ETV Bharat / entertainment

আকৌ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ আহি আছে জেৰিফা ৱাহিদ - Zerifa Wahid new TV serial

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 10:38 PM IST

Zerifa Wahid: পোনপ্ৰথমবাৰৰ বাবে ব্যক্তিগত টিভি চেনেলৰ ধাৰাবাহিক জগতখনত খোজ পেলাইছে অভিনেত্ৰী জেৰিফা ৱাহিদে । ইমানদিনে ধাৰাবাহিকত পূৰ্বে কিয় অভিনয় কৰা নাছিল অভিনেত্ৰীগৰাকীয়ে ? ই টিভি ভাৰতৰ সৈতে ফোনযোগে হোৱা এক সাক্ষাৎকাৰত আভনেত্ৰীগৰাকীয়ে জনালে এই কথা...

Zerifa Wahid
অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ আহি আছে জেৰিফা ৱাহিদ (ETV Bharat)

গুৱাহাটী, 12 আগষ্ট: অসমীয়া ছবিজগতৰ এগৰাকী জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী জেৰিফা ৱাহিদ । কেইবাদশক জুৰি তেওঁৰ দুৰ্দান্ত অভিনয়ৰে মোহাচ্ছন্ন কৰি ৰাখিছে দৰ্শকক । পৰিচালক মৃদুল গুপ্তাই পৰিচালনা কৰা অসমীয়া ছবি ‘‘অভিমান’’ত শিশুশিল্পী হিচাপে অভিনয় কৰি অসমীয়া ছবিজগত খোজ পেলাইছিল জেৰিফা ৱাহিদে ৷ পিছলৈ অভিনেত্ৰীগৰাকীয়ে অগ্নিগড়, তুমি মোৰ মাথোঁ মোৰ, নায়ক, কথানদী, ৰাগ, আহিৰ ভৈৰৱ, অগ্নিসাক্ষী, দেউতা দিয়া বিদায় আদিকে ধৰি কেইবাখনো অসমীয়া ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।

Zerifa Wahid
নতুন অসমীয়া ধাৰাবাহিক (ETV Bharat)

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ অনুৰাগীৰ বাবে আহিছে এক ভাল খবৰ । প্ৰথমবাৰ বাবে ব্যক্তিগত টিভি চেনেলৰ ধাৰাবাহিকত দেখা পোৱা যাব অভিনেত্ৰী জেৰিফা ৱাহিদক । পৰিচালক বাপা আহমেদৰ পৰিচালনাৰে আহিবলগীয়া ধাৰাবাহিক "বহাগী"ত দেখিবলৈ পোৱা যাব অভিনেত্ৰীগৰাকীক । ধাৰবাহিকখনৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে ৰাজ বাস্ফৰ । সহ পৰিচালনা কৰিছে ৰৌজ আৰু আৰ কে হৰ্ষে ।

Zerifa Wahid
টীম বহাগী (ETV Bharat)

ব্যক্তিগত টিভি চেনেলৰ ধাৰাবাহিকত পূৰ্বে কিয় অভিনয় কৰা নাছিল জেৰিফা ৱাহিদে ?

অসমীয়া ছবিত নিজৰ সুন্দৰ অভিনয় যাদুৰে দৰ্শকক মোহাচ্ছন্ন কৰা অভিনেত্ৰীগৰাকীয়ে পূৰ্বে কিয় ব্যক্তিগত টিভি চেনেলৰ ধাৰাবাহিকত অভিনয় কৰা নাছিল ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে ফোন যোগে হোৱা এক সাৎক্ষাৎকাৰত আভিনেত্ৰীগৰাকীয়ে কয়, ‘‘পূৰ্বেও যেতিয়া অসমত নতুনকৈ মনোৰঞ্জনধৰ্মী চেনেলসমূহ আহিছিল তেতিয়াও মোক বহু ধাৰাবাহিকৰ বাবে যোগাযোগ কৰিছিল । কিন্তু মই কৰা নাছিলো ৷ কাৰণ, তেওঁলোকৰ এগৰাকী অভিনেত্ৰী বা অভিনেতাক দিবলগীয়া পৰিশ্ৰমিকৰ মূল্য বহুত কম আছিল । সেইসময়ত মই বহু প্ৰযোজক, পৰিচালকক কৈছিলো যে ইমান কম পইচাত আপোনালোকে কাম কৰিব বিচাৰিছে, ফলত ধাৰাবাহিকৰ ভৱিষ্যতটো খুৱ বেয়া হ'ব । সেইসময়ত যিখিনি শিল্পী আছিল তেওঁলোকৰ পাৰিশ্ৰমিক সাংঘাতিক কম আছিল । তেতিয়াৰ পৰা এতিয়ালৈ সেয়া কমিহে আহিছে বঢ়া নাই । ইয়াৰোপৰি মই ধাৰাবাহিকত অভিনয় নকৰাৰ বহু আনুষংগিক কাৰণো আছে যাৰ বাবে মই ইয়াৰ পৰা দূৰত আছিলোঁ ।"

