ETV Bharat / entertainment

মাত্ৰ ৩ দিনতে বাজেটতকৈ অধিক উপাৰ্জন কৰিলে আৰ্টিকেল ৩৭০ এ - আৰ্টিকেল ৩৭০

Article 370 Box Office Collection Day 3: ‘আৰ্টিকেল ৩৭০’এ দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে । সপ্তাহৰ শেষৰ ফালে এই ছবিখনে বক্স অফিচত ভাল ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

Article 370 Box Office Day 3: the film exceeded its budget in just three days
আৰ্টিকেল ৩৭০ বক্স অফিচ সংগ্ৰহ
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 10:20 AM IST

চিটাৰা ডেস্ক, ২৬ ফেব্ৰুৱাৰী: য়ামী গৌতম আৰু প্ৰিয়মণি অভিনীত ছবি ‘আৰ্টিকেল ৩৭০’ এ বক্স অফিচত ভাল প্ৰদৰ্শন আগবঢ়াইছে । কাশ্মীৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ আধাৰত নিৰ্মিত ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ এই ছবিখন চাবলৈ ছবিগৃহত ভিৰ কৰিছে দৰ্শকে । ছবিখনৰ মুকলিৰ দিনা ভাল ধন উপাৰ্জন কৰাৰ লগতে বক্স অফিচত এতিয়াও অব্যাহত আছে ছবিখনৰ উপাৰ্জন ৷ এই প্ৰতিবেদনত জানো আহক য়ামী গৌতমৰ ছবিখনে মুক্তিৰ তৃতীয় দিনটোত কিমান উপাৰ্জন কৰিছে ৷

মুক্তিৰ তৃতীয় দিনটোত কিমান উপাৰ্জন কৰিছে আৰ্টিকেল ৩৭০ এ ?

যোৱা ২৩ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিছিল ‘আৰ্টিকেল ৩৭০’ । এই ছবিখনে প্ৰথম দিনাই বিদ্যুৎ জামৱালৰ ‘ক্ৰেক’ৰ সৈতে প্ৰতিযোগিতা কৰিবলগীয়া হৈছিল । একে সময়তে ছবিখনে ইতিমধ্যে ছবিগৃহত চলি থকা শ্বাহিদ কাপুৰৰ ‘তেৰী বাতোঁ মে এইছা উলঝা জিয়া’ ছবিখনৰ সৈতেও প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া হৈছিল ।

অৱশ্যে য়ামী গৌতমৰ ছবিখনে দৰ্শক আৰু সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছে আৰু ইয়াৰ লগে লগে ছবিখনে বক্স অফিচত নিজৰ স্থান দৃঢ় কৰিবলৈ সক্ষম হৈছে । ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে ‘আৰ্টিকেল ৩৭০’ এ মুক্তিৰ প্ৰথম দিনাই ৫.৯ কোটি টকা সংগ্ৰহ কৰিছিল । দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে ছবিখনে ২৫.৪২ শতাংশ বৃদ্ধিৰে ৭.৪ কোটি টকা উপাৰ্জন কৰে । এতিয়া ছবিখনৰ মুক্তিৰ তৃতীয় দিনা অৰ্থাৎ প্ৰথম দেওবাৰৰ উপাৰ্জনৰ তথ্য প্ৰকাশ পাইছে ।

  • Sacknilk ৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি ‘আৰ্টিকেল ৩৭০’ এ মুক্তিৰ তৃতীয় দিনা অৰ্থাৎ প্ৰথম দেওবাৰে ৯.৫০ কোটি টকা সংগ্ৰহ কৰিছে ।
  • ইয়াৰ লগে লগে ‘আৰ্টিকেল ৩৭০’ৰ তিনিদিনৰ মুঠ সংগ্ৰহ হৈছে গৈ ২২.৮০ কোটি টকা ।

উল্লেখ্য যে, মাত্ৰ তিনিদিনতে ‘আৰ্টিকেল ৩৭০’ এ বাজেটতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ হয়, মাত্ৰ তিনিদিনতে ২১ কোটিতকৈ অধিক টকা উপাৰ্জন কৰি ব্যয় কৰা ধনতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ছবিখনে ৷ যদি এনেদৰেই যদি ছবিখনৰ উপাৰ্জন অব্যাহত থাকে তেন্তে নিশ্চিত ভাৱে ছবিখন ছুপাৰহিট ৰূপে পৰিগণিত হ’ব ৷

'আৰ্টিকেল ৩৭০' পৰিচালনা কৰিছে আদিত্য সুহাছ জম্ভালে আৰু প্ৰযোজনা কৰিছে আদিত্য ধৰে । ছবিখনত য়ামী গৌতম, প্ৰিয়মণি, কিৰণ কৰ্মাৰকাৰকে ধৰি বহু অভিনেতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ছবিখনত জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সময়ত চৰকাৰে সন্মুখীন হোৱা অসুবিধাসমূহ দেখুওৱা হৈছে ।

লগতে পঢ়ক: দ্বিতীয় দিনা বক্স অফিচত কিমান উপাৰ্জন কৰিলে য়ামী গৌতমৰ আৰ্টিকেল ৩৭০ য়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.