ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানত পপ আইকন জাষ্টিন বিবাৰ; কিমান ল’লে পাৰিশ্ৰমিক ? - Anant Radhika Wedding

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 1:55 PM IST

Anant- Radhika Wedding: শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া অনন্ত আৰু ৰাধিকাৰ সংগীত অনুষ্ঠানত গীত পৰিৱেশন কৰিব আন্তঃৰাষ্ট্ৰীয় পপ আইকন জাষ্টিন বিবাৰে ৷ কিন্তু আপোনালোকে জানেনে এই অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে জাষ্টিন বিবাৰে কিমান পাৰিশ্ৰমিক লৈছে ? পঢ়ক সবিশেষ -

Anant- Radhika Wedding: Justin Bieber in Mumbai to Jazz up Ambani's Sangeet, Charging Rs 83 Cr for the Gig - Watch
অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানত পপ আইকন জাষ্টিন বিবাৰ; পাৰিশ্ৰমিক কিমান ল’লে জানেনে ? (Getty Images)

চিটাৰা ডেস্ক, 5 জুলাই: মুম্বাইত নিজৰ চাৰ্টবাষ্টাৰ গীতেৰে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ সংগীতানুষ্ঠান আকৰ্ষণীয় কৰি তুলিবলৈ সাজু হৈছে জাষ্টিন বিবাৰ ৷ শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া সংগীত অনুষ্ঠানৰ বাবে মহানগৰী মুম্বাইত উপস্থিত হৈছে আন্তঃৰাষ্ট্ৰীয় পপ চেন্সেশন জাষ্টিন বিবাৰ ৷ সংগীতানুষ্ঠানৰ পূৰ্বে পাপাৰাজীয়ে তেওঁৰ দলটোৰ আগমনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে ৷

Anant- Radhika Wedding: Justin Bieber in Mumbai to Jazz up Ambani's Sangeet, Charging Rs 83 Cr for the Gig - Watch
অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানত পপ আইকন জাষ্টিন বিবাৰ; পাৰিশ্ৰমিক কিমান ল’লে জানেনে ? (ETV Bharat)

পাপাৰাজীয়ে প্ৰদান কৰা বিবাৰৰ ভাইৰেল ভিডিঅ’ত তেওঁক মুম্বাই বিমানবন্দৰৰ পৰা ওলাই অহা দেখা গৈছিল ৷ গায়কজনক তেওঁৰ চিগনেচাৰ ষ্টাইলত দেখা গৈছিল, তেওঁ উজ্জ্বল ৰঙৰ টি-চাৰ্ট আৰু টুপীৰ সৈতে পেণ্ট পৰিধান কৰি আহিছিল ৷ অল পিংক ৰঙৰ সাজ-পোচাক পৰিধান কৰাৰ সময়ত জাষ্টিনক সুদৰ্শন দেখা গৈছিল ৷

গধুৰ নিৰাপত্তাৰ মাজেৰে কানাডাৰ গায়কজনক তেওঁৰ বাহনৰ ওচৰলৈ লৈ যোৱা হয় ৷ কাৰণ তেওঁৰ ওচৰ চাপিবলৈ পেপছ উন্মাদ হৈ পৰিছিল ৷ ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ তথ্য অনুসৰি এডেল, ড্ৰেক আৰু লানা ডেল ৰেই ৰাধিকা আৰু অনন্তৰ বিবাহ অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আলোচনাত মিলিত হৈছে বুলি জানিব পৰা গৈছে যে ৷

লগতে পঢ়ক: অনন্ত-ৰাধিকাৰ বিবাহৰ সন্ধিয়া হৈ উঠিব আকৰ্ষণীয়: উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পী জাষ্টিন বিবাৰ - Justin Bieber

আন এখন আন্তঃৰাষ্ট্ৰীয় আলোচনীয়ে প্ৰকাশ কৰা অনুসৰি, বেবী খ্যাত পপ আইকনগৰাকীক আম্বানী পৰিয়ালৰ বাবে মিউজিকেল নাইটত কণ্ঠদান কৰিবলৈ ৮৩ কোটি টকা (১০ মিলিয়ন) দিয়া হৈছে ৷ বিবাৰে ছৰী, নেভাৰ চে নেভাৰ আদি গীতৰ জৰিয়তে বিদেশৰ লগতে ভাৰততো নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে ৷

ইয়াৰ পূৰ্বে ৰিহানাই জামনগৰত এই দম্পতীটোৰ প্ৰি-ৱেডিং পাৰ্টীত অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু যদি বাতৰিত বিশ্বাস কৰা হয়, তেন্তে জাষ্টিনে ৰিহানাতকৈ অধিক মাচুল লাভ কৰিছে ৷ যিয়ে আম্বানীসকলৰ পূৰ্বৰ এটা অনুষ্ঠানৰ বাবে ৬৫-৭৫ কোটি টকাৰ ভিতৰত পাৰিশ্ৰমিক লৈছিল ৷

জামনগৰত অনুষ্ঠিত হৈ যোৱা প্ৰি-ৱেডিঙৰ পিচত জুন মাহত অনুষ্ঠিত হোৱা ক্ৰুজ পাৰ্টীত ইটালীৰ পৰ্টোফিনো দ্বীপত লাইভ অনুষ্ঠান পৰিৱেশন কৰা দ্য বেকষ্ট্ৰীট বয়ছ, পিটবুল আৰু ইটালীৰ অপেৰা গায়িকা আন্দ্ৰেয়া বচেলিয়ে নিজৰ সংগীতানুষ্ঠান পৰিৱেশন কৰে ৷ ইফালে, ২৯ জুনত আম্বানীৰ বাসগৃহ, এণ্টিলিয়াত ব্যক্তিগতভাৱে কৰা পূজাৰ জৰিয়তে নীতা আৰু মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্তৰ বিবাহ অনুষ্ঠানৰ আৰম্ভণি হৈছিল ৷ ১২ জুলাইত বিবাহপাশত আবদ্ধ হ’ব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট ৷

লগতে পঢ়ক: অনন্ত-ৰাধিকাৰ বিবাহত ৰেপাৰ বাদশ্বাহ-কৰণ আউজলাৰ ডাবল ধামাকা - Anant Radhika Wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.