ETV Bharat / entertainment

বিচ্ছেদৰ পোষ্টত জুনিয়ৰ বচ্চনৰ লাইক: বিগ বিয়ে কৈছে জীৱন কেতিয়াও সহজ নহয় - Amitabh Bachchan latest post

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 1:36 PM IST

Amitabh Bachchan Post : জল্পনা-কল্পনাৰ মাজতে বৃহস্পতিবাৰে হাৰ্দিক-নাতাশাই ঘোষণা কৰে বিচ্ছেদৰ খবৰ ৷ এতিয়া সকলোৰে চকু বচ্চন পৰিয়ালৰ ওপৰত ৷ শেহতীয়াকৈ বিগ বিৰ পোষ্টে যোগাইছে ইন্ধন-

Amitabh Bachchan shares cryptic post Life Is Never Easy After Abhishek Bachchan Likes Divorce Post
বচ্চন পৰিয়ালত খেলিমেলি গোন্ধ (IMAGE- ANI)

চিটাৰা ডেস্ক, 19 জুলাই : এইকেইদিন বিয়াৰ লগত সমানে চলিছে বিচ্ছেদৰ খবৰ ৷ অনন্ত-ৰাধিকাৰ বিয়াৰ আলোচনাৰ সমান্তৰালকৈ হাৰ্দিক-নাতাশা, অভিষেক-ঐশ্বৰ্যৰ সম্পৰ্কৰ কথাও নেটিজেনে আলোচনা কৰি আছে ৷ বহু জল্পনা-কল্পনাৰ অনন্ত নেটিজেনে অৱশেষত বিচ্ছেদৰ খবৰ লাভ কৰিলে হাৰ্দিক আৰু নাতাশাৰ পৰা ৷

হাৰ্দিক-নাতাশাৰ সমান্তৰালকৈ এতিয়া অভিষেক-ঐশ্বৰ্যৰ কথাও সামাজিক মাধ্যমত আলোচনা হৈছে ৷ বিশেষকৈ আম্বানীৰ বিয়াত পৃথকে উপস্থিত হোৱা আৰু সামাজিক মাধ্যমত অভিষেকে বিবাহ বিচ্ছেদৰ পোষ্ট লাইক কৰাৰ পাচত এতিয়া সম্পৰ্ক বেয়া হোৱাৰ অনুমান গাঢ় হৈ পৰিছে ৷

তাৰ মাজতে ঘটিল আন এটা ঘটনা ৷ বিগ বিৰ এটা পোষ্টে ভবাই তুলিছে সকলোকে ৷ পুত্ৰই এনে পোষ্টত লাইক কৰাৰ পাচতে অমিতাভে বচ্চনে কৈছে যে জীৱনটো কেতিয়াও সহজ নহয় ৷ এই পোষ্টটোৰে যেন বিগ বিয়ে হৃদয়ৰ বেদনা প্ৰকাশ কৰিছে ।

শেহতীয়াকৈ মুকেশ আম্বানীয়ে পুত্ৰ অনন্ত আম্বানীৰ বিয়াখন ৰাজকীয়ভাৱে আয়োজন কৰে, য’ত সমগ্ৰ বলীউড একেখন চালিৰ তলত সমবেত হয় । শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সমগ্ৰ পৰিয়ালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । কিন্তু কন্যা আৰাধ্যা বচ্চনৰ সৈতে ঐশ্বৰ্য ৰায় পৃথকে পৃথকে উপস্থিত হোৱা দেখি নেটিজেনে ছ’চিয়েল মিডিয়াত আলোচনা কৰিবলৈ আৰম্ভ কৰে যে তেওঁলোকৰ পাৰিবাৰিক সম্পৰ্ক ঠিকে চলি থকা নাই ।

লগতে পঢ়ক : অনন্ত-ৰাধিকাৰ বিয়াত স্বামীৰ পৰিয়ালৰ সৈতে নাহিল ঐশ্বৰ্য - Bollywood stars at ambani wedding

আম্বানীৰ বিয়াত পৃথকে উপস্থিত হোৱাৰ পিচতে অভিষেক বচ্চনে বিবাহ বিচ্ছেদৰ এটা পোষ্টত লাইক কৰে । এইটো দেখাৰ পিচত নেটিজেন নিশ্চিত হৈ পৰে যে অৱশ্যেই কিবা কথাত ৰাহি-জোৰা নিমিলা হৈছে তাৰকা স্বামী-স্ত্ৰীৰ ৷ শেহতীয়াকৈ এতিয়া অমিতাভ বচ্চনে তেওঁৰ পোষ্টৰ সৈতে এই বাতৰিত ইন্ধন যোগাইছে ।

বিগ বিৰ পোষ্ট

১৮ জুলাইৰ নিশা অমিতাভ বচ্চনে তেওঁৰ এক্স পোষ্টত লিখিছে, 'কামলৈ প্ৰত্যাৱৰ্তন, কঠিন... কিন্তু জীৱন কেতিয়াও সহজ নহয় ।" এতিয়া বিগ বিৰ এই পোষ্টটো অভিষেক আৰু ঐশ্বৰ্যৰ মাজৰ সম্পৰ্কত ফাট মেলাৰ সৈতে সম্পৰ্কিত কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ৷ কিয়নো বিগ বিয়ে এই পোষ্টটো পুত্ৰই বিচ্ছেদৰ পোষ্টত লাইক কৰাৰ পাচতে আপলোড কৰে । বিবাহ বিচ্ছেদৰ এই পোষ্টটোত সম্পৰ্ক আৰু বিবাহ বিচ্ছেদৰ ওপৰত লিখা হৈছিল ।

পৰিয়ালৰ পৰা পৃথকে থাকে ঐশ্বৰ্য

অভিষেক আৰু ঐশ্বৰ্য ৰায়ৰ বিবাহ বিচ্ছেদৰ বাতৰি কিছু সময়ৰ ঘৰি সামাজিক মাধ্যমত চলি আছে । অৱশ্যে, অভিষেক বচ্চনে সময়ে সময়ে তেওঁৰ পৰিয়াল আৰু তেওঁৰ জীয়েকৰ সৈতে ফটো শ্বেয়াৰ কৰি থাকে । এক প্ৰতিবেদন অনুসৰি, ঐশ্বৰ্য ৰায় এতিয়া বচ্চন পৰিয়ালৰ পৰা পৃথকে এটা ঘৰত বাস কৰে ।

লগতে পঢ়ক : বিবাহ বিচ্ছেদৰ বাতৰিৰ মাজতে বিচ্ছেদৰ পোষ্টত লাইক অভিষেকৰ ! - Abhishek Aishwarya divorce

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.