চিটাৰা ডেস্ক, ১৩ অক্টোবৰ: নিশা নলবাৰীৰ কটপুহা সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজাৰ সোণালী জয়ন্তীত বলিউডৰ কণ্ঠশিল্পীৰ গীতৰ যাদু । বলিউডৰ কণ্ঠশিল্পী বিনোদ ৰাথোড়, চান্দিনী মুখাৰ্জী আৰু সংগীত পৰিচালক বিজয় দাসৰ গীতৰ শৰাই উপভোগ কৰিবলৈ দূৰ-দূৰনিৰ পৰা আহিল হাজাৰ হাজাৰ লোক । ৯০ দশকৰ জনপ্ৰিয় হিন্দী ছবি বাজিগৰ, দিৱানা আদিৰ জনপ্ৰিয় গীতসমূহৰ এটাৰ পিচত আনটোকৈ পৰিৱেশন কৰি মন মুহিলে উপস্থিত কেইবাহাজাৰ দৰ্শকক ।
'মে নায়ক নেহী, খলনায়ক হু মে', 'য়ে মেৰে হামচাফাৰ', 'এইছী দিৱান গী', 'চুপানা ভী নেহী আ তা' ইত্যাদি গীতেৰে মন মুগ্ধ কৰি তোলে হাজাৰ হাজাৰ দৰ্শকৰ । লগতে দেউতাৰ পদূলিত গোন্ধাইছে মালতী শীৰ্ষক এটি বিহু গীত হিন্দীত অনুবাদেৰে কণ্ঠ নিগৰাই অসম আৰু অসমীয়া সংস্কৃতিৰ বিষয়ে পঞ্চবিমুখ হৈ পৰে বিনোদ ৰাথোড় । আনহাতে প্ৰতিকূল বতৰৰ মাজতো দৰ্শকৰ এনে সঁহাৰিয়ে কণ্ঠশিল্পীগৰাকীৰ মন আপ্লুত কৰে বুলি জনায় ।
উল্লেখ্য যে সম্পূৰ্ণ শান্তপূৰ্ণ পৰিৱেশৰ মাজেৰে নলবাৰীৰ কটপুহাৰ অনুষ্ঠানটো সফলতাৰে সামৰণি পৰে । শেষত সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত কণ্ঠশিল্পীগৰাকীয়ে অসমৰ ৰাইজৰ মৰমক প্ৰশংসা কৰাৰ লগতে অসমৰ সংস্কৃতিক লৈও প্ৰশংসাত পঞ্চমুখ হৈ পৰে কণ্ঠশিল্পী বিনোদ ৰাথোড় । তেওঁ কয়,"অসমলৈ আহিবলৈ পোৱাতো সৌভাগ্যৰ কথা । যিয়ে অসমলৈ অহা নাই তেওঁ দুৰ্ভগীয়া । এবাৰ দুবাৰ নহয় বাৰে বাৰে অসমলৈ আহি থাকিম । ইয়াৰ স্থানীয় ভাষাত গীত গাম । অসমলৈ আহিলে অন্য এক মাদকতা পোৱা যায় । অসমৰ ৰাইজৰ মৰম-আদৰ সঁচাকৈ ভাল লাগে ।"