ETV Bharat / entertainment

অৱশেষত মুক্তি পালে বহু প্ৰত্যাশিত ছবি Pushpa 2 ৰ প্ৰথমটো গীত - Pushpa Pushpa out now

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 5:44 PM IST

Allu Arjun's Pushpa 2 - The Rule: First Song Pushpa Pushpa out now
অৱশেত মুক্তি পালে বহু প্ৰত্যাশিত ছবি Pushpa 2 প্ৰথমটো গীত

Pushpa 2 First song out now: আল্লু অৰ্জুন অভিনীত আটাইতকৈ প্ৰত্যাশিত ছবি Pushpa 2 The Rule ৰ প্ৰথমটো গীত Pushpa Pushpa ই ইতিমধ্যে মুক্তি লাভ কৰিছে ৷ খবৰ অনুসৰি বহিঃৰাজ্যত অতি ব্যয়বহুলভাৱে বিক্ৰী হৈছে Pushpa 2, যিটো অভিনেতাগৰাকীৰ কেৰিয়াৰৰ এক বৃহৎ অভিলেখ ।

চিটাৰা ডেস্ক, 1 মে’: দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত আটাইতকৈ প্ৰত্যাশিত ছবি ‘পুষ্পা ২ দ্য ৰুল’ ৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ স্বাধীনতা দিৱস উপলক্ষে ১৫ আগষ্টত মুক্তি পাবলৈ গৈ আছে পুষ্পা ২ ৷ পুষ্পা ২ য়ে ইতিমধ্যে হিন্দী ৰাইটছ আৰু অ’টিটি ৰাইটছৰ পৰা মুঠ ৫০০ কোটিৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এতিয়া বহিঃৰাজ্যত পুষ্পা ২ অত্যাধিক বিক্ৰী হয় ৷ বৰ্তমান উত্তৰ আমেৰিকাত পুষ্পা ২ ৰ নাট্য অধিকাৰ বিক্ৰী হৈছে ৷

সংবাদ মাধ্যমৰ তথ্য অনুসৰি, উত্তৰ আমেৰিকাত ছবিখনৰ ৰাইটছ ৬০ কোটি টকাত বিক্ৰী কৰা হৈছে ৷ উল্লেখযোগ্য যে, উত্তৰ আমেৰিকাত আজিলৈকে আল্লু অৰ্জুনৰ আটাইতকৈ ব্যয়বহুল বিক্ৰী হোৱা ছবি হিচাপে পৰিগণিত হৈছে পুষ্পা ২ ৷ উত্তৰ আমেৰিকাত মুক্তিৰ দায়িত্ব গ্ৰহণ কৰিছে প্ৰত্যংগীৰা চিনেমা আৰু এ এ ক্ৰিয়েচনে ৷

আল্লু অৰ্জুনৰ ভাৰতৰ সমানে বিদেশতো বিপুলসংখ্যক ফেন ফ’ল’ৱাৰ আছে ৷ এনে পৰিস্থিতিত দেশৰ লগতে বিদেশী অনুৰাগীয়েও ছবিখনৰ মুক্তিৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আপোনালোকক জনাই দিও যে, সুকুমাৰৰ পৰিচালনাত নিৰ্মিত পুষ্পা ২ দ্য ৰুল ছবিখনৰ প্ৰথমটো গীত ‘পুষ্পা-পুষ্পা’ বুধবাৰে 5.04 বজাত মুক্তি লাভ কৰে ৷ যাৰ বাবে অনুৰাগীসকল অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৷ গীতটিত আল্লু অৰ্জুনক এক বিশেষ ৰূপত দেখিবলৈ পোৱা গৈছে ৷ সম্প্ৰতি গীতটিৰ লিৰিকেল ভিডিঅ’হে মুকলি হৈছে আৰু গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী মিকা সিঙে ৷

২৪ এপ্ৰিলত এই গীতটিৰ প্ৰথম প্ৰম’ মুক্তি পোৱাৰ পিছৰে পৰা পুষ্পা-পুষ্পা গীতৰ আল্লু অৰ্জুনৰ দুখন পোষ্টাৰো মুকলি কৰা হৈছে ৷

লগতে পঢ়ক: ক’লা হৰিণা কাণ্ডই শান্তিত শুৱ নিদিব নেকি ভাইজানক ? - Salman Khan House Firing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.