চিটাৰা ডেস্ক, 12 জুন : ৰিয়াছি সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিণতিত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ বিভিন্ন ট্ৰেণ্ডেৰে ভৰি পৰিছে । ‘অল আইজ অন ৰিয়াছি’ ট্ৰেণ্ড অনুসৰণ কৰি এতিয়া নেটিজেন আৰু চেলেব্ৰিটীসকলে ‘অল আইজ অন বৈষ্ণো দেৱী এটেক’ ট্ৰেণ্ডত যোগদান কৰিছে । শেহতীয়াকৈ এই আন্দোলনত যোগদান কৰিছে বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিনহাই । কৰীণা কাপুৰ খান, শিল্পা শ্বেট্টী কুন্দ্ৰা আৰু জোয়া আখতাৰ আদিয়ে ৰিয়াছি সন্ত্ৰাসবাদীৰ আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে ।
বুধবাৰে ইনষ্টাগ্ৰাম ষ্ট’ৰীত সোনাক্ষী সিনহাই ‘অল আইজ অন বৈষ্ণো দেৱী এটেক’ ছবিখন শ্বেয়াৰ কৰে, য’ত “হিংসা কেতিয়াও উত্তৰ নহয় ” বুলি এটা শক্তিশালী বাৰ্তাও লিখা আছিল ৷ ইনষ্টাগ্ৰামত ২০ লাখৰো অধিক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা এই ছবিখনে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালে সন্মুখীন হোৱা ভয়াৱহ পৰিণতিৰ এক স্পষ্ট সোঁৱৰণী হিচাপে কাম কৰিছে । অভিনেতা বৰুণ ধৱনেও ছবিখন শ্বেয়াৰ কৰি এই প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াইছে ।
কৰীণাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি লিখিছে, “হাৰ্টব্ৰ’কেন”। ৰিয়াছিত হোৱা আক্ৰমণটো এটা সোঁৱৰণী, যিয়ে হিংসাৰ প্ৰাধান্য হ’লে মানৱতা ক্ষতিগ্ৰস্ত হয় বুলি সোঁৱৰাই দিব ।" আনহাতে জোয়া আখতাৰেও হৃদয়বিদাৰক ইম’জীৰ জৰিয়তে নিজৰ দুখ প্ৰকাশ কৰি কেৱল লিখিলে, "REASI" ।
লগতে পঢ়ক : বেয়া হ’ল...বহুত বেয়া হ’ল: সন্ত্ৰাসবাদী আক্ৰমণত স্তম্ভিত সকলো - Reasi Terror Attack
শিল্পা শ্বেট্টীয়ে এই ঘটনাৰ এখন কলাজ শ্বেয়াৰ কৰি লিখিছে, "ৰিয়াছিত নিৰীহ তীৰ্থযাত্ৰীৰ বিৰুদ্ধে হোৱা হিংসাত্মক ঘটনাত হৃদয় ভাঙি পৰিছে । এনে আতংকৰ কাৰ্য ঘৃণনীয় আৰু নিন্দনীয় । বিদেহ আত্মাৰ বাবে প্ৰাৰ্থনা কৰি তেওঁলোকৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা প্ৰেৰণ কৰিছো ।"
নুছৰত ভাৰুচাইয়ো নিজৰ ক্ষোভ প্ৰকাশ কৰি লিখিছে, "অকল্পনীয় । হৃদয় ভাঙি যোৱাৰ সীমা চেৰাই গৈছে । ৰিয়াছিত হোৱা আক্ৰমণে প্ৰমাণ কৰে যে হিংসাৰ পথ নিৰীহ লোকৰ দুখ-কষ্টৰে প্ৰশস্ত । ক্ষতিগ্ৰস্ত সকলো পৰিয়াললৈ মোৰ সমবেদনা.... মানৱ দুখ-কষ্টৰ কাৰণ হিংসাৰ অন্ত পৰিব লাগিব ।"
সন্ত্ৰাসবাদীৰ সন্মুখত অসাধাৰণ সাহস প্ৰদৰ্শন কৰা বাছ চালক বিজয় কুমাৰক শ্ৰদ্ধাঞ্জলি জনাই মৃণাল ঠাকুৰে । সন্ত্ৰাসবাদীয়ে পোনপটীয়াকৈ মূৰত গুলীচালনা কৰা বিজয়ক ৰিয়াছিত তেওঁৰ ত্যাগৰ বাবে ৰাষ্ট্ৰীয় পতাকাত মেৰিয়াই সন্মান জনোৱা হয় ৷ মৃণালে লিখিছে, "তেওঁৰ বাবেই বহুতৰে জীৱন ৰক্ষা পৰিল । তেওঁৰ পৰিয়ালৰ বাবে শক্তি আৰু প্ৰাৰ্থনা ।"
জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ এটা মন্দিৰলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ এখনত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ ফলত বাছখন খাৱৈত পৰি ৯ জন লোকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ দেশতে ব্যাপক গৰিহণা লাভ কৰিছে । এই ঘটনাই তীব্ৰ ক্ষোভ আৰু দুখৰ জোৱাৰৰ সৃষ্টি কৰিছে, কেইবাগৰাকীও চেলেব্ৰিটীয়ে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ।
লগতে পঢ়ক : ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড কৰিছে 'অল আইজ অন ৰিয়াছি' - Reasi Terror Attack