ETV Bharat / entertainment

শুকুৰবাৰে ছবিগৃহলৈ 'বিদুৰভাই': ছবিখনক লৈ তোলপাৰ সামাজিক মাধ্যম - Bidurbhai hits theatres tomorrow

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 9:19 PM IST

Assamese Film Bidurbhai: অপেক্ষা মাত্ৰ কেইটিমান মুহূৰ্তৰ । ছবিগৃহলৈ আহিবলৈ সাজু 'বিদুৰভাই' । প্ৰিমিয়াৰ শ্ব' উপভোগ কৰি বিদুৰভাইৰ প্ৰশংসাত পঞ্চমুখ নেটিজেন । সকলোকে ছবিখন উপভোগ কৰিবলৈ আহ্বান বিশিষ্ট পৰিচালক, চিত্ৰনাট্যকাৰ, অভিনেতা-অভিনেত্ৰীকে আদি কৰি প্ৰিমিয়াৰ শ্ব' উপভোগ কৰা বিভিন্নজনৰ ।

'Bidurbhai' hits theatres tomorrow
সামাজিক মাধ্যমত চৰ্চাত 'বিদুৰভাই' (ETV Bharat Assam)

গুৱাহাটী,১৮ জুলাই: বহু কল্পনা-জল্পনাৰ অন্ত পেলাই ১৯ জুলাই অৰ্থাৎ শুকুৰবাৰে ছবিগৃহলৈ আহিব বিদুৰভাই । বিদুৰভাইক আদৰিবলৈ সাজু অসমীয়া চলচিত্ৰপ্ৰেমী ৰাইজ । বুধবাৰে গুৱাহাটী আৰু গোলাগাটত অনুষ্ঠিত হয় বহু প্ৰত্যাশিত ছবি 'বিদুৰভাই' ৰ প্ৰিমিয়াৰ শ্ব' । ইয়াৰ পাচতেই তোলপাৰ লাগিল ফেচবুকত । প্ৰিমিয়াৰ উপভোগ কৰি সকলোৱে ফেচবুকত লিখিলে,"বিদুৰভাই হিট" ।

অসমীয়া ছবিজগত তথা সাংস্কৃতিক জগতৰ বহু গুণীজনকে আদি কৰি সাংবাদিক আৰু ইউটিউবাৰে ছবিখন উপভোগ কৰি একেমুখে আহ্বান জনালে ৱেব চিৰিজৰ পৰা ৰূপালী পৰ্দালৈ যাত্ৰা কৰা ছবিখন উপভোগ কৰিবলৈ । কেইবাজনো ছবি সমালোচকেও ক'লে,"বিদুৰভাই অনন্য" ।

অনুৰাধাত ছবিখনৰ উপভোগ কৰি বিশিষ্ট কাহিনীকাৰ তথা চিত্ৰনাট্যকাৰ শান্তনু ৰৌমূৰীয়াই ফেচবুকযোগে লিখিলে,"বিদুৰভাই' -মা কচম, সুব্ৰত আচলতে ফালি দিয়া বুলি ইয়াকেই কয়। চিনেমা এখন নিৰ্মাণত Team work ৰ গুৰুত্ব কিমান তাৰ বৰ ধুনীয়া উদাহৰণ এটা #bidurbhai ৰ দলটোৱে দাঙি ধৰিছে। Commercial space ত যিধৰণৰ চিনেমা মোৰ দৰে দৰ্শকে বিচাৰো চাব ঠিক তেনেকুৱা চিনেমা। চিত্ৰনাট্য, সংলাপ, দৃশ্যগ্ৰহণ, সংগীত, অভিনয় চব দুৰ্দান্ত। জয়যাত্ৰা অব্যাহত থাকক। ছবিখনৰ লগত জড়িত সকলোকে অভিননন্দন আৰু শুভেচ্ছা জনালোঁ।"

