ETV Bharat / entertainment

জলকীয়াৰ জলা নে ভূতৰ ভয়, কি পাব আপুনি ‘ভূত জলকীয়া’ ত ? - Bhoot jolokiya trailer

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Assamese movie Bhoot jolokiya : আজিৰে পৰা ছবিগৃহত ‘ভূত জলকীয়া’ । ৰাজ্যৰ প্ৰায় 14 টা ছবিগৃহত মুক্তি লাভ কৰিছে ছবিখনে । ছবিখনক লৈ আশাবাদী পৰিচালক তথা কলা-কুশলীসকল ।

Assamese movie Bhoot jolokiya releases today approximately in 14 theatres
ভূত জলকীয়াৰ এটি দৃশ্য (Screen Grab from Bhoot Jolokiya Trailer)

গুৱাহাটী, 27 ছেপ্টম্বৰ : আজি মুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি ‘ভূত জলকীয়া’ ই । Green Grass Films আৰু DP Entertainment ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা চিন্ময় শৰ্মাৰ । প্ৰথম সপ্তাহত খুব কম সংখ্যক দর্শনীত মুক্তি দিয়াৰ পৰিকল্পনা কৰা ছবিখন আজি ৰাজ্যৰ প্ৰায় 14 টা ছবিগৃহত মুক্তি দিয়া হৈছে ।

ছবিখনৰ সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ছবিখনৰ পৰিচালনাক চিন্ময় শৰ্মাই জনালে কিছু কথা ।

ছবিখনৰ সম্পৰ্কে পৰিচালক চিন্ময় শৰ্মাৰ মন্তব্য-

দৰাচলতে ট্ৰেইলাৰে মুক্তি লাভ কৰাৰ সময়ৰ পৰাই ‘ভূত জলকীয়া’ ক লৈ এক উৎসাহৰ সৃষ্টি হোৱা দেখা গৈছে দৰ্শকৰ মাজত । বহুতৰ মাজত নামটোকলৈয়ো কৌতূহল সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । ছবিখনৰ সম্পৰ্কে মন্তব্য কৰি পৰিচালকগৰাকীয়ে কয়, “আমাৰ গোটেই টীমটোৰে বৰ ভাল লাগিছে আজি । প্ৰায় ডেৰ বছৰ ধৰি আমি এইখন ছবিৰ কাম কৰি আছো । আজি ছবিখনে মুক্তি লাভ কৰিলে । প্ৰথম দর্শনী কেইটা বৰ্তমান আৰম্ভ হৈছে । খুব ভাল লাগিছে আজি, আশাকৰো দৰ্শকে ছবিখন ভাল পাব ।”

Assamese movie Bhoot jolokiya releases today approximately in 14 theatres
শ্ব’ৰ সময় (Team Bhoot jolokiya)

প্ৰথম সপ্তাহত খুব কম সংখ্যক দর্শনী লোৱাৰ কিবা কাৰণ আছে নেকি ?

এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে জনাই, “আমাৰ পৰিকল্পনাটো আচলতে তেনেকুৱাই আছিল । মানুহে যেতিয়া ছবিখনৰ কথা গম পাব, অৰ্থাৎ দৰ্শকৰ মুখে মুখে যেতিয়া বাগৰিব তেতিয়া ছবিখনৰ বাবে দৰ্শকৰ সংখ্যা বাঢ়িব ৷ লগতে আৰু বহু ডাঙৰ ডাঙৰ ছবি আছে যিখিনি এতিয়া চলি আছে । যিটো কাৰণত আমি ছবিগৃহও বহুত বেছি নাই পোৱা । লগতে ছবিগৃহসমূহত দর্শনীৰ বহুত বেছি ভাল সময় নাই পোৱা । গতিকে আমি যিসমূহ ছবিগৃহত ভাল দর্শনী পাইছো তাত মুক্তি দিছো । আমাৰ পূৰ্বৰে পৰা প্ৰথম সপ্তাহত 15-20 টা ছবিগৃহত মুক্তি দিয়াৰে টাৰ্গেট আছিল ।”

বহিঃৰাজ্যত ক’ত ক’ত মুক্তি দিয়া হ’ব ছবিখন ?

“ছবিখন ৰাজ্যৰ লগতে বাংগালুৰু, দিল্লী আৰু মুম্বাইত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে । পূৰ্বে আমি ছবিখনৰ মুক্তিৰ দুসপ্তাহ পাছত বাহিৰত মুক্তি দিয়াৰ কথা ভাবিছিলো । এতিয়া হয়তো এসপ্তাহ পাছতে মুক্তি দিয়া হ'ব”, এই মন্তব্য চিন্ময় শৰ্মাৰ ৷

আজিৰে পৰা ছবিগৃহত ‘ভূত জলকীয়া’ (Team Bhoot jolokiya)

উল্লেখ্য যে, ছবিখনৰ দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে মিণ্টু বৰুৱা আৰু অতনু মহন্তই ৷ আন আন চৰিত্ৰসমূহত অভিনয় কৰিছে প্ৰীতি খাউণ্ড মহন্ত, দ্বীপ কুমাৰ কলিতা, ভায়লিনা বৰদলৈ, অদ্ৰিতা পৰাশৰ, ত্ৰিবেণী গগৈ, বিশাল ওজা, নয়ন বৰদলৈ, জয়শ্ৰী ভূঞা, তৰুলতা দাস, ভূপেন শৰ্মা আদিকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে পাপু ডেকাই আৰু শব্দৰ কাম দেৱজিৎ গায়নৰ ।

লগতে পঢ়ক : ভোট-জলকীয়াৰ জলা নহয় এইবাৰ ভূত-জলকীয়াৰ থ্ৰীলাৰ চাবলৈ সাজু হওক - Chinmoy Sarmah Bhoot Jolokiya

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.