ETV Bharat / entertainment

মিৰ্জাপুৰ ৩ৰ সফলতা কামনাৰে বাৰাণসী ভ্ৰমণ শ্বেতা ত্ৰিপাঠীৰ - Mirzapur 3 Shweta Tripathi as Golu

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 7:55 PM IST

Shweta Tripathi as Golu in Mirzapur : মিৰ্জাপুৰ ৩ ৰ মুক্তিৰ পূৰ্বে শ্বেতা ত্ৰিপাঠীয়ে কামনা কৰিছে সফলতাৰ ৷ চিৰিজটোত তেওঁৰ চৰিত্ৰৰ বিষয়ে উল্লেখ কৰি শ্বেতাই কয় যে তেওঁ এতিয়া গলু ডন নামেৰেই পৰিচিত ।

Ahead Of Mirzapur 3 Release, Shweta Tripathi Talks About Her Character, Being Known as 'Golu Don'
বাৰাণসী ভ্ৰমণ শ্বেতা ত্ৰিপাঠীৰ (ETV Bharat)

চিটাৰা ডেস্ক, 29 জুন : ৫ জুলাইত মুক্তি পাবলগীয়া মিৰ্জাপুৰ ৩ৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ বাৰাণসী ভ্ৰমণ কৰে অভিনেত্ৰী শ্বেতা ত্ৰিপাঠী শৰ্মাই । শ্ব’টোৰ মুক্তিৰ পিচদিনাই তেওঁৰ জন্মদিনক লৈয়ো উত্তেজনা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ শ্বেতাই ধাৰাবাহিকখনৰ প্ৰতি দৰ্শকৰ মৰমৰ শলাগ লৈ বাৰাণসীত স্থানীয় ৰাইজৰ উষ্ম আদৰণি বাৰুকৈয়ে উপভোগ কৰে ।

জনপ্ৰিয় ষ্ট্ৰীমিং ধাৰাবাহিক মিৰ্জাপুৰৰ তৃতীয় ছিজনৰ বাবে সাজু হোৱা অভিনেত্ৰী শ্বেতা ত্ৰিপাঠীয়ে শনিবাৰে বিশেষ ভ্ৰমণ কৰে বাৰাণসীত । এটা সংবাদ সংস্থাৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ উল্লেখ কৰে যে ৫ জুলাইত প্ৰিমিয়াৰ হ’বলগীয়া মিৰ্জাপুৰ ছবিখনৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰে তেওঁ । তৃতীয় ছিজনৰ মুক্তিৰ পিচদিনা ৬ জুলাইত অভিনেতাগৰাকীয়ে উদযাপন কৰিব জন্মদিন ।

যৌনতাৰ প্ৰতি তেওঁৰ মুক্ত মনোভাৱেৰে গলুৱে দৰ্শকক আকৰ্ষণ কৰিছিল ৷ এই চৰিত্ৰটোৰ বাবে মানুহে বি ডি এছ এমৰ বিষয়বস্তু অন্বেষণ কৰিবলৈ লয়, পূৰ্বৰ চিজনত গলুৰ এই সাহসী চৰিত্ৰ আমি সকলোৱে উপভোগ কৰিছো ।

বাৰাণসীত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে সোধাত শ্বেতাই মনত পেলাই যে কেনেদৰে স্থানীয় লোকে তেওঁক মৰমেৰে 'গলু দিদি', 'গলু দেৱী' আৰু 'গলু ডন' বুলি সম্বোধন কৰিছিল । মিৰ্জাপুৰ চিৰিজটোত এক প্ৰতিভাশালী দলৰ সৈতে সহযোগিতা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা জনাই শ্বেতাই ।

শ্বেতাই শ্ব’টোৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয়, "মিৰ্জাপুৰৰ প্ৰতি তেওঁলোকে যি ধৰণৰ মৰম দেখুৱাইছে তাৰ বাবে মই দৰ্শকৰ প্ৰতি কৃতজ্ঞ । মই এনেকুৱা মানুহো চিনি পাওঁ যিয়ে ১৫ বা ২৫ বাৰলৈকে এই চিৰিজ চাইছে । আপুনি কোনো শ্ব’ বা ছবিৰ বাবে সদায় এনে ধৰণৰ সঁহাৰি প্ৰত্যক্ষ নকৰে ।"

গুৰমীত সিং আৰু আনন্দ আয়াৰৰ নেতৃত্বত নিৰ্মিত মিৰ্জাপুৰ ৩ ত পংকজ ত্ৰিপাঠী, বিজয় বাৰ্মা, আলী ফজল, শ্বেতা ত্ৰিপাঠী আৰু ৰসিকা দুগাল আদিয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক : অৱশেষত মুক্তি পালে পংকজ ত্ৰিপাঠী-আলী ফজলৰ মিৰ্জাপুৰ ৩ ট্ৰেইলাৰ - Mirzapur 3 Trailer starcast

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.