ETV Bharat / entertainment

‘দ্য লাষ্ট অ'নাৰ’ এ চিত্ৰগ্ৰহণকাৰী চন্দ্ৰ কুমাৰক দিলে বিশেষ সন্মান - ASSAM CINEMATOGRAPHER CHANDRA KUMAR

“য়থাকথা ইণ্টাৰনেশ্যনেল ফিল্ম এণ্ড লিটাৰেছাৰ ফেষ্টিভেল” ত “ভাৰতীয় চিনেমাৰ শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰী” ৰ খিতাপ দখল অসমৰ চিত্ৰগ্ৰহণকাৰী চন্দ্ৰ কুমাৰৰ ।

Assam cinematographer Chandra Kumar wins the title of "Best Cinematographer of Indian Cinema"
অসমৰ চিত্ৰগ্ৰহণকাৰী চন্দ্ৰ কুমাৰ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Dec 5, 2024, 6:53 PM IST

গুৱাহাটী : “য়থাকথা ইণ্টাৰনেশ্যনেল ফিল্ম এণ্ড লিটাৰেছাৰ ফেষ্টিভেল”ৰ তৃতীয় সংস্কৰণত “ভাৰতীয় চিনেমাৰ শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰী” ৰ খিতাপ দখল অসমৰ চিত্ৰগ্ৰহণকাৰী চন্দ্ৰ কুমাৰৰ । ৰজি বৰাৰ দ্বাৰা পৰিচালিত আৰু মৃণাল বীন কুটুবৰ দ্বাৰা প্ৰযোজিত ‘দ্য লাষ্ট অ'নাৰ’ ৰ বাবে এই সন্মান লাভ চিত্ৰগ্ৰহণকাৰী চন্দ্ৰ কুমাৰৰ ।

বিশেষ সন্মান লাভ কৰাৰ পাছত ইটিভি ভাৰতৰ সাংবাদিকে তেওঁৰ সৈতে যোগাযোগ কৰে ৷ টেলিফোনিক বাৰ্তালাপত চিত্ৰগ্ৰহণকাৰী কুমাৰে এই অভিজ্ঞতা সন্দৰ্ভত মনৰ ভাৱ প্ৰকাশ কৰে । তেওঁ কয়, “খুব এক ভাল অনুভৱ । ‘দ্য লাষ্ট অ'নাৰ’ এই ছবিখনৰ বাবে এই সন্মান মই লাভ কৰিছো । এই ছবিখনে ইতিমধ্যে বহুকেইটা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিভিন্ন শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । এইবাৰ দৃশগ্ৰহণকাৰী শাখাত মই শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হ’লো । সেয়ে খুব ভাল লাগিছে । লগতে আগলৈয়ো যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰো তাৰে চেষ্টা চলাই থাকিম ।”

Assam cinematographer Chandra Kumar wins the title of
চিত্ৰগ্ৰহণৰ সময়ত কুমাৰ (ETV Bharat Assam)

উল্লেখ্য যে, ২০২২ আৰু ২০২৩ বৰ্ষত দুবাৰকৈ শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰীৰ শাখাত ‘প্ৰাগ চিনে এৱাৰ্ড’ লাভ কৰিছে চন্দ্ৰ কুমাৰে । ২০২২ চনৰ ঘোষ্ট অৱ মাইখুলি ছবিখনৰ বাবে আৰু ২০২৩ চনত ‘মেড ইন নলবাৰী’ এই ছবি দুখনৰ বাবে শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰীৰ সন্মান লাভ কৰিছিল ।

উল্লেখ্য যে, সদ্যমুক্তি প্ৰাপ্ত দুখন ছবি ‘জয় হনুমেন’ আৰু ‘সুন্দৰপুৰ কেঅ'ছ’ৰ দৃশ্যগ্ৰহণ কৰিছিল চন্দ্ৰ কুমাৰে । উক্ত ছবি দুখনৰ উপৰিও তেওঁ বিগত সময়ত যিসমূহ কৰ্মসম্পাদন কৰিছে সেই আটাইয়ে প্ৰশংসিত হৈছে জনসমাজত । সমান্তৰালভাৱে আহিবলগীয়া ছবি 'কেছটো নগেনৰ' লগতে কেইবাখনো ছবিৰ দৃশ্য গ্ৰহণ কৰিছে চন্দ্ৰ কুমাৰে ।

চন্দ্ৰ কুমাৰলৈ বিশেষ সন্মান (ETV Bharat Assam)

সাধাৰণতে ছবি বুলি ক’লে আমি অভিনেতা-অভিনেত্ৰী বা কেমেৰাৰ সন্মুখত থকা লোকসকলৰ কথাহে চর্চা কৰো । ছবি এখন নিৰ্মাণৰ আঁৰত যিসকল ব্যক্তি জড়িত হৈ থাকে তেওঁলোকৰ বিষয়ে বহু কম চৰ্চা কৰো । কিন্তু এখন ছবি, চুটি ছবি বা গান এটাক সফলতাৰ শিখৰলৈ নিয়াত কেমেৰা পাছফালে থকা লোকসকলৰ সমান্তৰালকৈ এগৰাকী দৃশ্যগ্ৰহণকাৰীৰ অৱদান যথেষ্ট ।

লগতে পঢ়ক : ‘পুষ্পা ২’ ৰ কাৰণে মুক্তিৰ তাৰিখ সলনি হোৱা ‘তাৰিখ’ ৰ বিশেষ সফলতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.