ETV Bharat / entertainment

বিৰাট আৰু মই নিখুঁত পিতৃ-মাতৃ নহয় : অনুষ্কা শৰ্মা - Anushka Sharma on parenting

Anushka Sharma as a mother: অনুষ্কা শৰ্মা বুধবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মুম্বাইত উপস্থিত হয় । এই সময়ছোৱাত তেওঁ স্বামী বিৰাটৰ কথা আৰু তেওঁলোক পিতৃ-মাতৃ হোৱাৰ চাপৰ কথা প্ৰকাশ কৰে ৷ সবিশেষ আগলৈ-

Anushka Sharma make a big comment: Says Virat and i aren't perfect parents
অনুষ্কা শৰ্মা- বিৰাট কোহলী (ANI)
author img

By ETV Bharat Entertainment Team

Published : Sep 5, 2024, 6:58 PM IST

চিটাৰা ডেস্ক, 5 ছেপ্টেম্বৰ : অনুষ্কা শৰ্মা অলপতে ভাৰতলৈ উভতি আহিছে আৰু বুধবাৰে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানটোত তেওঁ পিতৃ-মাতৃ হোৱাৰ পিছত তেওঁৰ আৰু বিৰাটৰ অভিজ্ঞতা শ্বেয়াৰ কৰে । অভিভাৱকত্বৰ বিষয়ে কথা পাতি অনুষ্কাই কয়, “শিশুসকলৰ বাবে নিখুঁত অভিভাৱক হোৱাত যথেষ্ট চাপ আছে । কিন্তু মই বুজি পাওঁ যে আমি নিখুঁত অভিভাৱক নহয় । আমি কথাবোৰৰ বিষয়ে অভিযোগ কৰিম আৰু তেওঁলোক দুয়োৱে এই কথা স্বীকাৰ কৰিব লাগিব । শিশুসকলৰ বাবে এইটো জনাটোও গুৰুত্বপূৰ্ণ যে মোৰ মা-দেউতা এনেকুৱা ।”

সামাজিক জীৱনৰ পৰিৱৰ্তন

অনুষ্কাই সন্তান জন্ম দিয়াৰ পিছত তেওঁৰ আৰু বিৰাটৰ সামাজিক জীৱনৰ পৰিৱৰ্তনৰ বিষয়েও কয় । “মই আমাৰ দৰে লোকসকলৰ সৈতে থাকিবলৈ চেষ্টা কৰো । বহুসময়ত মানুহে মোক ৰাতিৰ আহাৰ বা সন্ধিয়াৰ জলপানৰ বাবে নিমন্ত্ৰণ কৰে কিন্তু তেওঁলোকে জলপান কৰাৰ সময়ত আমি আমাৰ ৰাতিৰ আহাৰ সম্পন্ন কৰো”, এই মন্তব্য অনুষ্কাৰ ।

ল’ৰা-ছোৱালীয়ে কেৱল আপোনাৰ পৰাই শিকে: অনুষ্কা

ইয়াৰ লগতে তেওঁ কয়, “মোৰ ক্ষেত্ৰত মোৰ ছোৱালীজনী এতিয়াও বহুত সৰু আৰু সমাজৰ দৃষ্টিকোণৰ পৰা সদায় শিশুেকই শিকাব লাগে ৷ কিন্তু মই বিশ্বাস কৰো যে মই তাইক বেছি শিকাব নোৱাৰো । ডাঙৰ হৈ অহাৰ লগে লগে তাই চৌপাশৰ বস্তু আৰু মানুহৰ পৰা বহু কথা শিকিব । কিন্তু কিছুমান কথাত মই নিশ্চিতভাৱে তাইক পথ প্ৰদৰ্শন কৰিব পাৰো । আনহাতে শিশুসকলেও আপোনাৰ পৰাই শিকিব । শিশুৱে আপুনি কোৱা কথাৰ পৰা শিকিব নোৱাৰে, বৰঞ্চ আপুনি কেনে আছে বা কেনে আচৰণ কৰে তাৰ পৰাহে শিকে ।”

2017 চনৰ 11 ডিচেম্বৰত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ বিবাহ হৈছিল । তেওঁলোকৰ দুটি সন্তান, বামিকা আৰু অকায় ।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অনুষ্কা শৰ্মাক জিৰ’ ছবিখনত শ্বাহৰুখ খানৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা গৈছিল । এই ছবিখন 2018 চনত মুক্তি পাইছিল । তেওঁৰ আগন্তুক ছবি ভাৰতীয় ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ বায়’পিক, যাৰ নাম চাকদা এক্সপ্ৰেছ ।

লগতে পঢ়ক : স্বামী আৰু সন্তান অবিহনে লণ্ডনৰ পৰা উভতি আহিল অনুষ্কা শৰ্মা - Anushka Sharma Mumbai Airport Look

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.