ETV Bharat / entertainment

স্পটলাইটৰ পৰা আঁতৰি নিস্তব্ধ জীৱনৰ দিশে আগবাঢ়িছে নেকি বিৰাট-অনুষ্কা - anushka virat london settlement

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 1:47 PM IST

Virushka London visit: স্থানান্তৰৰ উৰাবাতৰিৰ মাজতে লণ্ডনৰ পৰা ভাইৰেল হৈছে বিৰাট-অনুষ্কাৰ ফটো ৷ অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ মুখৰ হাঁহিয়ে ইংগিত দিয়ে তেওঁলোকৰ সুখী দাম্পত্য জীৱনৰ ৷

Anushka Sharma and Virat Kohli's Latest Pictures from London
বিৰাট-অনুষ্কা (IANS)

চিটাৰা ডেস্ক, 24 জুলাই : ছ’চিয়েল মিডিয়া এনেকুৱা এটা প্লেটফৰ্ম য’ত মানুহ নিশাৰ ভিতৰতে হিৰোও বনে আৰু জিৰোও বনে ৷ কোনোৱে নিশ্চয়কৈ ক’ব নোৱাৰে যে এবাৰ ইয়াত জিলিকি উঠাজন সদায়ে জিলিকি থাকিব ৷ কিন্তু তাৰ মাজতে কিছুমান ব্যক্তিত্বই চিৰিদিনৰ বাবে নেটিজেনৰ হৃদয় জিনি থৈ দিয়ে ৷ এনে বহু ব্যক্তিত্বৰ ভিতৰত আমি নাম ল’ব পাৰো বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ ৷ ব্যক্তিগতভাৱেতো তেওঁলোক প্ৰিয় হয়েই, কিন্তু যুটি হিচাপে যেন তাতকৈয়ো প্ৰিয় ৷ পাৱাৰ কাপল বুলি জনাজাত বিৰাট-অনুষ্কাক নেটিজেনেই দিছিল এটা বিশেষ নাম, Virushka

শেহতীয়াকৈ এটা বাতৰি প্ৰচাৰ হৈ আছে যে বিৰাট-অনুষ্কাই একেবাৰে ভাৰত এৰি যোৱাৰ সিদ্ধান্ত লৈছে ৷ নেটিজেনৰ মাজত অনেক জল্পনা-কল্পনা চলিছে এই বিষয়ত ৷ বহু সময় ধৰি তেওঁলোক লাইমলাইটৰ পৰা আঁতৰি লণ্ডনত আছেগৈ ৷ সেয়ে এই বাতৰিত অধিক ইন্ধন যোগাইছে তেওঁলোকৰ লণ্ডন ভ্ৰমণে ৷ ইতিমধ্যেই বহুতে দুখ প্ৰকাশ কৰিছে এই কথাত ৷

লাইমলাইটৰ পৰা স্থায়ীভাৱে আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে নেকি তেওঁলোকে ? সম্ভাৱ্য জল্পনা-কল্পনাৰ মাজতে পুনৰ ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে । ইণ্টাৰনেটত লণ্ডনৰ পৰা পাৱাৰ কাপলৰ ফটো ভাইৰেল হৈ পৰিছে য’ত তেওঁলোকে মানসম্পন্ন পাৰিবাৰিক সময় পাৰ কৰিছে বুলি স্পষ্টকৈ দেখা গৈছে ৷ খবৰ অনুসৰি দুই সন্তান 3 বছৰীয়া ভামিকা আৰু এই বছৰৰ আৰম্ভণিতে জন্ম লাভ কৰা অকায়ৰ সৈতে তেওঁলোক লণ্ডনত আছে ।

লগতে পঢ়ক : লণ্ডনত কীৰ্তন...ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা...নেটিজেনে সুধিলে- তাতেই থিতাপি ল’লে নেকি ? - Anushka Virat in London

অনুমান হয় অনুষ্কা আৰু বিৰাটে বলীউড আৰু ক্ৰিকেটৰ কোলাহলৰ দুনীয়াখনৰ পৰা আঁতৰি এক নিস্তব্ধ জীৱন বাছি লৈছে । সামাজিক মঞ্চত ইজনে সিজনৰ প্ৰতি ৰাজহুৱাকৈ মৰম প্ৰদৰ্শন কৰা আৰু অটল সমৰ্থনৰ বাবে জনাজাত দুই তাৰকাই বৰ্তমান লণ্ডনত পাৰিবাৰিক জীৱনৰ সোৱাদ লৈছে ।

অনুৰাগী একাউণ্টৰ জৰিয়তে এক্স আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত ব্যাপকভাৱে প্ৰচাৰিত এই যুটিটোৰ শেহতীয়া ফটোবোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

সাধাৰণ অথচ মাৰ্জিতভাৱে সাজ-পোছাক পিন্ধা এই ভাইৰেল ফটোসমূহত দম্পতীহালে হাঁহি হাঁহি কেমেৰাৰ সন্মুখত প’জ দিয়া দেখা গৈছে ৷ কমলা আৰু হালধীয়া ৰঙৰ শ্বেডৰ সৈতে ফুলৰ মেক্সি ড্ৰেছত অনুষ্কাক মৰম লাগিছে ৷ আনহাতে বিৰাটে আৰামদায়ক সাজ পৰিধান কৰে ৷ এখন বিশেষ ফটোত দেখা গৈছে যে বিৰাটে অনুষ্কাক কাষত ধৰি ৰাখিছে, বাহুৰে তেওঁক সাৱটি লৈছে আৰু অনুৰাগীয়ে তেওঁলোকক ‘ৰজা আৰু ৰাণী’ বুলি অভিহিত কৰিছে । প্ৰশংসকসকলে তেওঁলোকৰ সৰলতা আৰু অনুষ্কাৰ সৌন্দৰ্যক প্ৰশংসা কৰিছে ।

তেওঁলোকৰ অনুমতি অবিহনে তোলা আলোকচিত্ৰসমূহত অনুষ্কাক এজন স্থানীয় ফুলবিক্ৰেতাৰ সৈতে কথা পতা দেখা গৈছে, যেতিয়া বিৰাটে তেওঁলোকৰ পুত্ৰক কোলাত লৈ নিচুকাই আছিল ।

বৰ্তমানলৈকে অনুষ্কা বা বিৰাটে দেশ এৰি যোৱাৰ কথা নিশ্চিত কৰা নাই । ব্যক্তিগত জীৱনক তীব্ৰভাৱে সুৰক্ষা দিয়াৰ বাবে জনাজাত অনুষ্কাই তেওঁলোকৰ দ্বিতীয় সন্তান অকায়ৰ জন্মৰ পিছৰে পৰা লাইমলাইটৰ পৰা অস্থায়ী বিৰতি লৈছে । টি-20 ক্ৰিকেটৰ পৰা অৱসৰ লোৱা বিৰাটেও পৰিয়ালক অধিক সময় দিছে । অনুষ্কাক শেষবাৰৰ বাবে 2018 চনত জিৰো বোলছবিখনত দেখা গৈছিল আৰু বৰ্তমান তেওঁ নেটফ্লিক্সত Chakada Xpressৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক : Anushka Sharma instagram:বিৰাটৰ বাহিৰেও আন কাৰোবাৰো প্ৰিয় অনুষ্কা শৰ্মা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.