ETV Bharat / entertainment

চলচ্চিত্ৰ মহোৎসৱত কাষ্টম মেড ৰ’জ গোল্ড গাউনত জেকলিন ফাৰ্ণাণ্ডেজৰ মায়া - Jacqueline Fernandez at cannes 2024 - JACQUELINE FERNANDEZ AT CANNES 2024

জেকলিন ফাৰ্ণাণ্ডেজে কাঁ 2024 ত নিজৰ মায়াৰে সকলোকে আকৰ্ষণ কৰে ৷ মিকেল ডি ক'ট্যুৰেৰ কাষ্টম-মেড ৰ’জ গোল্ড গাউন পৰিধান কৰা জেকলিনৰ ওপৰতে সকলোৰে চকু নিৱদ্ধ হৈ পৰে ৷ গাউনটোৰ সৈতে হাছানজাদে জুৱেলাৰী পৰিধান কৰি অভিনেত্ৰীগৰাকীয়ে বিএমডব্লিউৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ জৰিয়তে ভাৰতক প্ৰতিনিধিত্ব কৰে ৷

Cannes 2024: Jacqueline Fernandez Stuns in Custom-Made Rose Gold Gown at Film Festival
জেকলিন ফাৰ্ণাণ্ডেজ (etv bharat)
author img

By ETV Bharat Entertainment Team

Published : May 21, 2024, 10:53 AM IST

চিটাৰা ডেস্ক, 21 মে’ : বলীউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ 77 সংখ্যক সংস্কৰণত এক আকৰ্ষণীয় ৰূপত উপস্থিত হয় ৷ Mikael D Couture ৰৰ দ্বাৰা ডিজাইন কৰা এক কাষ্টম-মেড, ৰ’জ গোল্ড গাউনত গ্লেমাৰ আৰু কৌশলতা প্ৰদৰ্শন কৰে অভিনেত্ৰীগৰাকীয়ে ৷

৩৮ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে বিএমডব্লিউৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে সন্মানীয় অনুষ্ঠানটোত ভাৰতক প্ৰতিনিধিত্ব কৰিছে । ফাৰ্ণাণ্ডেজ ৰেড কাৰ্পেটত সকলোৰে মনোযোগ আকৰ্ষণ কৰে ৷ আকৰ্ষণীয় গাউনটোত তেওঁৰ সুঠাম শৰীৰটো সুন্দৰকৈ ফুটি উঠিছিল ।

সোমবাৰে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত অভিনেত্ৰীগৰাকীৰ উপস্থিতি কোনো শ্বাসৰুদ্ধকাৰী ঘটনাতকৈ কম নাছিল ৷ সুন্দৰ হাছানজাদে গহনা আৰু খুলি ৰখা কেশবিন্যাসৰ সৈতে তেওঁৰ লুকটোৱে উপস্থিত সকলোকে মুহিছিল ৷ মেকআপ আৰু গহনাৰ ক্ষেত্ৰত নূন্যতম বাছনি কৰি কেৱল এযোৰ ষ্টেটমেণ্ট কাণফুলি পিন্ধিছে অভিনেত্ৰীগৰাকীয়ে ।

অনুষ্ঠানৰ পূৰ্বে ফাৰ্ণাণ্ডেজে অনুষ্ঠানটোলৈ বলীউডৰ ধাৰাবাহিকতাৰ স্পৰ্শ অনাৰ বাবে উৎসাহ প্ৰকাশ কৰাৰ লগতে দক্ষিণ-পূব এছিয়াৰ প্ৰব্ৰজনকাৰীসকলক বিশ্বব্যাপী মঞ্চত প্ৰতিনিধিত্ব কৰাৰ তাৎপৰ্যও আলোকপাত কৰে । অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ এমডব্লিউৰ সহযোগত আকৌ এবাৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি ৰোমাঞ্চিত হৈ পৰিছে ।

তেওঁ উল্লেখ কৰে, "বিশ্বস্তৰত দক্ষিণ-পূব এছিয়াৰ প্ৰবাসীসকলক প্ৰতিনিধিত্ব কৰি ভাল লাগিছে আৰু সন্মানীয় ৰেড কাৰ্পেটত খোজ কাঢ়িবলৈ পোৱাটো এক সন্মানৰ বিষয় য'ত ইতিমধ্যে বহুতো কিংবদন্তীয়ে খোজ কাঢ়িছে ।" ফাৰ্ণাণ্ডেজ দ্বিতীয়বাৰৰ বাবে কাঁ ত উপস্থিত হৈছে ৷ আগতে 2015 চনত মালয়েছিয়াৰ ৰাণীয়ে তেওঁক আমন্ত্ৰণ জনোৱাৰ সময়ত কাঁ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল ।

এইবাৰ মহোৎসৱত ফাৰ্ণাণ্ডেজ একমাত্ৰ ভাৰতীয় প্ৰতিনিধি নহয় । তেওঁৰ সৈতে যোগদান কৰিছে কিয়াৰা আদৱানী আৰু শোভিতা ধূলিপালাৰ লগতে প্ৰবীণ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ে । এই অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব অদিতি ৰাও হায়দাৰীয়েও ।

লগতে পঢ়ক : কাঁ 2024 ত ঐশ্বৰ্য-আৰাধ্যাৰ মায়াজাল - AISHWARYA RAI BACHCHAN AT CANNES

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.