ETV Bharat / entertainment

দুশ বছৰ পুৰণি আৰ্হিৰ মুগাৰ সাজ পিন্ধি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ আইমী বৰুৱাৰ - Cannes Film Festival 2024

AIMEE BARUAH IN CANNES: মুগাৰ মেখেলা-চাদৰ পিন্ধি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিলে আইমী বৰুৱাই । দুশ বছৰীয়া পুৰণি ফুল বছা মুগাৰ সাজ, হাতত গামখাৰু পিন্ধি অসমীয়া স্বাভিমান গামোচা লৈ প’জ দিয়া দেখা গ’ল অভিনেত্ৰীগৰাকীক ৷

author img

By ETV Bharat Entertainment Team

Published : May 19, 2024, 10:00 PM IST

CANNES FILM FESTIVAL 2024
AIMEE BARUAH IN CANNES (Social Media)

গুৱাহাটী, 19 মে’: মুগাৰ সাজ পৰিধান কৰি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিলে অভিনেত্ৰী আইমী বৰুৱাই । এই সন্দৰ্ভত এক ফেচবুক পোষ্টযোগে অভিনেত্ৰীগৰাকীয়ে সদৰী কৰে, "তৃতীয়বাৰৰ বাবে Cannes Film Festival ৰ ৰেড কাৰ্পেটত খোজ দিওঁতে এইবেলিও নিজৰ পৰিচয়-স্বাভিমান লৈ সগৌৰৱেৰে এগৰাকী অসমীয়া হিচাপে খোজ দিলোঁ । দুশ বছৰীয়া পুৰণি ফুল বছা মুগাৰ সাজ, হাতত গামখাৰু, অসমীয়া গামোচা, ৰিহা আৰু খোপাত কপৌফুলেৰে Cannes Film Festivalৰ ঐতিহ্যৰে ভৰা ৰেম্পত আমাৰ ঐতিহ্য-গৌৰৱক সাৱটি, অসমবাসীৰ আশিস শিৰত লৈ খোজ থৈ নথৈ আপ্লুত হ’লোঁ ।"

উল্লেখযোগ্য যে ডিজাইনাৰ মমিতা শৰ্মাই প্ৰস্তুত কৰি উলিওৱা গজ বুটা আৰু গাম খাৰুৰ দৰে প্ৰাচীন অসমীয়া ডিজাইনেৰে সু-সজ্জিত মুগাৰ মেখেলা-চাদৰ পিন্ধি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটৰ ওপৰত খোজ দিয়ে অসমৰ প্ৰখ্যাত অভিনেত্ৰী আইমী বৰুৱাই । মুগা সূতাক এক বিলাসিতা হিচাপে গণ্য কৰা আহোম ৰাজবংশৰ সময়ৰ পৰাই সু-পৰিচিত অসমৰ এক প্ৰাচীন শৈলী, গজ বুটা আৰ্হি হৈছে মূলতঃ বৈশিষ্ট্যপূৰ্ণ ফুল আৰু জ্যামিতিক আকৃতিৰ জটিল সংমিশ্ৰণ ।

লগতে পঢ়ক: কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় তাৰকাৰ চমকলগা ৰূপ - Cannes 2024

যুগমীয়া এই সৃষ্টিশীলতাৰ প্ৰতি মানুহৰ আকৰ্ষণ আজিও কমা নাই । এই ডিজাইন অসমৰ চহকী সাংস্কৃতিক আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতীক । একেদৰে গাম খাৰু হৈছে জীপাল অসমীয়া সংস্কৃতিৰ বুকুত গভীৰভাৱে শিপাই থকা সমৃদ্ধি আৰু সুৰক্ষাৰ পৰম্পৰাগত প্ৰতীক ।

ডিজাইনাৰে পাঁচবিধ ভিন্ন সূতা আৰু ৰং ব্যৱহাৰৰ জৰিয়তে এড়ী, কপাহ আৰু গুণা সূতাৰ মিশ্ৰণেৰে জটিল আৰ্হি তৈয়াৰ কৰি মুগা ৰেচমী মেখেলা-চাদৰত ঐতিহ্যপূৰ্ণ গজ বুটা ডিজাইন আৰু গাম খাৰু শিল্পক নিপুণভাৱে সংযুক্ত কৰিছে । এই সৃজনশীলতাই অসমৰ হস্ততাঁত উদ্যোগৰ শিল্পকলা আৰু কাৰুকাৰ্যক উজলাই তুলিছে ।

লগতে পঢ়ক: কাঁ 2024ৰ ৰেড কাৰ্পেটত প্ৰথম অতিথি চাৰিঠেঙীয়া নোমাল মেছি - Cannes Film Festival Red Carpet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.