ETV Bharat / entertainment

পেৰিছ পালেগৈ ন দৰা-কইনা - Anant Radhika Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 1:54 PM IST

Anant-Radhika Paris Olympics 2024: পেৰিছ অলিম্পিক 2024 উপভোগ কৰিবলৈ গ’ল অনন্ত-ৰাধিকা ৷ মুকেশ, ঈশা আম্বানী আৰু আনন্দ পিৰামলৰ সৈতে দেখা যায় দুয়োকে ৷

Anant-Radhika attended Paris Olympics 2024, spotted with Mukesh, Isha Ambani and Anand Piramal, watch
অনন্ত-ৰাধিকা (ANI)

চিটাৰা ডেস্ক, 31 জুলাই : অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্ট বৰ্তমান পেৰিছত আছে । শেহতীয়াকৈ, পেৰিছৰ পৰা নৱবিবাহিত দম্পতীৰ বহুতো ভিডিঅ’ আৰু ফটো পোহৰলৈ আহিছে । উক্ত ফটো আৰু ভিডিঅ’বোৰত ন দৰা-কইনাক অলিম্পিক গেমছলৈ বুলি ৰাওনা হোৱা দেখা গৈছে । পেৰিছলৈ কেৱল তেওঁলোক দুয়োজনেই যোৱা নাই, পৰিয়ালৰ মুৰব্বী মুকেশ আম্বানী, ঈশা আম্বানী আৰু আনন্দ পিৰামলকো তেওঁলোকৰ লগত দেখা গৈছে ।

ভাইৰেল হৈ থকা এখন ফটোত অনন্ত আম্বানীক তেওঁৰ পত্নী ৰাধিকাৰ সৈতে অলিম্পিক গেমছ উপভোগ কৰি থকা দেখা গৈছে । তেওঁৰ সৈতে মুকেশ, ঈশা আম্বানী আৰু আনন্দ পিৰামলো আছে, যিসকলে তলৰ শাৰীত বহি অলিম্পিক গেমছ উপভোগ কৰি আছে ।

অনন্ত আম্বানীৰ লুকৰ কথা ক’বলৈ গ’লে তেওঁ ক’লা ৰঙৰ ফুলৰ প্ৰিণ্টেড চাৰ্ট পিন্ধিছিল, যিটো তেওঁ একেই ৰঙৰ পেণ্টৰ সৈতে যোৰ কৰিছিল । তেওঁৰ নতুন কইনাই গাঢ় কমলা ৰঙৰ পোছাক পিন্ধিছিল ।

পৰিয়ালৰ মুৰব্বী মুকেশ আম্বানীয়ে ক’লা ৰঙৰ পেণ্টৰ সৈতে ক্লাছিক নীলা আৰু বগা চেক চাৰ্ট পিন্ধিছিল । আনহাতে আম্বানী পৰিয়ালৰ একমাত্ৰ কন্যা ঈশাক বগা ৰঙৰ গাউনত ধুনীয়া দেখা গৈছিল আৰু স্বামী আনন্দ পিৰামলে কেজুৱেল বগা টি-চাৰ্ট বাছি লৈছিল ।

পেৰিছত উপস্থিত হৈ হোটেললৈ যোৱাৰ পৰা চহৰখনৰ সৌন্দৰ্য উপভোগ কৰালৈকে নৱ-দম্পতীৰ বিভিন্ন ফুটেজ কেমেৰাত বন্দী কৰা হৈছে । এটা ভাইৰেল ভিডিঅ’ত অনন্তক এখন বিলাসী গাড়ীৰ পৰা নামি অহা দেখা গৈছে, আনহাতে ৰাধিকাই নিজৰ দেহৰক্ষীৰ সৈতে গ্ৰেণ্ড এণ্ট্ৰি কৰে ।

লগতে পঢ়ক : পেৰিছ অলিম্পিক 2024 ত পদক বিজয়ীলৈ তাৰকাৰ শুভেচ্ছা - Manu Bhaker and Sarabjot Singh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.