ETV Bharat / entertainment

আজিৰে পৰা ছবিগৃহত ‘অভিমন্যু’ - NEW ASSAMESE MOVIE ABHIMANYU

আজিৰে পৰা ৰাজ্যৰ ছবিগৃহত নতুন অসমীয়া ছবি ‘অভিমন্যু’ । ইতিমধ্যে পাঠশালাত ‘অভিমন্যু’ ৰ প্ৰথম দিনাৰ প্ৰতিটো শ্ব’ৰ টিকটৰ বুকিং আগদিনাই শেষ হৈছে ।

ASSAMESE MOVIE ABHIMANYU releases today across assam
ছবিগৃহত ‘অভিমন্যু’ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 15, 2024, 1:17 PM IST

গুৱাহাটী : মুক্তি পালে বহু প্ৰত্যাশিত অসমীয়া ছবি 'অভিমন্যু' । আজি সমগ্ৰ অসমৰ প্ৰায় প্ৰতিটো চিত্ৰগৃহতে মুক্তি লাভ কৰিলে ‘অভিমন্যু’ৱে । ইতিমধ্যে পাঠশালাত ‘অভিমন্যু’ৰ প্ৰথম দিনৰ প্ৰতিটো শ্ব’ৰ টিকট আগদিনাই শেষ হৈছে ।

শ্বৱনম এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা অচিন্ত শংকৰৰ । ছবিখনৰ মুক্তিৰ পূৰ্বেই সমাজিক মাধ্যমত ছবিখনক লৈ চৰ্চা আৰম্ভ হোৱাৰ লগতে কাহিনীভাগক লৈ আশাবাদী হৈ পৰিছে দৰ্শকসকল । অচিন্ত শংকৰৰ পৰিচালনাৰে নিৰ্মিত ‘অভিমন্যু’ মহাভাৰতৰ ‘অভিমন্যু’তকৈ পৃথক । ‘অভিমন্যু’ক চক্ৰবেহুত সোমাই পিছলৈ ওলাই আহিব নোৱাৰা এগৰাকী যোদ্ধা হিচাপে সকলোৱে জানে কিন্তু ছবিখনত অভিমন্যুৰূপী প্ৰভাত নামৰ চৰিত্ৰটোৱে চক্ৰবেহুত সোমাই যদিও পিছলৈ প্ৰতিটো চক্ৰবেহুৰ সীমা ভাঙি কিদৰে ওলাই আহিবলৈ সক্ষম হয়, সেয়া চোৱাটো লক্ষণীয় হ’ব ।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কমল লোচন আৰু দীপলিনা ডেকাই । কণ্ঠশিল্পী দীপলিনা ডেকাই অভিনয় কৰা এইখন দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি । তেওঁলোকৰ লগতে ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, ৰিম্পি দাস, ভাগৱত প্ৰীতম, ৰাজীৱ গোস্বামী, হিমাংশু প্ৰসাদ দাস, চাংকু নিৰঞ্জন নাথ, জলি লস্কৰ, অসীম কৃষ্ণ বৰা, শ্ৰেয়া বৰঠাকুৰ, কৌশিক নাথকে ধৰি বহু ন-পুৰণি কলা-কুশলীয়ে । জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈকো এটা বিশেষ চৰিত্ৰত দেখিবলৈ পোৱা যাব ৷

ছবিখনৰ সংগীত কৰিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা আৰু ৰাজদ্বীপে । গীতৰ কথা লিখিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা, ৰাজদ্বীপ আৰু ৰাহুল গৌতম শৰ্মাই । মূলত গ্ৰাম্য জীৱনৰ এটা প্ৰেম কাহিনী আধাৰ হিচাপে লৈ নিৰ্মাণ এই নতুন অসমীয়া ছবিখনৰ এক্সন কৰিছে দক্ষিণৰ এটা দলে । অসমৰ লগতে দেশৰ বিভিন্ন স্থানত কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ । ছবিখনৰ চিত্ৰনাট্য তথা সংলাপ হিমাংশু নাথৰ । প্ৰদীপ দৈমাৰীৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত ছবিখনৰ ছাউণ্ডৰ কাম কৰিছে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইয়ে । কৰিঅ’গ্ৰাফাৰ হিচাপে আছে দীপক দে’ ।

লগতে পঢ়ক : বেহু ভেদ কৰি ওলাই আহিব আজিৰ অভিমন্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.