ETV Bharat / entertainment

পুত্ৰৰ জন্মৰ পিচত প্ৰথমবাৰ স্বামী কোহলিক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত উপস্থিত অনুষ্কা - Anushka Sharma

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 10:09 AM IST

Anushka Sharma : পুত্ৰ আকাই কোহলিৰ জন্মৰ পিচত প্ৰথমবাৰৰ বাবে স্বামী বিৰাট কোহলিৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত দেখা গ’ল অনুষ্কা শৰ্মাক ৷ অনুষ্কাৰ মুখত এটা উজ্জ্বল হাঁহি আৰু উৎসাহ দেখা গৈছিল ৷ সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে অনুষ্কাৰ ফটোৱে ৷

Etv BharatAnushka Sharma
পুত্ৰৰ জন্মৰ পিচত প্ৰথমবাৰ স্বামী কোহলিক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত উপস্থিত অনুষ্কা (Etv Bharat english)

চিটাৰা ডেস্ক, 5 মে’ : ক্ৰিকেটাৰ বিৰাট কোহলিৰ পত্নী বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মাক তেওঁলোকৰ পুত্ৰ আকাই কোহলিৰ জন্মৰ পিচত প্ৰথমবাৰৰ বাবে বেংগালুৰুৰ ক্ৰিকেট ষ্টেডিয়ামত দেখা গৈছে ৷ বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত গুজৰাট টাইটানছৰ মুখামুখি হোৱা এক ৰোমাঞ্চকৰ খেলৰ সময়ত অনুষ্কাই তেওঁৰ স্বামী আৰু তেওঁৰ দলটোক সমৰ্থন কৰা দেখা গৈছে ৷ তেওঁ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বাবে উল্লাস কৰা দেখা গৈছিল ।

অনুষ্কাৰ মুখত এটা উজ্জ্বল হাঁহি আৰু বিৰাটৰ দলক কৰা সমৰ্থনৰ ফটো বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৷ এই ফটোখনক সমগ্ৰ বিশ্বৰ অনুৰাগীসকলে প্ৰশংসা কৰে ৷ ষ্টেডিয়ামত অনুষ্কাৰ উপস্থিতিয়ে আই পি এল খেলখনৰ ৰোমাঞ্চকতা বৃদ্ধি কৰিছিল বুলিও বিভিন্ন জনে মত প্ৰকাশ কৰে ।

বিশেষকৈ যেতিয়া বিৰাটে ছয় ৰাণ কৰিছিল আৰু ৰাণ আউটৰ পৰা ৰক্ষা পাইছিল, তেতিয়া অনুষ্কাৰ বিৰাটলৈ আগবঢ়োৱা সমৰ্থনৰ ফটোৱে সামাজ্যিক মাধ্যমত ব্যপক চৰ্চা লাভ কৰিছে ৷ দুয়োৰে দুয়োজনৰ প্ৰতি মৰম আৰু প্ৰশংসাৰ ফটোৱে ছ’চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷

আকাইৰ জন্মৰ পিচত প্ৰথবাৰৰ বাবে অনুষ্কাৰ এয়া ৰাজহুৱা উপস্থিতি আছিল ৷ অনুষ্কাক অলপতে তেওঁৰ জন্মদিন উদযাপনৰ সময়ত দেখা গৈছিল, য'ত তেওঁ বিৰাট আৰু তেওঁৰ আৰচিবি সতীৰ্থসকলৰ সৈতে এক অন্তৰংগ ডিনাৰ পাৰ্টীত যোগদান কৰিছিল । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ খেলুৱৈ ফাফ ডু প্লেচিছে পাৰ্টীৰ এক স্নেপ টুইট কৰিছিল ৷ য'ত অনুষ্কাক তেওঁৰ জন্মদিন ঘনিষ্ঠ লোকসকলৰ সৈতে তেওঁৰ বিশেষ দিনটো উদযাপন কৰা দেখা গৈছিল ৷

অভিনেত্ৰীগৰাকীৰ জন্মদিনত, বিৰাটে এক ইনষ্টাগ্ৰাম বাৰ্তাৰ যোগেদি অনুষ্কাৰ প্ৰতি তেওঁৰ অনুভৱ সুন্দৰ ভাষাত প্ৰকাশ কৰিছিল ৷ অনুষ্কাৰ মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনাইছিল বিৰাটে ।

বিৰাট আৰু অনুষ্কাই 2023 চনত এটা চেম্পু বিজ্ঞাপনৰ সময়ত প্ৰথমবাৰৰ বাবে লগ পাইছিল ৷ তাৰ পিচৰে পৰাই তেওঁলোকৰ সম্পৰ্ক বন্ধুত্বলৈ পৰিৱৰ্তিত হৈছিল, 2017 চনত তেওঁলোকে বিবাহপাশত অৱদ্ধ হৈছিল । 2021 চনত তেওঁলোকৰ জীৱনলৈ কন্যা ভমিকা আহিছিল ৷ চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁলোকৰ পুত্ৰ আকাইৰ জন্ম হয় ৷

লগতে পঢ়ক:

গ্ৰীষ্মকালত নিজকে শীতল কৰি ৰাখিব বিচাৰিছে নেকি ? তেন্তে অনুসৰণ কৰক আলিয়া ভাটৰ এই ষ্টাইল - Alia Bhatt

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.