । অমিতাভ বচ্চনে বাহনৰ পৰা নামি পোনে পোনে বিমানবন্দৰৰ ভিতৰলৈ সোমাই যায় ।

অযোধ্যালৈ ৰাওনা ৰণবীৰ-আলিয়া

অভিনেতা ৰণবীৰ কাপুৰেও পত্নী আলিয়া ভাটৰ সৈতে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে অযোধ্যালৈ ৰাওনা হৈছে । এই সময়চোৱাত ৰণবীৰক ধুতি আৰু কুৰ্তা পৰিধান কৰা দেখা গৈছিল । আনহাতে আলিয়া ভাটে পৰিধান কৰিছিল নীলা ৰঙৰ শাৰী । এই সময়চোৱাত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ সৈতে ৰোহিত শ্বেট্টীকো দেখা গৈছিল । তিনিওগৰাকীয়ে বিমানবন্দৰত পাপাৰাজীৰ বাবে পোজ দিয়ে ।

ৰাম মন্দিৰলৈ ৰাওনা হ’ল জেকী শ্ৰফ

বলীউডৰ প্ৰবীণ অভিনেতা জেকী শ্ৰফেও ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অযোধ্যালৈ ৰাওনা হৈছে । এই সময়চোৱাত অভিনেতাজনে বগা কুৰ্তা পায়জামাৰ সৈতে ডিঙিত ৰঙা ৰঙৰ মাফলাৰ পৰিধান কৰিছিল ৷ জেকীয়ে হাতত এজোপা গছ লৈ গৈছিল ।

স্বামী শ্ৰী ৰাম নেনেৰ সৈতে অযোধ্যালৈ ৰাওনা হৈছে মাধুৰী দীক্ষিত

বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিতেও স্বামী শ্ৰী ৰাম নেনেৰ হাতত ধৰি অযোধ্যালৈ ৰাওনা হয় । প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰিছিল হালধীয়া ৰঙৰ শাৰী । পৰম্পৰাগত ৰূপত অতি সুন্দৰ দেখা গৈছিল অভিনেত্ৰীগৰাকীক । আনহাতে স্বামী শ্ৰী ৰাম নেনেই মেৰুণ ৰঙৰ কুৰ্তাৰ সৈতে বগা পায়জামা পৰিধান কৰিছিল ।

#WATCH | Mumbai: Actor Madhuri Dixit along with her husband Dr Sriram Madhav Nene leaves for Ayodhya.

Pran Pratishtha ceremony of Ayodhya's Ram Temple will take place today. pic.twitter.com/SlZGpQfUQP

— ANI (@ANI) January 22, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰাণ প্ৰতিষ্ঠানৰ বাবে ৰাওনা হ’ল আয়ুষ্মান খুৰানা

অভিনেতা আয়ুষ্মান খুৰানাকো মুম্বাই বিমানবন্দৰত দেখা গৈছিল । ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আয়ুষ্মান খুৰানাই অযোধ্যালৈ ৰাওনা হৈছে । এই সময়চোৱাত অভিনেতাগৰাকীয়ে বগা কুৰ্তা পায়জামাৰ সৈতে জেকেট পৰিধান কৰিছিল ।

ৰাজকুমাৰ হিৰাণীকো দেখা গ’ল বিমানবন্দৰত

‘ডাংকি’ৰ পৰিচালক ৰাজকুমাৰ হিৰাণীয়েও প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে অযোধ্যালৈ ৰাওনা হৈছে ।

অযোধ্যালৈ ৰাওনা ৰাম চৰণ

ইফালে অভিনেতা ৰাম চৰণেও সোমবাৰে পুৱাই অযোধ্যালৈ ৰাওনা হৈছে । ‘আৰ আৰ আৰ’ৰ খ্যাত অভিনেতাগৰাকীয়ে এই বিশেষ ক্ষণৰ সাক্ষী হ’বলৈ পৰিধান কৰিছিল কুৰ্তা পায়জামা ।

  • #WATCH | Telangana | Actor Ram Charan leaves from Hyderabad for Ayodhya in Uttar Pradesh as Ayodhya Ram Temple pranpratishtha ceremony to take place today.

    He says, "It's a long wait, we are all very honoured to be there." pic.twitter.com/6F4oBZylS8

অযোধ্যাৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ ইতিমধ্যে অযোধ্যাত উপস্থিত হৈছে আন বহু বলীউডৰ চেলিব্ৰিটি । একে সময়তে প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত অংশ ল’বলৈ দক্ষিণৰ বহু চেলিব্ৰিটিও অযোধ্যাত উপস্থিত হৈছে । ইয়াৰ ভিতৰত আছে ৰজনীকান্তৰ লগতে দক্ষিণৰ বহু ছুপাৰষ্টাৰ ।

লগতে পঢ়ক: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ কৈলাশ খেৰৰ নতুন গীত ‘ৰাম কা ধাম’

  • #WATCH | Mumbai: Actor Madhuri Dixit along with her husband Dr Sriram Madhav Nene leaves for Ayodhya.

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.