ETV Bharat / entertainment

কোকিলাবেন হাস্পতালৰ পৰা ডিচচাৰ্জ দিয়া হ’ল অমিতাভ বচ্চনক

Amitabh Dischaged From Hospital: অমিতাভ বচ্চনক কোকিলাবেন চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ’ল ।

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 5:51 PM IST

Amitabh Bachchan Dischaged From Kokilaben Hospital, in Mumbai
ডিচচাৰ্জ দিয়া হ’ল অমিতাভ বচ্চনক

চিটাৰা ডেস্ক, ১৫ মাৰ্চ: মেগাষ্টাৰ অমিতাভ বচ্চনক লৈ আজি এটা ডাঙৰ খবৰ আহিছিল ৷ হঠাৎ অসুস্থ হৈ পৰিছিল বিগ বি ৷ ইয়াৰ পিচত তেওঁক ততাতৈয়াকৈ মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ যাৰ বাবে চিন্তিত হৈ পৰিছিল অনুৰাগী ৷ কিন্তু এতিয়া অনুৰাগীৰ বাবে আহিছে এটা ভাল খবৰ ৷ এতিয়া অভিনেতাজনক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে । হয়, হাস্পতালৰ পৰা ডিচচাৰ্জ দিয়া হৈছে বিগ বিক ৷

এঞ্জিওপ্লাষ্টি হৈছে অভিনেতাগৰাকীৰ

উল্লেখ্য যে, অভিনেতাজনৰ এঞ্জিওপ্লাষ্টি হৈছে । অৱশ্যে এতিয়া চিন্তাৰ কৰাৰ কোনো প্ৰয়োজন নাই । ই টাইমছৰ এক বাতৰি অনুসৰি এক ঘনিষ্ঠ সূত্ৰই জনাইছে যে ‘অমিতাভ বচ্চনক আজি পুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসালত তেওঁৰ সফল এঞ্জিওপ্লাষ্টিৰ পিচত আজিয়েই তেওঁক ডিচচাৰ্জ দিয়া হৈছে ।

বিগ বিৰ শেহতীয়া টুইট

দুপৰীয়া বিগ বিয়েও নিজৰ এক্স একাউণ্টত এটা টুইট কৰিছিল । তেওঁ নিজৰ টুইটত লিখিছিল যে,‘‘মই আপোনালোক সকলোৰে প্ৰতি সদায় কৃতজ্ঞ ৷’’ তেওঁৰ টুইটৰ পৰা এনে লাগে যে বিগ বিৰ স্বাস্থ্য এতিয়া আগৰ তুলনাত ভাল হৈছে । এনে পৰিস্থিতিত অনুৰাগীসকলেও অভিনেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ৷

উল্লেখ্য যে, বিগ বিৰ গোটেই দেশজুৰি ব্যাপক ফেন ফ’ল’ৱাৰ আছে আৰু তেওঁৰ অনুৰাগীসকলে তেওঁক এবাৰ ওচৰৰ পৰা চাবলৈ ইচ্ছা কৰে । সেয়েহে, বিগ বিৰ ঘৰৰ বাহিৰত তেওঁক লগ কৰিবলৈ হাজাৰ হাজাৰ অনুৰাগীৰ সমাৱেশ ঘটে । অমিতাভ বচ্চনেও অনুৰাগীৰ মৰমৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে নিজৰ ঘৰ জলছাৰ বাহিৰত অনুৰাগীক লগ পায় । বৃহস্পতিবাৰে অমিতাভ বচ্চনে তেওঁৰ এক্স একাউণ্টত অনুৰাগীক লগ পোৱাৰ ফটো শ্বেয়াৰ কৰিছিল । ইয়াৰ লগতে বিগ বিয়ে লিখিছিল ‘হাম্বল্ড বিয়ণ্ড’।

লগতে পঢ়ক: কোকিলাবেন হাস্পতালত চিকিৎসাধীন মেগাষ্টাৰ অমিতাভ বচ্চন, হঠাৎ কি হ’ল বিগ বিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.