চিটাৰা ডেস্ক, ২৪ জানুৱাৰী: দীনেশ বিজানৰ 'মেডক' বেনাৰত নিৰ্মিত ছবি 'তেৰী বাতৌ মে এইছে উলঝ জায়ে' ছবিখনত প্ৰথমবাৰৰ বাবে শ্বাহিদ কাপুৰ আৰু কৃতি ছেননৰ যুটি দেখিবলৈ পোৱা যাব ৷ ভেলেণ্টাইন ডে’ উপলক্ষে মুক্তি পাবলগীয়া এই ছবিখনৰ বহু পোষ্টাৰ আৰু ট্ৰেইলাৰ ইতিমধ্যেই মুকলি কৰা হৈছে । কিছুদিন পূৰ্বে চিনেমাখনৰ প্ৰথমটো গীত ‘লাল পীলি আখিয়া’ নিৰ্মাতাই মুকলি কৰিছিল ।
- " class="align-text-top noRightClick twitterSection" data="">
এতিয়া শেহতীয়াকৈ শ্বাহিদ কাপুৰ আৰু কৃতি ছেনন অভিনীত 'তেৰী বাতৌ মে য়েছে উলঝ জায়ে' ছবিখনৰ দ্বিতীয়টো গীত মুকলি কৰা হৈছে ৷ গীতটিত দুয়োৰে সুন্দৰ কেমিষ্ট্ৰী দেখা পোৱা গৈছে ।
আজি শ্বাহিদ কাপুৰে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ ছবিখনৰ দ্বিতীয়টো গীতৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে । এই গীতটিৰ শিৰোনাম হৈছে 'অংখিয়া গুলাব'। সাগৰৰ পাৰত কৃতি ছেনন আৰু শ্বাহিদ কাপুৰৰ ওপৰত চিত্ৰগ্ৰহণ কৰা এই গীতটোত দুয়োৰে কেমিষ্ট্ৰী অতি সুন্দৰকৈ দেখুওৱা হৈছে ৷
গীতটিত কৃতি সেননে বগা বিকিনি আৰু শ্বৰ্ট পৰিধান কৰি সাগৰৰ পাৰত খোজ দিয়ে, আনহাতে শ্বাহিদ কাপুৰে নিজৰ নৃত্যৰ জৰিয়তে অনুৰাগীক আপ্লুত কৰে ।
কেতিয়া ছবিগৃহত মুক্তি পাব ছবিখন ?
শ্বাহিদ কাপুৰ আৰু কৃতি ছেননৰ ছবিখন ২০২৪ চনত ভেলেণ্টাইন উপলক্ষে ছবিগৃহত মুক্তি পাব । প্ৰেম উদযাপন কৰা এই ছবিখন ২০২৪ চনৰ ৯ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব ।
ৰবাৰ্টৰ সৈতে শ্বাহিদ কাপুৰৰ প্ৰেম কাহিনী দেখুওৱা হৈছে এই ৰোমান্টিক ছবিখনত । উল্লেখ্য যে, চিনেমাখনত কৃতি ছেননে ৰবাৰ্টৰ চৰিত্ৰত অভিনয় কৰিছে । আনহাতে অমিত যোশী আৰু আৰাধনা সাহে ছবিখন পৰিচালনা কৰিছে ।
লগতে পঢ়ক: চিনি পাইছে নে ফটোখনত থকা ছুপাৰষ্টাৰগৰাকীক ? যদি নাই তেন্তে পঢ়ক এই প্ৰতিবেদন