ETV Bharat / entertainment

গোলাঘাট পাপনৰ যাদু! পাপনৰ অনুষ্ঠানেৰে সামৰণি পৰিল গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ - Angarag Papon Mahanta

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 9:28 PM IST

Angarag Papon Mahanta: অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্তৰ গীতৰ অনুষ্ঠানেৰে সামৰণি পৰিল ৬৩ সংখ্যাক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ।

Golaghat Angarag Mahanta
গোলাঘাট পাপনৰ যাদু! পাপনৰ অনুষ্ঠানেৰে সামৰণি পৰিল গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ (ETV BHARAT ASSAM)

গোলাঘাট, 7 মে’: গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত ৪,৫, আৰু ৬ তাৰিখে তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা ৬৩ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহুৰ সফল সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত অসমৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কণ্ঠশিল্পী অংগৰাগ মহন্তৰ গীতৰ অনুষ্ঠানেৰে সামৰণি পৰে ৷

অনুষ্ঠানত জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় দ সহস্ৰাধিক দৰ্শনৰ সমাৱেশ ঘটা পৰিলক্ষিত হয় ৷ শেষৰ দিনা অৰ্থাৎ ৬ মে' তাৰিখে পুৱাৰ ভাগত ভেশচন, টেকেলী ভঙা, আৰু সংগীত চকি প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা, মহিলা সকলৰ মাজত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাৰ পাছত অনুষ্ঠিত কৰা হয় মুকলি সভা, বঁটা বিতৰণী সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচন অনুষ্ঠান ৷

উক্ত সভাত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰাৰ লগতে ৬৩ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক তথা সমাজকৰ্মী ক্ষীৰোদ কুমাৰ গোস্বামী ৷ সভাত কৃষি মন্ত্ৰী অতুল বৰা, বিত্ত মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা আয়োক্ত পি উদয় প্ৰবীণ, আৰক্ষী অধীক্ষক ৰাজেন সিং বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় ৷ তাৰ পাছতে শিক্ষাবিদ প্ৰয়াত ৰবীন্দ্ৰনাথ দত্ত সোঁৱৰণী বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে ৷

এই সাংস্কৃতিক অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ প্ৰয়াত ৰবীন্দ্ৰনাথ দত্তৰ পৰিয়াল বৰ্গই আৰু উদ্ধোধন কৰে নুমলীগড় শোধনাগাৰ জেষ্ঠ মুখ্য মহাপ্ৰৱন্ধক কাজল শইকীয়াই ৷ সাংস্কৃতিক অনুষ্ঠান উদ্বোধনৰ পাছতে দ সহস্ৰাধিক দৰ্শনৰ সমাবেশত জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্তৰ গীতৰ অনুষ্ঠানেৰে সামৰণি পৰে ৬৩ সংখ্যাক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ ৷

লগতে পঢ়ক: প্ৰতিকূল বতৰকো নেওচি ভোটাধিকাৰ সাব্যস্ত বহুকেইগৰাকী জনপ্ৰিয় শিল্পীৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.