কি কাৰণে এই ধাৰাবাহিকখনত অভিনয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ?

ভিন্ন কাৰণত ব্যক্তিগত টিভি চেনেলৰ ধাৰাবাহিকত অভিনয় কৰাৰ পৰা বিৰত থকা জেৰিফা ৱাহিদে কি কাৰণত এই ধাৰাবাহিকখনত অভিনয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে এই সন্দৰ্ভত কয়, ‘‘এই ধাৰাবাহিকখনৰ বাবে মোক বাপা আহমেদে ফোন কৰি বহু কম সময়ৰ ভিতৰতে এই ধাৰাবাহিকখনৰ কাহিনীটো শুনালে । যেতিয়া মই দেখিলো পৰিচালকগৰাকী তেওঁ নিজৰ কাহিনীটোক লৈ তেওঁ নিশ্চিত হৈ আছে, এনেকুৱা নহয় যে তেওঁ আধাকাহিনী বনাই থৈছে বাকীখিনি বনাবলৈ বাকী আছে । কাহিনীটোৰ চৰিত্ৰটো মোৰ ভাল লাগিল । তেওঁ শ্বুটিঙৰ ছেটৰ বাবে যিখিনি প্ৰয়োজন সেইখিনি কৰিম বুলি মোক কথা দিলে । পাৰিশ্ৰমিকো মোক ভালেই দিছে । যিমান দিছে তাতকৈ অকমান মই কমায়েই লৈছো । মোৰ সহ-অভিনেতা-অভিনেত্ৰী সকলো খুৱ ভাল ৷’’

অসমীয়া মনোৰঞ্জনধৰ্মী চেনেল স্পন্দনত সম্প্ৰচাৰ হ'বলগীয়া ধাৰাবাহিক "বহাগী" ধাৰাবাহিকখনৰ শেহতীয়া এটি প্ৰম’ এ লগাইছে খলকনি । বহুদিনৰ পিচত অভিনেত্ৰীগৰাকী অভিনয়ৰ মাজলৈ উভতি অহাৰ বাৰ্তা লাভ কৰি উৎসাহিতও হৈ পৰিছে তেওঁৰ অনুৰাগীসকল । অভিনেত্ৰীগৰাকীৰ লগতে ধাৰাবাহিকখনত দৰ্শকে দেখিবলৈ পাব ৰীনা বৰা, ভাৰ্গৱ কটকী, জয়ন্ত ভাগৱতী, দিব্যজ্যোতি দাস, দীপাংকৰ ৰয় আদিকে ধৰি বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীক ।

লগতে পঢ়ক: লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ধাৰাবাহিক সম্প্ৰচাৰ কৰিব প্ৰসাৰ ভাৰতীয়ে, দিছপুৰত বুজাবুজিৰ চুক্তি স্বাক্ষৰ - Lachit Borphukon

সুদীৰ্ঘ ১২ বছৰৰ পিচত ৰূপালী পৰ্দাত আকাশদ্বীপ: কিন্তু এইবাৰ ভিন্ন ৰূপত - Agniveer

YouTube ৰ পৰা কেনেকৈ ছবিজগত পালেগৈ ৰাজীৱ দুৱৰী - Actor Rajib Dowari interview

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.