ETV Bharat / entertainment

পূৰ্বে নেদেখা বিগ বছ অ’টিটি ছিজন ৩ হাউছৰ ছবি ভাইৰেল - Bigg Boss OTT 3 House

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 5:02 PM IST

Bigg Boss OTT 3 House: 'বিগ বছ' অ'টিটি ৩ ষ্ট্ৰীম কৰিবলৈ সাজু হৈছে । তাৰ মাজতে দৰ্শকৰ উৎকন্ঠা বৃদ্ধি কৰিবলৈ মেকাৰসকলে বি বি হাউছৰ কিছু আভাস ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে ।

Bigg Boss OTT 3 House Inside Photo viral before the premier of the show tomorrow
পূৰ্বে নেদেখা বিগ বছ অ’টিটি ছিজন ৩ হাউছৰ ছবি ভাইৰেল; চাওক ফটো (ETV Bharat)

চিটাৰা ডেস্ক, 20 জুন: ২১ জুনত প্ৰচাৰিত হ’বলৈ গৈ আছে বহু প্ৰতিক্ষীত শ্ব’ বিগ বছ অ’টিটি ছিজন ৩ । ইতিমধ্যে শ্ব’টোক লৈ মানুহৰ মাজত উৎকন্ঠা যথেষ্ট বৃদ্ধি পাইছে । বিগ বছ অ’টিটিৰ মঞ্চত ছলমান খানৰ ঠাইত বলীউডৰ প্ৰবীণ অভিনেতা অনিল কাপুৰক এইবাৰ দেখা যাব ।

ইফালে, শেহতীয়াকৈ মেকাৰসকলে বি বি হাউছৰ ভিতৰৰ কেইখনমান ফ’টো শ্বেয়াৰ কৰিছে, যিসমূহ চালে চকু ৰোৱা । এই আভাসে দৰ্শকৰ উৎকন্ঠা আৰু অধিক বঢ়াই তুলিছে।

বৃহস্পতিবাৰে (২০ জুন) মেকাৰসকলে বিগ বছ অ’টিটি ছিজন ৩ৰ ঘৰটোৰ ফটো শ্বেয়াৰ কৰে । এই ছবিখন শ্বেয়াৰ কৰাৰ সময়ত মেকাৰসকলে কেপচনত লিখিছে, ‘First Pic Of #biggbossott3 House✨, বিগ বছ অ’টিটি ৩ৰ ঘৰে আপোনালোক সকলোকে মন্ত্ৰমুগ্ধ কৰিব । Bigg Boss OTT 3 আপোনালোকে চাবলৈ আপোনালোকে ডাউনলোড কৰিব লাগিব JioCinema এপ।

ভাইৰেল ছবিখনৰ কথা ক’বলৈ গ’লে বিগ বছ অ’টিটি ৩ৰ ঘৰৰ বেৰত সজাই ৰখা হৈছে এখন আইনা । আইনাখনৰ ফ্ৰেমটো সোণালী ৰঙত ডিজাইন কৰা হৈছে, যিয়ে বি বি হাউছক এক ৰয়েল্টি লুক প্ৰদান কৰিছে । ছবিখনত বহুতো চিত্ৰও দেখা গৈছে ।

২০২৪ চনৰ ২১ জুনত জিঅ’ চিনেমা প্ৰিমিয়ামযোগে বিগ বছ অ’টিটি ৩ৰ ষ্ট্ৰীমিং আৰম্ভ হ’ব । নতুন ছিজনৰ আঁতধৰোতা হিচাপে দেখা যাব অনিল কাপুৰক ।

আনহাতে, জিঅ’ চিনেমাৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত প্ৰকাশিত প্ৰ’ম’ত ‘বড়া পাও গাৰ্ল’ এই অনুষ্ঠানত উপস্থিত থাকিব বুলি এক আভাস দিয়া হৈছে । এই প্ৰ’ম’ত প্ৰৱেশ কৰিছে দিল্লীৰ চন্দ্ৰিকা গেৰা দীক্ষিত ওৰফে ‘বড়া পাও গাৰ্ল’। জনাই দিও যে অতি কম সময়তে বড়া পাও বিক্ৰী কৰি বৰ্তমান খুবেই চৰ্চালাভ কৰিছে দিল্লীৰ চন্দ্ৰিকা গেৰাই ৷

লগতে পঢ়ক: অনিল কাপুৰৰ সৈতে একেলগে দেখা যাব নেকি কৰণ কুন্দ্ৰাৰ প্ৰাক্তন প্ৰেমিকাক ? - Bigg Boss OTT 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.