ETV Bharat / entertainment

হনুমানৰ নিৰ্মাতাক সাক্ষাৎ অমিত শ্বাহৰ, ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গ’ল গৃহমন্ত্ৰীক

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 1:12 PM IST

Updated : Mar 13, 2024, 1:17 PM IST

Amit Shah met Hanuman Team: চলিত বৰ্ষৰ ১২ জানুৱাৰীত চিনেমা গৃহত মুক্তি লাভ কৰিছিল দক্ষিণ অভিনেতা তেজা ছাজ্জা অভিনীত ছবি ‘হনুমান’ । চেলিব্ৰিটিসকলে ছবিখনৰ প্ৰশংসা কৰাৰ বিপৰীতে দেশৰ ৰাজনীতিবিদসকলেও ছবিখনৰ প্ৰশংসা কৰা দেখা গৈছিল । এতিয়া কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ‘হনুমান’ ছবি আৰু সমগ্ৰ দলটোক প্ৰশংসা কৰিছে ।

Amit Shah meets movie Hanuman makers and actor Teja Sajja SEE
হনুমানৰ নিৰ্মাতাক সাক্ষাৎ অমিত শ্বাহৰ

চিটাৰা ডেস্ক, ১৩ মাৰ্চ: চলিত বৰ্ষৰ জানুৱাৰী মাহত দক্ষিণৰ অভিনেতা তেজা ছাজ্জা অভিনীত আৰু প্ৰশান্ত ভাৰ্মাৰ পৰিচালিত ছবি ‘হনুমান’ ছবিগৃহত মুক্তি লাভ কৰিছিল । দৰ্শকে ছবিখন খুব ভাল পাইছিল । একে সময়তে সকলোৱে এই ছবিখনৰ প্ৰশংসাও কৰিছিল । এতিয়া কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে প্ৰশান্ত ভাৰ্মাৰ এই ছবিখনৰ প্ৰশংসা কৰিছে । কেৱল এয়াই নহয়, চিনেমাখনৰ অভিনেতা তেজা ছাজ্জা আৰু পৰিচালককো সাক্ষাৎ কৰে ।

মঙলবাৰে অমিত শ্বাহে নিজৰ অফিচিয়েল এক্স একাউণ্টত অভিনেতা তেজা ছাজ্জা আৰু পৰিচালক প্ৰশান্ত ভাৰ্মাৰ সৈতে ছবি শ্বেয়াৰ কৰিছিল । এই ছবিখন শ্বেয়াৰ কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছবি হনুমানক প্ৰশংসা কৰাৰ লগতে আগন্তুক প্ৰজেক্টৰ বাবেও ছবি নিৰ্মাতাগৰাকীক শুভেচ্ছা জনায় ।

অমিত শ্বাহে পোষ্টটোত লিখিছে, ‘‘শেহতীয়া ছুপাৰহিট ছবি হনুমানৰ প্ৰতিভাৱান অভিনেতা তেজা সাজ্জা আৰু চলচ্চিত্ৰ পৰিচালক প্ৰশান্ত ভাৰ্মাক লগ পালোঁ । ভাৰতৰ আধ্যাত্মিক পৰম্পৰা আৰু ইয়াৰ পৰা ওলাই অহা মহান বীৰসকলক প্ৰদৰ্শন কৰি দলটোৱে প্ৰশংসনীয় কাম কৰিছে । দলটোক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰকল্পৰ বাবে শুভেচ্ছা জনালোঁ ।’’ ফটোখনত অমিত শ্বাহে প্ৰশান্ত ভাৰ্মা আৰু তেজা ছাজ্জাক হনুমানৰ প্ৰতিমূৰ্তি উপহাৰ দিয়া দেখা গৈছে ।

ইফালে প্ৰশান্ত ভাৰ্মাইও অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে । মন্ত্ৰীগৰাকীৰ এই টুইটটো ৰিটুইট কৰি তেওঁ লিখিছে, ‘‘আপোনাক লগ পোৱাটো এটা সৌভাগ্যৰ কথা আছিল ছাৰ । আপোনাৰ মৰমলগা কথা আৰু উৎসাহে আমাৰ ওপৰত চিৰস্থায়ী প্ৰভাৱ পেলাইছে ।’’

ইয়াৰ পূৰ্বে অভিনেতা তেজাই অমিত শ্বাহৰ সৈতে ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছিল, ‘‘অমিত শ্বাহ ছাৰক লগ পোৱাটো বৰ গৌৰৱৰ বিষয় । আপোনাৰ মৰমৰ কথাৰ বাবে নম্ৰ আৰু কৃতজ্ঞ ছাৰ ।’’

উল্লেখ্য যে, চলিত বৰ্ষৰ ১২ জানুৱাৰীত ছবিগৃহত মুক্তি পালে ‘হনুমান’ । প্ৰায় সকলোৱে এই ছবিখন ভাল পাইছে । প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডু, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, তেলেংগানাৰ ৰাজ্যপাল ড৹ তামিলিছাই সুন্দৰৰাজনকে ধৰি বহু ৰাজনীতিবিদে ছবি হনুমানক প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : ক্ৰিটিকছ চইছ এৱাৰ্ডছত 12th Fail এ লাভ কৰিলে শ্ৰেষ্ঠ ছবিৰ পৰা শ্ৰেষ্ঠ অভিনেতাৰ বঁটা

Last Updated : Mar 13, 2024, 1:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.