ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ হালধি অনুষ্ঠানত বলীউডো হ’ল হালধীয়া - Anant Radhika haldi ceremony

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 4:42 PM IST

Anant-Radhika Haldi : ছলমান, ৰণবীৰ, অনন্যা, ছাৰাকে ধৰি সকলো উপস্থিত হয় ৰং-বিৰঙী আৰু হালধীয়া ৰঙৰ সাজেৰে ৷ হালধি অনুষ্ঠানটো তাৰকাৰ সমাহাৰেৰে জাকজমকীয়া হৈ পৰে ৷

Ahead of Anant-Radhika Wedding, Salman, Ranveer, Ananya, Sara, Others Join Star-Studded Haldi - Watch
অনন্ত-ৰাধিকাৰ হালধি অনুষ্ঠান (ANI)

চিটাৰা ডেস্ক, 9 জুলাই : মাজত মাথো তিনিটা দিন ৷ গাত মাহ-হালধি সানি দৰা-কইনা সাজু হৈছে বিয়ালৈ ৷ এই বিয়াখনক লৈ মানুহৰ মাজত যথেষ্ট প্ৰত্যাশা দেখিবলৈ পোৱা গৈছে, কিয়নো বিয়াৰ পূৰ্বৰ অনুষ্ঠানবোৰ আড়ম্বৰপূৰ্ণ ৰূপে অনুষ্ঠিত কৰা হৈছে ৷

সংগীতানুষ্ঠানৰ পিচত এতিয়া হালধি অনুষ্ঠানৰ ফটো-ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ হালধি অনুষ্ঠানটো বলীউডৰ তাৰকাৰ সমাহাৰেৰে জীপাল হৈ পৰে ৷ ছলমান খান, ৰণবীৰ সিং, জাহ্নৱী কাপুৰ, ছাৰা আলী খান, অনন্যা পাণ্ডে আৰু অন্যান্য বি-টাউনৰ চেলেব্ৰিটীসকলে নিজৰ উপস্থিতিৰে অনুষ্ঠানৰ শোভা বৰ্ধন কৰে ।

অনন্ত-ৰাধিকা ১২ জুলাইত বিবাহপাশত আৱদ্ধ হ'ব । কেৱল বলীউডৰে নহয় টলীউডৰো বহু তাৰকা উপস্থিত থাকে এই অনুস্থানত ।

দক্ষিণৰ চলচ্চিত্ৰ নিৰ্মাতা এটলীও উপস্থিত হয় হালধি অনুষ্ঠানত ৷ অনুষ্ঠানত উপস্থিত হোৱাৰ সময়তে ছলমান খানক ক’লা ৰঙৰ পাঠানী কুৰ্তা পিন্ধা দেখা গৈছিল ।

কিন্তু কিছু সময়ৰ পাচতে তেওঁ হালধীয়া কুৰ্তা পৰিধান কৰি অনুষ্ঠানটোৰ লগত খাপ খাই পৰে । পাপাৰাজ্জীয়ে চিকন্দৰ বুলি সম্বোধন কৰোতে হাত জোকাৰি সকলোকে সম্ভাষণ জনাই তেওঁ ৷

আন এটা ভাইৰেল ভিডিঅ’ত হালধীয়া ৰঙৰ শাৰী আৰু ব্লাউজ পিন্ধা জাহ্নৱী কাপুৰক শিখৰ পাহাৰিয়াৰ ভাতৃ বীৰ পাহাৰিয়াৰ সৈতে দেখা যায় । আন এটা ভিডিঅ’ত আমি দেখিবলৈ পাওঁ জাহ্নৱীৰ সমসাময়িক ছাৰা আলী খান আৰু অনন্যা পাণ্ডেই শ্বাটাৰবাগৰ বাবে পোজ দিয়া ।

ছাৰাই ৰঙীন ক্ৰপ টপ আৰু লেহেংগা পিন্ধে, আনহাতে অনন্যাই এই অনুষ্ঠানৰ বাবে পাতল গোলাপী ৰঙৰ গাউন আৰু একেই ৰঙৰ দোপাট্টা বাছি লয় ।

হালধি অনুষ্ঠানত অংশগ্ৰহণ কৰা বলীউডৰ আন ছুপাৰষ্টাৰসকল হ'ল মানুষী চিল্লাৰ, ৰাহুল বৈদ্য, দিশা পাৰমাৰ, অ’ৰী, চলচ্চিত্ৰ নিৰ্মাতা এটলী আৰু অনন্তৰ খুড়ীয়েক কিংবদন্তি অভিনেত্ৰী টিনা আম্বানী, যাৰ সৈতে তেওঁৰ স্বামী, উদ্যোগপতি অনিল আম্বানীও উপস্থিত থাকে ৷

লগতে পঢ়ক : গাত হালধি লাগিলেই, মাজত মাথো আৰু কিছু সময় ৰাধিকাৰ শিৰত অনন্তৰ নামৰ সেন্দুৰ লাগিবলৈ - Anant Radhika Wedding details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.