ETV Bharat / entertainment

বৰযাত্ৰীলৈ অনন্ত আম্বানীৰ বহুমূলীয়া উপহাৰ...মূল্য জানিলে চকু কপালত উঠিব আপোনাৰ - Anant Ambani Gift

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 1:13 PM IST

Anant Ambani Wedding: মুকেশ আম্বানীয়ে তেওঁৰ কনিষ্ঠ পুত্ৰ অনন্তৰ বিবাহৰ আয়োজন কৰিছে এক ৰাজকীয় । খবৰ অনুসৰি দৰা অনন্তই নিজৰ বিশেষ বন্ধুক এটা বহুমূলীয়া উপহাৰ দিছে, যাৰ ছবি এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । কি এই উপহাৰ ? চাওক সবিশেষ...

Anant Ambani gifted Audemars Piguet Royal Oak Perpetual watch to SRK and special friends at the wedding watch
বৰযাত্ৰীলৈ অনন্ত আম্বানীৰ বহুমূলীয়া উপহাৰ...মূল্য জানি চকু কপালত উঠিব আপোনাৰ (INSTAGRAM)

চিটাৰা ডেস্ক, 14 জুলাই: অৱশেষত সম্পন্ন হ’ল অনন্ত-ৰাধিকাৰ বিবাহনুষ্ঠান ৷ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে বিগত ১২ জুলাইত শৈশৱৰ বন্ধু ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । তাৰকা তথা বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত বহুলোকৰ সমাগমেৰে উদুলি-মুদুলি হৈ পৰে বিবাহথলী ৷ ব্যৱসায়ী টাইকুন বীৰেণ মাৰ্চেণ্ট আৰু তেওঁৰ পত্নী শৈলা বীৰেণ মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্ট ।

দুয়োৰে বিবাহ হৈছিল মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত । কিন্তু আমি এই খবৰত অনন্ত আম্বানীৰ বিবাহৰ কথা নহয় দৰাচলতে বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হোৱা কেইটামান বিলাসী ঘড়ীৰ কথাহে ক’বলৈ ওলাইছোঁ, যাৰ মূল্য প্ৰায় 2 কোটি টকা ৷ জানিব পৰা মতে, অনন্ত আম্বানীয়ে নিজৰ ঘনিষ্ঠ বন্ধুসকলক এই কোটি টকাৰ বিলাসী ঘড়ী উপহাৰ স্বৰূপে আগবঢ়াইছে, যিটো ছ’চিয়েল মিডিয়াত এতিয়া ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে । যি ঘড়ী শ্বাহৰুখ খানৰ হাততো দেখা গৈছে ।

শ্বাহৰুখকে ধৰি এই তাৰকাসকলে লাভ কৰিলে বিশেষ উপহাৰ

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অনন্তই এই ঘড়ীটো শ্বাহৰুখ খান, ৰণবীৰ সিং, শিখৰ পাহাড়িয়া, বীৰ পাহাড়িয়া, মীজান জাফ্ৰিকে ধৰি একাংশ বিশেষ বন্ধুক উপহাৰস্বৰূপ আগবঢ়াইছে । এই ঘড়ীটো ১৮ কেৰেট ৰ’জ গ’ল্ডৰ ৰয়েল অক পাৰ্পেচুৱেল কেলেণ্ডাৰৰ হয়, যাৰ নাম লুমিনেৰী এডিচন, ইয়াত ৰ’জ গ’ল্ডৰ ডায়েল আৰু ক’লা চাব-ডায়েলৰ আছে । ১৮ কেৰেটৰ এই ৰ’জ গোল্ডৰ ৰয়েল অক পাৰ্পেচুৱেল কেলেণ্ডাৰৰ ঘড়ীত এটা কেছ, ব্ৰেচলেট আৰু এটা ৰ’জ গোল্ড টোনযুক্ত ইনাৰ বেজেলৰ আছে ।

ইফালে, আগন্তুক ১৪ জুলাইত মুম্বাইত আয়োজন কৰা হ’ব অনন্ত আৰু ৰাধিকাৰ ৰিচেপচন পাৰ্টি, যিটো তেওঁলোকৰ বিবাহ উদযাপনৰ গ্ৰেণ্ড ফিনালে হ’ব । উল্লেখ্য যে ৭ বছৰ পূৰ্বে এই অনন্ত-ৰাধিকাই এজনে আনজনৰ সৈতে ডেটিং কৰিছিল । সাত বছৰৰ পাচত দুয়োজনে বিয়া হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অৱশেষত ১২ জুলাইত দুয়োজনে বিবাহপাশত আৱদ্ধ হয় ।

লগতে পঢ়ক: নৱ-বিবাহিত অনন্ত-ৰাধিকাক আশীৰ্বাদ দিবলৈ মুম্বাইত উপস্থিত কামাখ্যা মন্দিৰৰ দলৈ - Anant Ambani Weds Radhika Merchant

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.