ETV Bharat / entertainment

প্ৰভাসৰ অনুৰাগীৰ মাজত ‘কল্কি 2898 ADৰ’ উন্মাদনা : চৰকাৰে বৃদ্ধি কৰিলে টিকটৰ দাম - Kalki 2898 AD

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 5:07 PM IST

Kalki 2898 AD in Ticket Price Hike: প্ৰভাস অভিনীত ছবি কল্কিৰ 2898 ADক লৈ সকলোৰে মাজত ব্যাপক উন্মাদনা দেখিবলৈ পোৱা গৈছে ৷ তাৰ মাজতে নিৰ্মাতাসকলক অন্ধ্ৰ প্ৰদেশ চৰকাৰে এতিয়া টিকটৰ মূল্য বৃদ্ধিৰ অনুমতি প্ৰদান কৰিছে । জানি লওক এই ৬০০ কোটি টকীয়া এই ছবিখনৰ টিকটৰ মূল্য কিমান হ’লগৈ ৷

Andhra Pradesh Govt Allows Ticket Price Hike For Kalki 2898 AD
প্ৰভাসৰ অনুৰাগীৰ মাজত ‘কল্কি 2898 ADৰ’ উন্মাদনা; চৰকাৰে বৃদ্ধি কৰিলে টিকটৰ দাম (INSTAGRAM)

চিটাৰা ডেস্ক, 25 জুন: কল্কি 2898 ADৰ মুক্তিৰ বাবে মাজত মাথো দুদিন বাকী ৷ প্ৰভাসৰ অনুৰাগীসকলেও অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে কল্কি 2898 AD ছবিখনৰ বাবে ৷ একে সময়তে কল্কি 2898 ADত এডভান্স বুকিং আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে ৫ লাখৰো অধিক টিকট বিক্ৰী হৈছে ৷ ছবিখনৰ উচ্চ এডভান্স বুকিঙৰ পৰিপ্ৰেক্ষিতত নিৰ্মাতাসকলে কল্কি 2898 AD ছবিখনৰ টিকটৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আৰু এতিয়া অন্ধ্ৰপ্ৰদেশ চৰকাৰেও ইয়াৰ বাবে সন্মতি জনাইছে ৷

৬০০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত কল্কি 2898 AD ছবিখন কেৱল ভাৰততে নহয় বিদেশতো বহুচৰ্চা লাভ কৰিছে ৷ উত্তৰ আমেৰিকাত ছবিখনৰ এডভান্স বুকিং চলি আছে ৷ একে সময়তে ছবিখনৰ হাইপক বিবেচনা কৰি অন্ধ্ৰ প্ৰদেশ চৰকাৰে প্ৰভাস অভিনীত ছবিখনৰ টিকটৰ মূল্য বৃদ্ধিৰ অনুমতি প্ৰদান কৰিছে ৷

এতিয়া টিকটৰ দাম কিমান হ’ব ?

অন্ধ্ৰ প্ৰদেশ চৰকাৰে চিংগল স্ক্ৰীণ ছবিগৃহত ৭৫ টকা আৰু মাল্টিপ্লেক্সত ১৭৫ টকাকৈ টিকটৰ মূল্য বৃদ্ধিৰ অনুমতি প্ৰদান কৰিছে ৷ এই ছুপাৰ হাই বাজেটৰ ছবিখনৰ বাবে ৰাজ্য চৰকাৰে দুসপ্তাহৰ বাবে এই বৃদ্ধিৰ অনুমতি দিছে ৷ অন্ধ্ৰ চৰকাৰে কল্কি 2898 ADৰ প্ৰযোজক অশ্বিনী দত্তক ইয়াক অনুসৰণ কৰিবলৈ অনুৰোধ জনাইছে ৷

উল্লেখ্য যে, কল্কি 2898 ADৰ দিনা ৫টা শ্ব' চলিব ৷ এই সিদ্ধান্তৰ আঁৰৰ কাৰণ হৈছে ছবিখনৰ উপাৰ্জন বৃদ্ধি কৰা, কাৰণ ২০২৪ চনৰ আটাইতকৈ প্ৰত্যাশিত ছবিখনেই হৈছে কল্কি 2898 AD ৷

কল্কিৰ 2898 ADৰ বিষয়ে জানি লওক

আগন্তুক ২৭ জুনত মুক্তিলাভ কৰিব অমিতাভ বচ্চন, প্ৰভাস, দীপিকা পাডুকন, কমল হাছান, দিশ পাটানীৰ দ্বাৰা অভিনীত ছবি কল্কিৰ 2898 AD ৷ কল্কি 2898 AD পৰিচালনা কৰিছে নাগ অশ্বিনে ৷ হিন্দু পৌৰাণিক কাহিনীৰ আধাৰত, য’ত মহাভাৰতৰ কালৰ পৰা আৰম্ভ কৰি 2898 চনৰ সময়ছোৱাৰ দৃশ্য দেখুওৱা হ’ব, এই ছবিখনত প্ৰভাসক দ্বৈত চৰিত্ৰত দেখিবলৈ পোৱা যাব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: বিদেশত টিকটৰ অগ্ৰিম বিক্ৰীৰে অভিলেখ গঢ়িলে Kalki 2898 AD এ - Kalki Record Breaking Advance Sales

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.