ETV Bharat / entertainment

গাত হালধি লাগিলেই, মাজত মাথো আৰু কিছু সময় ৰাধিকাৰ শিৰত অনন্তৰ নামৰ সেন্দুৰ লাগিবলৈ - Anant Radhika Wedding details

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 12:21 PM IST

Anant Radhika Wedding: অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ খবৰে ইণ্টাৰনেট গৰম কৰি ৰাখিছে ৷ দুটাকৈ প্ৰি-ৱেডিঙৰ পিচত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিয়াখনৰ বাবে পিছে জুলাই মাহৰ আৰম্ভণিৰে পৰা কিবা নহয় কিবা অনুষ্ঠান চলিয়েই আছে ৷ সংগীতানুষ্ঠানত জাষ্টিন বিবাৰৰ আকৰ্ষণীয় সংগীত পৰিৱেশনৰ পিচত এতিয়া পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত হালধি অনুষ্ঠান হৈ যায় ৷ এণ্টিলিয়া সা-সজ্জা আৰু লাইটৰ পোহৰেৰে জিলিকি উঠিছে ৷

Anant Ambani-Radhika Merchant Wedding: Family Members Arrive For Haldi Ceremony; Antilia Dazzles With Lights And Decors
অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়া (Photo: ANI)

চিটাৰা ডেস্ক, 9 জুলাই : সংগীত অনুষ্ঠানৰ পিচত এতিয়া হালধি অনুষ্ঠানৰ ফটো-ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ মুঠতে সৰ্বত্ৰে এতিয়া আম্বানী-মাৰ্চেণ্টৰ বিয়াৰ চৰ্চা ৷ পৰিয়ালৰ সকলো আহি এতিয়া এণ্টিলিয়াত ভিৰ কৰিছেহি ৷ ১২ জুলাইত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে অনন্ত-ৰাধিকা ।

বৰ্তমানলৈকে এই বিয়াখনক লৈ যিমান চৰ্চা হৈছে তাৰ পৰা অনুমান কৰিব পাৰি যে মানুহে এক বিশাল আয়োজনৰ আশা কৰিছে ৷ দেশত এটা আৰু বিদেশত এটা প্ৰি-ৱেডিং অনুষ্ঠানৰ আয়োজন কৰাৰ পিচত হলীউড পপষ্টাৰ জাষ্টিনক নিমন্ত্ৰণ জনোৱাৰ পিচত বিয়াখনক লৈ মানুহৰ প্ৰত্যাশা আৰু বাঢ়িছে ৷ 5 জুলাইত উপনগৰ বান্দ্ৰাৰ নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত সকলোৱে উপভোগ কৰে সংগীত নিশা । ৮ জুলাইত আম্বানীৰ এন্টিলিয়া বাসগৃহত পৰিয়ালৰ লোকৰ উপস্থিতিত হালধি অনুষ্ঠান সম্পন্ন হৈ যায় ৷

লগতে পঢ়ক : জাষ্টিন বিবাৰে সজালে অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানৰ সন্ধিয়া : আৱেগিক হৈ পৰিল জাভেদ জাফেৰীৰ কন্যা - Anant Radhika Sangeet Ceremony

‘গ্ৰহ শান্তি’ আৰু ‘মণ্ডপ মহুৰত পূজা’ৰ অনুষ্ঠানৰ মাজতে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ গাত হালধিৰ ৰং লাগে ৷ সকলোৱে হালধীয়া ৰঙৰ নতুবা হালধীয়াৰ পৰশ থকা সাজ পিন্ধি উক্ত অনুষ্ঠানত উপস্থিত থাকে ৷ টিনা আম্বানী আৰু তেওঁৰ বোৱাৰীয়েক কৃষ্ণা শ্বাহে আড়ম্বৰ বিকিৰণ কৰাৰ বিপৰীতে শ্লোকা আম্বানীৰ মাতৃয়ে বহুৰঙী সাজ-পোছাক পৰিধান কৰি অনুষ্ঠানটোত উপস্থিত হয় ।

৫ জুলাইৰ সংগীত অনুষ্ঠানৰ কথা ক’লে অনুষ্ঠানটো সঁচাই আছিল তাৰকাৰৰ সমাহাৰেৰে এক উল্লেখযোগ্য দিন । হলীউডৰ প্ৰখ্যাত শিল্পী জাষ্টিন বিবাৰে সুৰেৰে দৰ্শকক মোহিত কৰে, তাৰ পিছত বাদশ্বাহ আৰু কৰণ ঔজলাৰ পৰিৱেশনে অনুষ্ঠানৰ পৰিৱেশ মতলীয়া কৰি তোলে ৷ অনুষ্ঠানত ছলমান খান, দীপিকা পাডুকন, ৰণবীৰ সিং, ৰণবীৰ কাপুৰ, আলিয়া ভাট আদি সন্মানীয় ব্যক্তিসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ শোভা বঢ়ায় ।

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ মেনুত চাটৰ বৈচিত্ৰ্যপূৰ্ণ সমাহাৰ আছে । এটা সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি নীতা আম্বানীয়ে ৰাকেশ কেশৰী নামৰ এজন ব্যক্তিৰ দোকানৰ পৰা চাটৰ নমুনা লোৱাৰ পিচত ব্যক্তিগতভাৱে নিমন্ত্ৰণ জনায় । খবৰ অনুসৰি এই অনুষ্ঠানত কেশৰীৰ দলক চাট ষ্টলৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছে । মেনুখনত টিক্কি, বিলাহী চাট, পালক চাট, চানা কচোৰী আৰু কুল্ফি অন্তৰ্ভুক্ত আছে ।

লগতে পঢ়ক : দিৱানগী দিৱানগী গানটোত কঁকাল ঘূৰালে আম্বানী পৰিয়ালে - ambani family dance at wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.