ETV Bharat / entertainment

হিন্দী ছবিয়েও ভাঙিব নোৱাৰিলে ‘বিদুৰভাই’ৰ প্ৰাচীৰ - Assamese film Bidurbhai

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 2:27 PM IST

Bidurbhai total Collection: অব্যাহত আছে 'বিদুৰভাই'ৰ জয়যাত্ৰা । ছবিগৃহত সগৌৰৱে চলি থকা ছবিখনে ভৰি দিলে ষষ্ঠ সপ্তাহত । মুক্তিৰ পৰা এতিয়ালৈকে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে প্ৰায় 11 কোটি টকা ৷

assamese film Bidurbhai successfully running
বিদুৰভাইৰ পোষ্টাৰ (Suvrat Kakoti socia media handle)

গুৱাহাটী, 24 আগষ্ট : অভিলেখৰ দিশে যাত্ৰা অব্যাহত আছে অসমীয়া ছবি ‘বিদুৰভাই’ৰ । বহুকেইখন বিগ বাজেটৰ হিন্দী ছবিৰ লগত ফেৰ মাৰি সগৌৰৱে ছবিগৃহত চলি আছে অসমীয়া ছবি বিদুৰভাই । চলিত বছৰৰ 19 জুলাইত মুক্তি লাভ কৰা ছবিখনে ভৰি দিলে ষষ্ঠ সপ্তাহত । ষষ্ঠটো সপ্তাহত ৰাজ্যৰ প্ৰায় 69 টা ছবিগৃহত চলি আছে ছবিখন । "বিদুৰভাই" ৰ প্ৰতি দৰ্শকৰ যি মৰম সেয়া প্ৰমাণ কৰিলে ছবিখনৰ মুঠ সংগ্ৰহে । ছবিখনৰ মুক্তিৰ পৰা এতিয়ালৈকে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে প্ৰায় 11 কোটি টকা ।

নামী-দামী হিন্দী ছবিও প্ৰাচীৰ হিচাপে থিয় হ'ব পৰা নাই ‘বিদুৰভাই’ ৰ সন্মুখত ৷ বিগত সপ্তাহত মুক্তি লাভ কৰিছিল ‘খেল খেল মে’, ‘স্ত্ৰী 2’ আদিকে ধৰি কেইবাখনো নামী দামী হিন্দী ছবি । কিন্তু এইসমূহ হিন্দী ছবিয়েও ৰাজ্যত হ্ৰাস কৰিব ‘বিদুৰভাই’ ৰ জনপ্রিয়তা ।

লগতে পঢ়ক : টিকটৰ লগতে অহা-যোৱা খৰচো কম নহয় বহুতৰ বাবে, তেনেকুৱাত যদি চিনেমাৰ শ্ব’ নচলে ! - Bidurbhai show at Gold Cinema

‘বেহাৰবাৰী আউটপোষ্ট’ খ্যাত চুমকী কছাৰীয়ে সঁচাকৈয়ে ভয় কৰে নেকি শিঙিমাছলৈ ? - ASSAMESE FILM BIDURBHAI cast

বিদুৰভাইৰ এই জয়যাত্রাৰ সন্দৰ্ভত ছবিখনৰ পৰিচালনা সুব্ৰত কাকতিৰ সৈতে ইটিভি ভাৰতৰ সৈতে হোৱা এটা টেলিফোনিক বাৰ্তালাপত কাকতিয়ে কয়, ‘অসমীয়া মানুহে সদায় অসমীয়া ছবিয়ে চাব । অসমীয়া মানুহে যেতিয়া চাম বুলি ভাবে, মৰম দিম বুলি ভাবে, তেতিয়া কোনেও ৰখাব নোৱাৰে । সাধাৰণতে অসমীয়া ছবিয়ে হিন্দী ছবিৰ বাবে ঠাই পোৱা নাই বুলি কোৱা হয় । কিহৰ কাৰণে নাজানো । কিন্তু সেইক্ষেত্ৰত আমি বহু সৌভাগ্যৱান । অসমবাসী ৰাইজে আমাক বহুত মৰম দিছে । এতিয়াও কৰবাত কৰবাত ছবিগৃহ হাউচফুল হৈ আছে ।’

ছবিখনৰ মুঠ সংগ্ৰহত সুখী নিৰ্মাতা

এই সন্দৰ্ভত সুব্ৰত কাকতিয়ে কয়, ‘এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা । বিদুৰভাইৰ নিচিনা 100% বাণিজ্যিকধৰ্মী ছবিখনে ইমান বেছি সংগ্ৰহ কৰিব বুলি ভৱা নাছিলোঁ । এয়া একমাত্ৰ ৰাইজৰ মৰমৰ বাবে সম্ভৱ হৈছে ।’

কাহিনী ভাল হ'লে চিনেমা চলে

অত্যন্ত চিনাকী মুখ একোখন নহ’লেও ভাল কাহিনী আৰু পৰিচালনাৰে যে এখন সুন্দৰ ছবি নিৰ্মাণ কৰিব পাৰি তাকেই প্ৰমাণ কৰিলে পৰিচালক সুব্ৰত কাকতিয়ে । এই সন্দৰ্ভত পৰিচালক গৰাকীয়ে কয়, "কাহিনীটো নিশ্চয় ভাল হ'বই লাগিব । দ্বিতীয়তে 'বিদুৰভাই' নামটো বহুত বেছি জনপ্রিয় হয় । গতিকে সেইটো কাৰণতে আৰম্ভণিতে আমাৰ বহুত বেছি লাভ হৈছিল । মানুহে আগৰ 'বিদুৰভাই'ৰ বিশ্বাসত ছবিখন চাবলৈ আহিছিল, কিন্তু দৰ্শকসকল আহি নিৰাশ নহ'ল আৰু আগতকৈ বেছিহে ভাল পালে । সেইটো কাৰেই ৰাইজৰ উৎসাহ আগতকৈ বেছি বাঢ়িবলৈহে ধৰিলে । দীঘলীয়াকৈ যদি ছবি এখন চলাবলৈ মন আছে তেন্তে কাহিনী ভাল হ'বই লাগিব ।"

উল্লেখ্য যে, বিদুৰভাই ছবিখনৰ প্ৰচাৰ ছবিখনৰ টীমটোৱে কৰাতকৈ মুখ বাগৰিহে বেছিকৈ হৈছে ৷ দৰ্শনীৰ পৰা ওলাই অহা প্ৰতিজন দৰ্শকৰে মুখত ছবিখনৰ বিষয়ে যোগাত্মক কথাই শুনিবলৈ পোৱা গৈছে ৷ অসমীয়া ছবিৰ এই জয়যাত্ৰা অব্যাহত থাকক ৷

লগতে পঢ়ক : অসমবাসীৰ ওচৰত চিৰকৃতজ্ঞ বিদুৰভাইৰ পৰিচালক - Assamese film Bidurbhai

সন্তান প্ৰসৱৰ পাচত এগৰাকী মাতৃৰ যি সুখ, আমাৰো তেনেকুৱাই হৈছে চাগে- সুব্ৰত কাকতি - Assamese film Bidurbhai

"বিদুৰভাই" শ্বুটিঙৰ সময়ত কি কি হৈছিল ? ছবিখনক লৈ কি ক’লে পৰিচালক সুব্ৰত কাকতিয়ে - Assamese Movie Bidurbhai

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.