ইফালে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে উল্লেখ কৰে,"সাংঘাটিক বিদুৰভাই!!!ৱেব চিৰিজখন চাই অনুমান কৰিছিলো হাঁহিবলৈ পাম । কিন্তু,বিশ্বাস কৰক এনেকৈ হাঁহিবলৈ পাম বুলি কল্পনাও কৰা নাছিলোঁ । আচৰিত কথাটো হ’ল যে, হাঁহি হাঁহি পেটৰ নাড়ী-ভূৰু ডাল ডাল হোৱাৰ পিছ মূহুৰ্ততে আপোনাৰ চকু সেমেকি উঠিব আৰু তাৰ পিছ মূহুৰ্ততে কাহিনীৰ গতি দেখি অবাক হৈ পৰিব । মুঠতে এক চেকেণ্ডলৈও আপুনি বিদুৰভাইৰ সেই গাঁওখন সেই চৰিত্ৰকেইটাৰ পৰা ওলাই আহিব নোৱাৰিব । কাহিনী, পৰিচালনা, চিত্ৰগ্ৰহণ, অভিনয়, সম্পাদনা, সংগীত ব্যৱস্থাপনা সকলোফালৰ পৰা বিদুৰভাই সাংঘাটিক । অসমীয়া সমাজ-সংস্কৃতিৰ শিপাডাল খামুচি নিৰ্মাণ কৰা এই চিনেমাখন অসমীয়া চিনেমাৰ ইতিহাসত এক সুন্দৰ সংযোজন । এবাৰ চালে আকৌ চাবলৈ মন যোৱা চিনেমাখনৰ লগত জড়িত SUV and teamটোৰ সাংঘাটিক বিদুৰভাইকেইটাৰ কথা এটাই ক’ম, 'তোমালোকক দেখি সপোন দেখা মানুহবোৰে সাহস পায় । সাহস দিব পৰাটোৱে তোমালোকৰ আটাইতকৈ ডাঙৰ সফলতা । salute to all of you.keep doing the great work' বিদুৰভাই মিছ নকৰিব ৰাইজ । আজিৰ দিনত বাগৰি বাগৰি হাঁহিবলৈ পোৱাটোও এক প্ৰকাৰৰ বিলাসীতা । নে কি কয়?"

ইফালে বিশিষ্ট পৰিচালক হিমাংশুপ্ৰসাদ দাসে উল্লেখ কৰে, "বিদুৰভাই দুৰ্দান্ত, সাংঘাটিক, অপ্ৰতিৰোধ্য, দিল খুছ হৈ গ'ল"। এইদৰেই এতিয়া সামাজিক মাধ্যমত বিদুৰভাইক লৈ চলিছে চৰ্চা । শুভেচ্ছা, প্ৰশংসাৰে ওপচাই তুলিছে বিদুৰভাই পৰিয়ালক । ইফালে কিছু সময় পূৰ্বে ছবিখনৰ পৰিচালক সুব্ৰত কাকতিয়ে ফেচবুকযোগে জনাই যে ইতিমধ্যে গোলাঘাটত তিনিদিনৰ বাবে সকলো ছবিগৃহ হাউচফুল । লগতে বিদুৰভাই টিমে জনোৱা অনুসৰি শেহতীয়া ২৪ ঘণ্টাৰ ভিতৰত বুক মাই শ্ব'ত ৫.৫৮ হাজাৰ দৰ্শকে টিকটৰ আগতীয়া বুকিং কৰিছে । আপুনিও যাওক আপোনাৰ কাষৰ ছবিগৃহলৈ আৰু উপভোগ কৰক 'বিদুৰভাই' ।

লগতে পঢ়ক: সন্তান প্ৰসৱৰ পাচত এগৰাকী মাতৃৰ যি সুখ, আমাৰো তেনেকুৱাই হৈছে চাগে- সুব্ৰত কাকতি - Assamese film Bidurbhai

মুক্তিলৈ মাজত এদিন: বিদুৰভাই চাবলৈ ৰাইজৰ হেতা-ওপৰা; আগতীয়াকৈয়ে হাউচফুল - BIDURBHAI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.