ETV Bharat / entertainment

ৱ’মেন ইন চিনেমা গালাত গোলপীয়া আৰু ক’লা গাউনত দেখা গ’ল কিয়াৰা আদৱানীক - Cannes 2024

author img

By ETV Bharat Entertainment Team

Published : May 19, 2024, 9:54 AM IST

CANNES FILM FESTIVAL 2024 : কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড ছী আন্তৰ্জাতিক চলচ্চিত্ৰ ফাউণ্ডেশ্যনৰ ৱ’মেন ইন চিনেমা গালা ডিনাৰত অশংগ্ৰহণ কৰে বলীউডৰ মোহময়ী অভিনেত্ৰী কিয়াৰা আদৱানীয়ে ৷ কিয়াৰাক গোলপীয়া আৰু ক'লা গাউনত ধুনীয়া দেখা গৈছিল ৷ সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিলে ফটো ৷

Etv BharatKiara Advani Is a Sight to Behold in Pink and Black Silk Gown at Women in Cinema Gala
ৱ’মেন ইন চিনেমা গালাত গোলপীয়া আৰু ক’লা গাউনত দেখা গ’ল কিয়াৰা আদৱানীক (Etv BharatKIARA'S INSTAGRAM)

চিটাৰা ডেস্ক, 19 মে’ : ২০২৪ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত কিয়াৰাৰ ইটোৰ পিচত সিটো লুকছে মুহিছে সকলোকে ৷ শনিবাৰে কিয়াৰাই উৰুলৈকে কটা গাউন পৰিধান কৰাৰ পিচতে সৰ্বত্ৰে চৰ্চা লাভ কৰে ৷ এইবাৰ আকৌ ৰেড ছী আন্তৰ্জাতিক চলচ্চিত্ৰ ফাউণ্ডেশ্যনৰ ৱ’মেন ইন চিনেমা গালা ডিনাৰত অনন্য ৰূপত দেখা গ’ল কিয়াৰাক ৷

কিয়াৰাই এই অনুষ্ঠানত এটা গোলপীয়া আৰু ক’লা গাউন পৰিধান কৰিছিল ৷ এই গাউনটোত কিয়াৰাৰ শৰীৰৰ কাৰ্ভছ সুন্দৰভাৱে প্ৰতিফলিত হৈছিল ৷ শেহতীয়াকৈ ৱ’মেন ইন চিনেমা গালা ডিনাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ফ্ৰেঞ্চ ৰিভিয়েৰালৈ ভ্ৰমণ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ তেওঁ সামাজিক মাধ্যমত এখন ধুনীয়া ফটো শ্বেয়াৰ কৰিছে ।

Kiara Advani Is a Sight to Behold in Pink and Black Silk Gown at Women in Cinema Gala
ৱ’মেন ইন চিনেমা গালাত গোলপীয়া আৰু ক’লা গাউনত দেখা গ’ল কিয়াৰা আদৱানীক (KIARA'S INSTAGRAM)

অভিনেত্ৰীগৰাকীয়ে এই চলচ্চিত্ৰ মহোৎসৱৰ অনুষ্ঠানৰ পৰা তেওঁৰ তৃতীয়টো লুকছ প্ৰকাশ কৰিছে ৷ কিয়াৰাই ৰেড কাৰ্পেটত খোজ দিয়াৰ লগে লগে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৷ কাঁ চলচ্চিত্ৰ মহোৎসৱত কিয়াৰা আদৱানীৰ এয়া প্ৰথম আত্মপ্ৰকাশ ৷

বিশ্বৰ বিভিন্ন মনোৰঞ্জন উদ্যোগৰ কেইবাজনো এ-লিষ্টাৰৰ সৈতে ৰেড ছী আন্তৰ্জাতিক চলচ্চিত্ৰ ফাউণ্ডেশ্যনৰ ৱ’মেন ইন চিনেমা গালা ডিনাৰত অংশগ্ৰহণ কৰিছে কিয়াৰাই ৷ মজিয়াৰ দৈৰ্ঘৰ গাউনটোৰ পিচফালে এটা ডাঙৰ গুলপীয়া ব’ লগোৱা আছিল ৷ কিয়াৰাৰ চুলি এটা মসৃণ ওখ খোপাত ষ্টাইল কৰিছিল আৰু গ্লছী লিপষ্টিক পৰিধান কৰিছিল ৷ তেওঁ লুকছটো আৰু বেছি ধুনীয়া দেখিবলৈ সূক্ষ্ম হীৰাৰ নেকলেছ আৰু ক'লা লেছৰ হাতমোজা পৰিধান কৰিছিল ৷

মঙলবাৰে নিশা কুৱেণ্টিন ডুপিউক্সৰ লে ডিউক্সিম এক্টৰ (দ্বিতীয় এক্ট) বিশ্ব প্ৰিমিয়াৰৰ সৈতে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ আৰম্ভ হয় ৷ য'ত মুখ্য চৰিত্ৰত লিয়া ছেডৌক্স, ভিনচেণ্ট লিণ্ডন, লুই গাৰেল আৰু ৰাফেল কুৱেনাৰ্ডে অভিনয় কৰে । এইবৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থকা আন ভাৰতীয় অভিনেত্ৰীসকলৰ ভিতৰত আছে ঐশ্বৰ্য ৰায় বচ্চন, সোভিতা ধুলিপালা আৰু অদিতি ৰাও হায়দৰী ।

লগতে পঢ়ক: কাঁ চলচ্চিত্ৰ মহোৎসৱত অভিষেক ঘটোৱা কিয়াৰাৰ লুকে মুহিছে সকলোকে - Cannes Film Festival 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.