ETV Bharat / entertainment

আম্বানী-মাৰ্চেণ্টৰ মিলন হ’ব চিৰযুগমীয়া: দুটাকৈ প্ৰি-ৱেডিঙৰ পিচত তিনিদিনীয়া বিয়া - Anant Radhika Wedding

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 4:45 PM IST

Anant Radhika Wedding: আগন্তুক ১২ জুলাইত মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ সম্পন্ন হ’ব । তিনিদিনীয়া এই বিবাহৰ অনুষ্ঠান বিভিন্ন থীমৰ সৈতে উদযাপন কৰা হ’ব । তিনিদিনীয়া এক্সট্ৰাভেগাঞ্জাৰ সম্পূৰ্ণ সময়সূচী জানি লওক-

Anant Ambani And Radhika Merchant Wedding: Here's Full Schedule Of Couple's Three-Day Extravaganza
আম্বানী-মাৰ্চেণ্টৰ মিলন ((Photo: ANI))

চিটাৰা ডেস্ক, 3 জুলাই : অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ অতি প্ৰত্যাশিত বিয়াখন ১২ জুলাইত মুম্বাইৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্সৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হ'ব । মে’ মাহত এটা সংবাদ সংস্থাই অনন্ত-ৰাধিকাৰ বিয়াৰ নিমন্ত্ৰণী কাৰ্ডখনৰ এক আভাস ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পাচৰে পৰাই এই বিয়াখনক লৈ সকলোৰে মাজতে উত্তেজনা দেখিবলৈ পোৱা গৈছে ।

২ জুলাইত আম্বানী পৰিয়ালে ‘সমুহ বিবাহ’ (গণ বিবাহ) ৰ আয়োজন কৰে, য’ত পালঘৰৰ ৫০টাতকৈয়ো অধিক দুখীয়া দম্পতীৰ বিবাহকাৰ্য সম্পন্ন হয় । এই গণ বিবাহে উদাৰতাৰ হৃদয়স্পৰ্শী ছবি দাঙি ধৰে, য’ত প্ৰতিগৰাকী কইনাই মংগলসূত্ৰ, বিয়াৰ আঙুঠি, নাকফুলি, ভৰিৰ আঙুলিৰ আঙুঠি, পায়েল, সোণ আৰু ৰূপৰ গহনা আদি লাভ কৰে । ইয়াৰ উপৰিও তেওঁলোকৰ ব্যক্তিগত সম্পত্তিৰ প্ৰতীক হিচাপে তেওঁলোকক ‘স্ত্ৰীধন’ হিচাপে ১.০১ লাখ টকাৰ চেক প্ৰদান কৰা হয় । প্ৰতিটো দম্পতীয়ে নতুন ঘৰ স্থাপনৰ বাবে অত্যাৱশ্যকীয় গেলামাল, ঘৰুৱা সামগ্ৰী, সঁজুলি আদিও লাভ কৰে ।

লগতে পঢ়ক : অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিঙত ৰিহানা-জাহ্নৱীৰ নৃত্যত মোহিত হ’ল অনুৰাগী

কাউন্টডাউন আৰম্ভ হোৱাৰ লগে লগে এতিয়া বিবাহৰ সময়সূচী প্ৰকাশ কৰা হৈছে ৷ এই সময়সূচীয়ে তিনিদিনীয়া উদযাপন আৰু মনোৰঞ্জনৰ প্ৰতিশ্ৰুতি দিছে ।

  • ১২ জুলাইত অনুষ্ঠিত হ’ব মূল বিবাহ অনুষ্ঠান ‘শুভ বিবাহ’ ৷ অতিথিসকলক ভাৰতীয় পৰম্পৰাগত সাজ-পোচাক পৰিধান কৰিবলৈ অনুৰোধ কৰা হৈছে ।
  • 13 জুলাইত ‘শুভ আশীৰ্বাদ’ অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত অতিথিসকলক ভাৰতীয় আনুষ্ঠানিক পোচাক পিন্ধি আহিবলৈ কোৱা হৈছে ।
  • অৱশেষত, 14 জুলাইত ‘মংগল উৎসৱ’ বা বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হ'ব, য’ত অতিথিসকলক ভাৰতীয় চিক (Chic) থীম ড্ৰেছ কোডৰ সৈতে আমন্ত্ৰণ জনোৱা হৈছে ।

ইতিমধ্যে বিবাহৰ পূৰ্বৰ অনুষ্ঠানবোৰে এক চমৎকপ্ৰদ উদযাপনৰ ইংগিত দিছে ৷ জামনগৰত আন্তঃৰাষ্ট্ৰীয় তাৰকা ৰিহানা-একন আৰু বিলাসী ক্ৰুজত বেকষ্ট্ৰীট বয়জ, পিটবুল আৰু এণ্ড্ৰিয়া বোচেলিৰ দ্বাৰা অনুষ্ঠান পৰিৱেশন কৰা হৈছিল ।

সূত্ৰ অনুসৰি, মুম্বাইৰ বিবাহত এডেল, ড্ৰেক আৰু লানা ডেল ৰেৰ প্ৰদৰ্শন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ তেওঁলোকৰ উপস্থিতি চূড়ান্ত কৰাৰ বাবে বৰ্তমানে আলোচনা চলি আছে।

লগতে পঢ়ক : এখন বিশেষ বিয়া : দুটাকৈ প্ৰি-ৱেডিঙৰ অনুষ্ঠানৰ সৈতে ঘোষণা কৰিলে তাৰিখ - anant radhika wedding

সোণ-ৰূপৰ লগতে এক লাখ টকা... ৫০ টা দম্পতীলৈ আম্বানী পৰিয়ালৰ উপহাৰ - Anant Radhika Wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.